Friday, 26 May 2017

প্ৰেমৰ সাধু



প্ৰেমৰ সাধু


বুৰঞ্জীৰ পাতৰ পৰা
এঙামুৰি দি উঠি বহিল এটা সাধু
সাধুটোৱে কৈ গ
প্ৰেমিক নৰকাসুৰৰ কথা
দূৰ্গাক বুকুভৰি ভাল পাইছিল বাবেই
অসাধ্যকো সাধ্য কৰি নৰকাসুৰে
একে ৰাতিৰ ভিতৰতে নিৰ্মান কৰিছিল প্ৰেমৰ খটখটি
আৰু দূৰ্গা
প্ৰতৰণাৰ নিকৃষ্ট খেল খেলি
হত্যা কৰিছিল প্ৰেমিক নৰকাসুৰক
সাধুটোৱে কৈ গ
ৰাৱনৰ নিস্বাৰ্থ প্ৰেমৰ কথা
যদিও ৰাৱনে হৰণ কৰিছিল সীতাক
সীতাৰ অনুমতিৰ অবিহনে দিয়া নাছিল এটাও খোজ
প্ৰকৃত প্ৰেমিক আছিল ৰাৱন
আৰু ৰাম
প্ৰেমৰ দোহাই দি বাৰে বাৰে ধৰ্ষন কৰিছিল সীতাক
সাধুটোৱে কৈ গ
ৰতীৰ কথা, সতী বেউলাৰ কথা
ঊষা-অনিৰুদ্ধৰ কথা, জংকী-পানৈৰ কথা
আৰু বহুতৰে...
যিসকলে প্ৰেমক পূজা কৰিছিল
সাধুটোৱে লগতে কৈ গ
একবিংশ শতিকাত প্ৰেমিক নৰকাসুৰ
প্ৰেমিক ৰাৱনক বিচাৰি
কিদৰে বাৰ ৰেষ্টুৰাৰ উন্মাদ যৌন নৃত্যৰতা
প্ৰেমিক-প্ৰেমিকাৰ ভৰিৰ গচকত ভাঙিছিল কঁকালৰ হাঁড়
আৰু তাৰ পিছৰে পৰা
সাধুটো নিখোজ হৈছিল বুৰঞ্জীৰ পাতত
কবি:-
ঞ্জন বৰ্মন

No comments:

Post a Comment