আখৰুৱাৰ ধাৰাবাহিক
উপন্যাস:ৰূপোৱালী মেঘৰ ছায়া: মে'২০১৭
খণ্ড-১৫
খণ্ড-১৫
সকলোৰে পৰীক্ষা
শেষ হ’ল৷আৰু মাথোঁ এসপ্তাহৰ পিছতেই জয়া বাইদেউ
হোষ্টেল এৰি যাবগৈ৷হোষ্টেলত এইকেইদিন দুখৰ ছাঁ
পৰিছে৷এজনী এজনীকৈ ফাইনেল য়েৰৰ ছাত্ৰীসকল হোষ্টেল এৰি একেবাৰে ঘৰলৈ গৈছেগৈ৷ইজনীয়ে সিজনীক ধৰি কান্দোন ধৰি ৰাখিব পৰা নাই৷হোষ্টেলৰ ৰান্ধনি শৰ্মা দা, বৰ্মণ দা, ৰীনা ডি,বাচন-বৰ্তন ধোৱা হেমা বাইদেউ,চিঠি-পত্ৰ দিয়া পিয়ন ডেকা দা, চকীদাৰ জুলী দা – সকলোৰে মনবোৰত দুখৰ চাপ, দুচকুত পানী৷সঁচাই হোষ্টেল জীৱন --
হাতেৰে গণিব পৰা মাথোঁ কেইটামান বছৰ
কিন্তু অতিশয় মূল্যৱান কেতিয়াও পাহৰিব নোৱাৰা যেন আপুৰুগীয়া বছৰ৷গতিশীল জীৱন বাটত সদায়ে হাত বাউলি মাতিব হোষ্টেল জীৱনে৷
:ঐ প্ৰাপ্তি, ব’লচোন টাউনৰ পৰা আহোঁগৈ, পাৰ্টিং গিফ্ট কিনোগৈ
মোৰো গিফ্ট কিনিব
লগা আছিল সেয়ে মই এবাৰতে মান্তি হ’লো৷দুয়োজনীয়ে কলেজ গেটৰ কাষত ৰৈ থকা
বিক্ৰমত উঠিলোঁগৈ৷টাউন পাই বিক্ৰমৰ পৰা নামিলোঁ আৰু বিৰিণাই মোক হাতত ধৰি আৰ্চিছ গেলাৰীলৈ লৈ গ’ল৷গেলাৰীৰ ভিতৰত সোমাই বিৰিণাই কাৰ্ড চাবলৈ লাগিল আৰু এখন কাৰ্ড হাতত উঠাই লৈ মোক সুধিলে –
:অ’ই প্ৰাপ্তি, এইখন কাৰ্ড প্ৰাঞ্জলৰ বাবে কিনিছোঁ, কেনে হ’ব ক’ছোন?
কাৰ্ডখন দেখি মোৰ চকু দুটা ডাঙৰ হৈ গ’ল৷জনা হোৱাৰ পৰা ভাবি অহা এটা প্ৰশ্নৰ মই যেন আজি উত্তৰহে পালোঁ তেনে লাগিল মোৰ!
এহাল প্ৰেমিক-প্ৰেমিকা৷প্ৰেমিকাৰ ওঁঠত প্ৰেমিকৰ ওঁঠ!!--- হৰি বিষ্ণু, এনেকুৱা কাৰ্ড দেখিলেই মোৰ লাজ লাগি যায়!কাৰ্ডৰ দোকানত এনে কাৰ্ড দেখিলে মোৰ মনত সদায়ে এটা প্ৰশ্নই খেলা কৰি গৈছিল – এনেকুৱা কাৰ্ড কোনে কাক দিয়ে বাৰু?দিয়াজনৰ বা লোৱাজনৰ লাজ নালাগেনে? এৰা, বিৰিণাৰ দৰে ছোৱালীয়েই এনে কাৰ্ড দিবলৈ সাহস কৰিব পাৰে!—সেইমুহুৰ্তত ভাবিলোঁ মই৷
:প্ৰাঞ্জলক তই এইখন কাৰ্ড দিবি?তোৰ লাজ নালাগে?
মোৰ কথাশুনি বিৰিণাই হাঁহি পেলালে৷
:মাইনা, তোমাৰ ওঁঠ চেপিলে এতিয়াও গাখীৰ ওলাব৷—বিৰিণাই মোক উদ্দেশ্যি কৈ উঠিল৷
বিৰিণাই মোক ঠাট্টা কৰিলে নে কি উদ্দেশ্যত ক’লে মই ধৰিব নোৱাৰিলোঁ৷আৰ্চিছ গেলাৰীৰ পৰা ওলাই আহোঁতে বিৰিণাই মোক ক’লে –
:তোক মই এটা কথা কোৱাই নাই৷এইবাৰ বাৰ্থডে’ত প্ৰাঞ্জলে মোক অৰ্ন্তবাস গিফ্ট দিছিল৷হোষ্টেলত কথাটো ওলাই পৰিব বুলি মই লুকুৱাই ৰাখিলোঁ৷জান’ প্ৰাপ্তি বিয়াৰ আগতেই প্ৰাঞ্জলৰ স’তে ফিজিকেল ৰিলেশ্যন ৰাখিবৰ মন যায় মোৰ!
বিৰিণাৰ কথা শুনি মোৰ লাজতে কাণ-মূৰ গৰম হৈ গ’ল –
:চুপ, আৰু এটা কথাও নক’বি৷তোৰ লগত আহিয়েই মই ভুল কৰিলোঁ৷তোৰ মূৰত যত’মানে গেলা গেলা কথাবোৰ সোমাই থাকে!
বিৰিণাক এৰি খৰকৈ খোজ দিব খোজা মোৰ হাতখন বিৰিণাই হঠাতে ধৰি টানিলে-
:ৰ’না প্ৰাপ্তি, তই বৰ কিউট অ’,ধেমালিকৈহে কৈছোঁ এইবোৰ… মোক এৰি নাযাবি প্লিজ, আৰু গিফ্ট কিনিবলৈ আছেই দেখোন আমাৰ!

দুইজনীয়ে
বজাৰ-সমাৰ কৰি গধূলী প্ৰাৰ্থনাৰ আগে আগে হোষ্টেল সোমালোঁ৷
ছাত্ৰী নিৱাসৰ গে’টৰ সমূখতে কলেজৰ দ্বিতীয়খন গে’ট৷কলেজ বাছৰ প্ৰথম ষ্টপেজটো দ্বিতীয়খন গে’টৰ পৰাই আৰম্ভ হয়৷আজিও চতুৰ্থ বৰ্ষৰ ল’ৰাকেইটামান হোষ্টেল এৰি যাবগৈ৷গধূলী আঠ বজাত বিদায় দিবৰ বাবে বহুতো ছাত্ৰ-ছাত্ৰী গোট খালে৷আমি দূৰৈৰ পৰাই চাই থাকিলোঁ সেই
বিদায়ৰ মুহুৰ্ত৷গীটাৰ বজাই বজাই ল’ৰাবোৰে চিঞৰি-বাখৰি ফূৰ্তি কৰিলে৷সকলোৱে
বুজিছিল আচলতে সেইয়া ফূৰ্তি নাছিল আছিল বিষাদ ঢকাৰ প্ৰয়াস মাথোঁ৷“অ’ই যাবি আৰু”, “ভালকৈ যাবি দেই”, “আমাক নাপাহৰিবি” আদি টুকুৰা টুকুৰ বাক্য কিছুমান আমাৰ
কাণত আহি পৰিলহি৷কোনোবাই কৰমৰ্দন কৰিলে, কোনোবাই আলিংগন কৰিলে আৰু গীটাৰৰ সুমধুৰ ধ্বনিৰে মুখৰিত হৈ থাকিল এন্ধাৰ-পোহৰৰ
মাজৰ কলেজৰ দ্বিতীয়খন গে’ট৷বিদায় মুহুৰ্তৰ কৰুণ সাক্ষী হৈ কলেজ বাছখনে ধীৰে ধীৰে গতি ল’লে৷বেথাভৰা হৃদয়বোৰ হোষ্টেল জীৱনৰ বিষাদ-মধুৰ স্মৃতি হৈ গুণগুণাই থাকিল৷
০০০০০০০০০
“পেহলি পেহলি বাৰ বলিয়ে, ডিল গয়ি হাৰ বলিয়ে
ৰাব্বা মেইনু প্যাৰ হ’ গ্যা
হাই, ডিল কা কৰাৰ খ’ গ্যা”…
---- আমাৰ ৱিঙত কোনোবাই গানটো প্ৰয়োজনতকৈ ডাঙৰ ভলিউমত লগাইছে৷মই গেষ্ট ৰূমত বাতৰি কাকতখন পঢ়ি উঠি চিৰিৰে ওপৰলৈ আহি আছিলোঁ৷মই গানটো অনুসৰণ কৰি গান বজোৱা ৰূমটোৰ কাষ পালোঁগৈ৷দুৱাৰ ঠেলি বিৰিণাৰ ৰূমত প্ৰৱেশ কৰিলোঁ মই৷মই দেখিলোঁ বিৰিণাই গাৰুত মুখ গুজি কান্দি আছে৷

মই বিৰিণাৰ পিঠিত
হাত থ’লেঁ৷আউলি-বাউলি চুলি, উদভ্ৰান্ত ৰঙা দুচকুৰে তাই মূৰ ডাঙি মোলৈ
চালে৷
:আজি প্ৰাঞ্জল গ’লগৈ প্ৰাপ্তি, মোৰ বৰ দুখ লাগিছে৷আজিৰ পৰা কাৰ স’তে ডেটিঙত যাম?মোৰ বুকু খালী কৰি সি গ’লগৈ৷—কথাখিনি কৈ বিৰিণা পুনৰ উচুপি উঠিল৷
:বিৰিণা, তই প্ৰাঞ্জলৰ স’তে প্ৰেম কৰিছ’, তোৰনো বুকু খালী কেনেকৈ হ’ল?সি তোৰ পৰা শাৰীৰিকভাৱে আঁতৰত থাকিব, কিন্তু মনৰ নিচেই কাষত থাকিব, হয় নে নহয়?

মোৰ কথা শুনি
বিৰিণা মনে মনে থাকিল, একো নক’লে৷তাই বাজি থকা গানটোৰ পিছে পিছে গুণগুণাই গালে ---
“তেৰে লিয়ে তেৰে লিয়ে
মৰতা হ্যে মাহিয়া
ফিৰ ভি জুডাই চে ডিল
দৰতা হ্যে মাহিয়া….
“তেৰে লিয়ে তেৰে লিয়ে
মৰতা হ্যে মাহিয়া
ফিৰ ভি জুডাই চে ডিল
দৰতা হ্যে মাহিয়া….
এবুকু বেথাভৰা
হৃদয়েৰে আমি জয়া বাইদেউক পিছদিনা বিদায় দিলোঁ৷জয়া বাক নিবৰ বাবে মাক-দেউতাক আৰু ভনীয়েক আহিছিল৷মোৰ এনে লাগিছিল – মৰমৰ জয়া বাক বিদায় দিব নোৱাৰাকৈ সময়বোৰ চিৰদিনৰ বাবে যেন ইয়াতেই ৰৈ
যাওক৷কিন্তু শুনিবনে গতিশীল সময়ে মোৰ
এই আকুলতা ভৰা আবেদন!নুশুনে,কেতিয়াও নুশুনে….! (আগলৈ)
কবি:-
ණমৌচুমী বৰি ।
No comments:
Post a Comment