Wednesday, 24 May 2017

সাহা ছাৰණ প্ৰতীক্ষা প্ৰিয়ম



'সাহা ছাৰ'

সাহা ছাৰৰ চকুহালে মোক আজিও খেদি ফুৰে। পৃথিৱীৰ সমস্ত কাৰুণ‍্য, সৰলতা, চঞ্চলতা একেলগে থুপ খোৱাহি সেই চকুযুৰিক এটা সামান‍্য গল্পৰ মাজত আবদ্ধ কৰি ৰখাটো মুঠেও সম্ভৱ নহয়। মোৰ একান্তই ব‍্যক্তিগত মূহূৰ্তবোৰত যাৰ অস্তিত্বৰ অনুভৱ তেওঁক অহৰহ কঢ়িয়াই লৈ ফুৰাটো এক প্ৰকাৰ আত্মগৌৰৱ। চকুযুৰিৰ কথা মনত ৰাখিলেও সময়ে হয়তো আভাসো নাপাব তেওঁৰ বিশাল ব‍্যক্তিত্বৰ অথবা পাহৰি পেলাব। আৰু তেওঁৰ প্ৰেম? প্ৰেমিক আছিলনে তেওঁ? সকলোৱে যাক নিজৰ কৰিব বিচাৰে তেওঁ প্ৰকৃততে কাক নিজৰ কৰি ৰাখিব বিচাৰিছিল? হিয়াৰ নিভৃত কোণত সজাই ৰাখিছিল নেকি কাৰোবাৰ প্ৰতিচ্ছবি? কোনেও নাজানিব। মই জানোঁ, সেইবাবেই এই আয়োজন!
ব‍্যস্ত চহৰখনত তেতিয়া মই নতুন। অচিনাকি চহৰ, আও ভাও নোপোৱা কথা বতৰা, কোনোবাই লগ নধৰালৈকে অকলশৰে ক'তো ওলাই মেলি নাযাওঁ। বেছিভাগ সময় কোঠাৰ ভিতৰতে, পাঠ‍্যক্ৰমৰ কিতাপকেইখন লুটিয়াই বগৰাই থাকোঁ --সেইসময়ত তো পৰীক্ষাত নম্বৰকেইটা কেনেকৈ বেছি পাব পাৰি তাৰেই চিন্তা। আজৰি সময়খিনিত গ্ৰাউণ্ড ফ্লৰৰ পৰা দহটকীয়া চাহৰ গিলাচ এটা হাতত তুলি খিৰিকীৰ কাষত বহি লৈ ইপাৰৰ দিগবলয়লৈ চাই পঠিয়াই অসমখন নো কিমান দূৰৈত এৰি থৈ আহিলোঁ‌ তাৰে সাম‍্যক ধাৰণা এটা আনিব পৰাকে' গুণা গঁথা কৰি থাকো। দুৰন্ত গতিৰ ৱাইফাইটোৱেও মোক কোঠাটোৰ সৈতে বান্ধি ৰাখে। সময়বোৰ পাৰ হয় এনেদৰেই।
এনেকুৱাতে এদিন প্ৰিয়াই লগ ধৰিলে, গধূলিৰ চাহকাপ মোৰ স'তে একেলগে খাব খোজে।
হাতত দুকাপ ধোঁৱা বলি থকা গৰম কফি লৈ আমি ৰাস্তাৰে অহা যোৱা কৰা মানুহ চাব পৰাকৈ খিৰিকীৰ কাষৰ দুজনীয়া টেবুলখনত মুখামুখিকৈ বহি পৰিলো।
জুলাই মাহ। বৰষুণ দি আছিল বাবে গৰমৰ চিন মোকাম নাই। দিনটো নেৰানেপেৰা বৰষুণ দি থকাৰ ফলত আবেলিলৈ সেঙেতা জাৰ এটাই হাত ভৰিবোৰ কোঙা কৰি পেলাইছিল। আনকাল হোৱা হ'লে ক'ল্ড কফি নহলেবা আইচক্ৰীম খালো হয়, সেইদিনা আছিল গৰম কফি ফুৱাই ফুৱাই খোৱাৰহে বতৰ। প্ৰথমটো চুমুক মাৰি প্ৰিয়াই মোৰ ফালে চালে -- প্ৰিয়া পাঞ্জাৱী ছোৱালী, ধুনীয়া। দুষ্ট হাঁহি এটাই অনবৰতে ওঁঠত খেলা কৰি থাকে, চকুত কাজলৰ ঘন প্ৰলেপ। তাইৰ নাঙঠ চকু দেখা পোৱা মোৰ মনত নপৰে। মই তাইৰ চকুলৈ চোৱাত তাই এটা চকু টিপ মাৰি পঠিয়ালে।
অত‍্যন্ত কায়দা কৰি মৰা চকু টিপটোত মোৰ হাঁহি উঠি গ'ল।
---- আৰু ক খবৰ। কেনে লাগিছে ইয়াত থাকি?
----
ভালেই।
----
সময় লাগিব। অভ‍্যস্ত হৈ যাবি।
----
ওম।
----
সাহা ছাৰক লগ পাইছনে নাই? তহঁতৰ ক্লাছ লয়?
----
নামটো শুনিছোঁ, লগ হে পোৱা নাই।
----
পাবি পাবি। হি ইজ এমেজিং।
সেইবাৰেই সাহা ছাৰৰ নামটো মোৰ কাণলৈ প্ৰথমবাৰ বাগৰিছিল।
পুৱা ন বাজিছে। ন পোন্ধৰৰ পৰা ক্লাছ। আনদিনাতকৈ অলপ সোনকালে গৈ পালো, লগৰ কোনো অহা নাছিল। বিশেষ একো কাম নথকাত আন জিমনকৈ খটখটীটোতে বহি পৰিলো। মনৰ চকুৱেদি চিনাকি অচিনাকি অনেক প্ৰতিচ্ছবি পৰিভ্ৰমণ কৰাত লাগিল। কল্পনাবিলাস কৰি ভ্ৰমি ফুৰা মইজনীক খটখটীয়েদি উঠি অহা 'খটক খটক' স্পষ্ট শব্দ এটাই বাস্তৱ জগতলৈ ঘূৰাই আনিলে।
পেঙৰ ভেঁজা লৈ মানুহজন উঠি আহিছে। সোঁ ভৰিটোত প্লাষ্টাৰ। ভৰ দি উঠি আহোতে ওঁঠযোৰ জোৰত চেঁপি ধৰিছে, চেলাউৰিৰ মাজভাগত কপালখন আহি থুপ খাইছেহি। খপজপকৈ বহাৰ পৰা উঠি তেওঁৰ বাহুত লাহেকৈ ধৰিলো। 'না না! মই পাৰিম। আগতকৈ পৰা হৈছো।' পুনৰ বহি পৰিলোঁ‌। খুব লাহে লাহে তেওঁ চিৰিটো বগাইছে। ওখই প্ৰায় ছফুট মান হ', দীৰ্ঘদেহী মানুহজন পেঙত ভৰ দিওঁতে সামান‍্য হাউলিব লগীয়াত পৰিছে।
চিৰিটো বগাই উঠি তেওঁ মোৰ ফালে মুখ ঘূৰালে -- 'ক্লাছ নাই?' পুৰুষসুলভ সুন্দৰ মুখাৱয়ব। আৰু চকুযুৰি..আস! আয়তাকাৰ চকুযুৰিত উদ্বিগ্নতা মিহলি ভাবুক চাৱনি। এই যেন সমস্ত সঁপি দিব কাৰোবাক, উপচাই দিব মৰমেৰে। 'ছল্ট এণ্ড পিপাৰ' বিশৃংখল চুলিৰে মানুহজনক কিছুদিন আগেয়ে পঢ়া গল্প এটাৰ পৰা উঠি অহা মূল প্ৰটাগ'নিষ্ট জন যেন লাগি গৈছিল। ক্ষন্তেক সময়ৰ বাবে তধা লাগিলো।
-----
আৰ য়ু লিছেনিং? ক্লাছ নাই নেকি?
-----
আছে ছাৰ।
-----
তেন্তে ইয়াত কি কৰি আছা? যোৱা ক্লাছ কৰাগৈ।
------
গৈছোঁ।
------
মন বেয়া যদি টেক এ ব্ৰেক।
------
' ছাৰ থেংক ইউ। আই এম ফাইন।
------
অল দা বেষ্ট দেন।
মানুহজন গুচি গ'ল।
উজাই আহিল ভাল লগাৰ সোঁত। স্বয়ং শিক্ষাগুৰুৱে মোক ক্লাছ কৰিবলৈ মানা কৰিছে, নিয়মমাফিকতাৰ পৰা এটা দিন অব‍্যাহতি লবলৈ কৈ গৈছে। ইয়াতকৈ স্ফূৰ্তিৰ কথা আৰু কি হব পাৰে?
পিছে ক্লাছলৈ মই নোযোৱাকৈ নাথাকিলো, ৰূমটোলৈ সোমাই প্ৰথম বেঞ্চখনতেই বহি পৰিলো। আচৰিত ধৰণেৰে সেইদিনা প্ৰথম ক্লাছটো মই লগ পোৱা ছাৰজনৰেই আছিল। এইটো আছিল আমাৰ স'তে তেওঁৰ প্ৰথম ক্লাছ। ক্লাছত সোমায়ে আমাৰ চকুৱে চকুৱে পৰাত বৰ আমোদ পোৱাৰ দৰে মিচিকিয়া হাঁহি বিৰিঙাই তেওঁ মোলৈ চালে‌। অহেতুক লাজ এটাত মই মূৰ তললৈ কৰিলো। পাঠদানৰ আৰম্ভণিতে নিজৰ পৰিচয় দিয়াতহে গম পালো এইজনেই যে সেই সাহা ছাৰ যাৰ কথা প্ৰিয়াই কৈছিল। সেইদিনা ছাৰে কিনো পঢ়ালে খুব মনোযোগ দি বুজিবলৈ চেষ্টা কৰিলোঁ‌ । অত‍্যন্ত আমনিদায়ক বিষয় এটা ছাৰে আমাক পঢ়ুৱাইছিল; সহপাঠী আটাইকেইজনৰ হামিয়াই হিকটিয়াই তৎ নাই। মোক বান্ধি ৰাখিব পৰাকৈ পাঠটি আকৰ্ষণীয় নাছিল, কিন্তু বান্ধি ৰাখিছিল সাহা ছাৰৰ উপস্থিতিয়ে। আনৰ বাবে প্ৰচণ্ড তিক্ততালৈ পৰিণত হোৱা ক্লাছটো মোৰ বাবে যেন কোনোদিনাই অন্ত নপৰক, এনে লাগিবলৈ আৰম্ভ কৰিছিল।
ৰুমমেট নেহাক মই দিনটোত ঘটা প্ৰায় সকলো কথায়েই ভগাই কওঁ, সেইদিনা আবেলিলৈ সাহা ছাৰৰ লগত হোৱা আকস্মিক সাক্ষাতৰ কথাও কলোঁ‌, প্ৰথমে তাই মোক কিবা কিবি কৈ জোকাই চালে। তাৰপিছত ক'লে, ''সাহা ছাৰক ভাল পোৱা ছোৱালীৰ এই ডিপাৰ্টমেণ্টত অভাৱ নাই, আৰু ছাৰে সকলোৰে লগত সমানে ঘনিষ্ঠতা ৰক্ষা কৰি চলে। মানুহজন ফ্ৰী মাইণ্ডেড। ওফাইদাং মৰা স্বভাৱ, অহমিকাবোধ -- এইবোৰ একো নাই। বন্ধুভাৱাপন্ন মনোভাৱ। তই যদি সঁচাকৈয়ে তেওঁৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছ তেনেহ'লে তেওঁ পঢ়োৱা বিষয়ত ভাল নম্বৰ পাই দেখা। বুজিলি।''
কথাকেইটা মনত ৰাখি থৈছিলো।
নিয়াৰিকৈ কৰিছিলোঁ সাহা ছাৰৰ ক্লাছবোৰ। আটাইতকৈ আমনিদায়ক বিষয়টোৰ প্ৰতিও মোৰ কৌতুহল আৰু আন্তৰিকতা দেখি বন্ধুমহলে তবধ মানে। কিন্তু মই যে কাকো ক পৰা নাছিলোঁ, এই আয়তাকাৰ চকুযুৰিয়ে মোক একপ্ৰকাৰ টানি থাকেমই সোমাই গৈ থাকোঁ তেওঁৰ দুনয়নস্থিত অটল গহ্বৰলৈ, দিক্ বিদিক হেৰুৱাওঁ.. , ডুবি গৈ থাকোঁ, তলি নাপাওঁ। যেতিয়াই সেই চকুযুৰিয়ে মোলৈ চাই পঠিয়ায় মোৰ চৌপাশৰ পৃথিৱীখন স্থিতিহীনতাত ভোগে। কৃষ্ণগহ্বৰৰ দৰে সাহা ছাৰৰ দুচকু।
কথাবিলাক একেদৰেই চলি থকা হলে হয়তো কোনো আহুকালেই নাছিল। সুকলমেই পাৰ কৰিলো নিলোহেঁতেন সাহা ছাৰৰ প্ৰত‍্যেকটো ক্লাছ,সকলোৰে অজ্ঞাতে দিনটোৰ পঞ্চল্লিছ মিনিট এহাল চকুৰ গভীৰতাত সাঁতুৰি নাদুৰি ককবকাই থাকি 'লোহেঁতেন...।
--- ''মিঃ সাহা, আপোনাৰ পৰা এনে আচৰণ আশা কৰা নাছিলোঁ‌। তাকো এনেকুৱা সময়ত? ইয়েৰ এণ্ডিঙলৈ তো বাট চাব পাৰিলেহেঁ‌তেন।'' চহী এটা বিচাৰি ডাইৰেক্তৰ ছাৰৰ কেবিনলৈ যাওঁতে কেবিনৰ বাহিৰত ডাইৰেক্তৰৰ মাতষাৰ শুনা পালো। শুনি বাহিৰতে ৰৈ দিলো, ভিতৰৰ কথোপকথনৰ টুকুৰা ওফৰি আহি মোৰ কাণত পৰি থাকিল।
---- "
কিন্তু মই যে অসহায় মিষ্টাৰ ভৰদ্বাজ।" - সাহা ছাৰৰ মাত সেয়া।
--- Didn't expect such behaviour Mr. Saha. Totally irresponsible.
কেবিনৰ পৰা ওলাই অহা ছাৰে বাহিৰত মোক ৰৈ থকা দেখি শেঁতা হাঁহি এটা মাৰি আঁতৰি গ'ল। মই তেওঁ যোৱাৰ দিশে চাই থাকিলো, পেঙডাল নোহোৱাকৈ খোজ কাঢ়িব পৰা হৈছে মানুহজন। চকুৰ গুৰিকেইটা ক'লা পৰিছে। আগতকৈও যেন বিশৃংখল হৈ উঠিছে তেওঁ, এটা ডিষ্টাৰ্বেঞ্চৰ মাজেদি জীৱন নিৰ্বাহ কৰিব লগীয়াত পৰিছে -- এনে লাগিল।
সেই ৰাতি মোৰ টোপনি নাহিল। বিচনাখনতে ইকাটি সিকাটি কৰি থাকিলো। বহু দূৰ দূৰণিৰ পৰা যেন ভাঁহি আহিছে বাঁহীৰ কৰুণ সুৰ। বিভাগীয় ডাইৰেক্তৰ ভৰদ্বাজ ছাৰৰ কথাকেইটা কাণত বাজি থাকিল, চকু মুদিলেই দেখা পাওঁ সাহা ছাৰে মাৰি থৈ যোৱা ম্লান হাঁহিটো আৰু সেই অসহায় মুখখন। ছাৰক মই সদায় কল্পনা কৰোঁ‌ কলিকতাৰ কোনো এক গ্ৰন্থাগাৰৰ মেজ চকীত বহি কেলকুলাছ নহলেবা মলিকিউলাৰ অৰ্বাইটেল থিয়ৰীৰ সৈতে একাত্ম হৈ পৰা। কথাবিলাকৰ পৰা তেওঁৰ সাহিত‍্যতো ৰাপ আছে যেন বোধ হয়। ছাৰে কি শুনি ভাল পায়? প্ৰিয় খাদ‍্য? ছাৰৰ পৰিয়ালত আৰু কোন কোন আছে? ছাৰৰ মেজাজ কেনেকুৱা? ব‍্যক্তিগত জীৱনক লৈ তেওঁ সুখীনে? নিজৰ বাবে সময় ওলিয়াব পাৰেনে তেওঁ? জোৰত চকুকেইটা মুদিবলৈ চেষ্টা কৰিলো, টোপনি নাহিল।
ইতিমধ‍্যে মোৰ জীৱনলৈ বিজয় আহিছিল। বিজয় কুমাৰ কুন্তল। মই গম নোপোৱাকৈয়ে কুৰুকি কুৰুকি সোমাই আহি সি মোৰ হৃদয়ৰ সেই বিশেষ সঞ্চিত স্থান দখল কৰিবলৈ সক্ষম হৈছিল। বিজয় হাৰিয়ানাৰ লৰা, পৰিয়াল থাকে চণ্ডীগড়ত। অসমীয়াৰ বাহিৰে বেলেগ লৰাৰ প্ৰেমত নপৰোঁ বুলি ভাবি থকা মইজনী নতজানু হৈ পৰিছিলোঁ বিজয়ৰ মৰমৰ সন্মুখত। অৱশ‍্যে মোক পাবলৈ বিজয়েও কমখন কচৰৎ কৰা নাছিল। বহুত ভাবি চিন্তিহে তাক আদৰি আনিছিলোঁ‌। ক্ৰমান্বয়ে মোৰ পৃথিৱীখন বিজয়ময় হৈ পৰিছিল। তাৰ উপস্থিতিয়ে ক্ষন্তেকলৈ পাহৰাই ৰাখিছিল সাহা ছাৰৰ কথা। সেই কৃষ্ণগহ্বৰ যেন দুচকুৱে খান্দি পেলোৱা মোৰ বুকুৰ খাদ যেন বিজয়ে আহি পুৰাই পেলাইছিল। এই সকলোবোৰৰ পিছতো সাহা ছাৰে চকুৰ আগত ধৰা দিলেই মই দুৰ্বল হৈ যাওঁ, সেই দুচকুৰ চৌম্বকত্বই মোক সাতহাত দূৰৈৰ পৰাই টানি নিব পাৰে।
বিজয় তেতিয়ালৈ মোৰ জীৱনৰ এক অবিচ্ছেদ‍্য অংগ। ৱিকেণ্ডবিলাক হৈ উঠিছিল ৰঙীন, সঁজাল ধৰা যৌৱন একোটাৰ গৰাকী আছিলোঁ‌ আমি। নব‍্যপ্ৰেমত উন্মত্ত আমিদুটাই চহৰখনৰ কোনো এটা চুকেই বাদ পেলোৱা নাছিলোঁ। সকলোতে আমাৰ প্ৰেমৰ অবাধ গতি। কথাবিলাক বৰ খৰতকীয়াকৈ আগবাঢ়িছিল। ইতিমধ‍্যে মই ড্ৰিংকছ কৰিবলৈ আৰম্ভ কৰি দিছিলোঁ। লুকাই চুৰকৈ নিজৰ কোঠাত বিচনাৰ তলত মদৰ বটল ভৰাই থৈ দিওঁ। ৰঙীন পানীয়ৰ নিচাত সপ্তাহটোৰ অৱসাদ দূৰ কৰিবলৈ সক্ষম হলোঁ। বিজয়ৰ উপস্থিতিত যেন মোৰ পৃথিৱীখন সহজ হৈ পৰিছিল, খোলা এটা ফালি ওলাই অহা মোৰ কুমলীয়া মনটোৱে মানিবলৈ পাহৰিছিল কোনো হকা বাধা। হোষ্টেলৰ নিয়মবিলাকো অমান‍্য কৰি ভাল পাইছিলো, ভাবুকিও দিছিল উলিয়াই দিয়াৰ; মদৰ নিচাই সকলো পাহৰাই ৰাখিছিল। এদিন মাজনিশা বাৰ বজাত ৱাৰ্ডেনে মোক হোষ্টেলৰ পৰা উলিয়াই দিলে। সেইদিনা বিজয় গুজৰাটত, তাৰ স্কুলীয়া বন্ধুৰ বিয়া। প্ৰিয়াই মোৰ সমস্ত দায়িত্ব বহন কৰিছিল। ৰাতি ৰাতি অলৈ তলৈ ফোন কৰি মোৰ বাবে ওচৰৰে পি.জিৰ ৰুম এটা ঠিক কৰি দিছিল। হোষ্টেলৰ বাহিৰৰ পৃথিৱীখন ৰৈ আছিল মোৰ বাবে, মই অনিয়ন্ত্ৰিত হৈ পৰিছিলোঁ। অৱশ‍্যে পঢ়া শুনাটো যে ঠিকমতে বজাই ৰাখিব লাগে সেইটো পাহৰি যোৱা নাছিলো। হয়তো সম্পূৰ্ণৰূপে নিজক এৰি দিবও পৰা নাছিলোঁ‌ মই মা দেউতাৰ মুখ দুখনে অগা দেৱা কৰি থাকিছিল।
শুক্ৰবাৰৰ নিশাবোৰ কেৱল বিজয় আৰু মোৰ বাবে। সন্ধিয়া লাগিলেই মোৰ গাত উথপ থপ লাগে। গাত লিপিট খাই পৰা বডীকন ড্ৰেছ আৰু প্ৰসাধন পৰিধান কৰি মই বাট চাইছিলোঁ বিজয়ৰ গাড়ীখন আহি মোৰ পি.জিৰ বাহিৰত ৰোৱাৰ। মোৰ জীৱনশৈলী, ৰেহ ৰূপ তেতিয়ালৈ বহুত সলনি হৈছিল। কঁকাললৈকে বৈ পৰা চুলিখিনি কান্ধত পৰাকৈ কাটি পেলাইছিলোঁ‌, কাৰণ বিজয়ে চুটী চুলি ভাল পাইছিল। উগ্ৰ প্ৰসাধনেৰে পুৱা গধূলি চকুৰ তলৰ আলস‍্যতা লুকুৱাইছিলোঁ, সলনি হৈছিল ৱাৰ্ড্ৰৱ, সাধাৰণ স্পেগেটি আৰু নিকাৰ পিন্ধিয়েই কোঠাৰ বাহিৰলৈ ওলাই যাব পৰা হৈছিলোঁ। নিজক লৈ সচেতনতা যিমানেই বৃদ্ধি পাইছিল আনহাতে সিমানেই বৃদ্ধি পাইছিল অনিয়ন্ত্ৰিত মদ‍্যপান।
শুক্ৰবাৰৰ নিশাটোৰ গেট আপ বহুত ভাবি চিন্তি কৰিছিলোঁ, বিজয়ে যাতে অলপো মনত আঘাত নাপাওক। অপচন্দ হলেই সি মোক কৈছিল – –
--- এইবোৰ কি পিন্ধি আহিছা, বেহেনজী টাইপ দেখাইছে। এতিয়াই যোৱা সলাই আহাগৈ।
মই আহত হৈ পৰোঁ।
বিজয় যেন মোৰ যুগ যুগান্তৰৰ তপস‍্যাৰ ফল, এনেদৰে সামৰি ৰাখিছিলোঁ তাক। সকলো কৰিম তাৰ বাবে, পাহৰি পেলাম নিজকো, বিসৰ্জন দিম নিজস্বতা।
নাইট আউটবিলাকত সাধাৰণতে আমি কোনো হোটেলৰ ৰূম বুক কৰিছিলোঁ। বিজয়হঁত মালদাৰ মানুহ, পইচাৰ আকাল নাই, মন গলেই যিকোনো ফাইভ ষ্টাৰ হোটেলৰ দামীতকৈও দামী কোঠা বুক কৰি পেলাব পাৰে। সাধাৰণতে সি তাৰ লগৰ বন্ধুকেইজনৰ সৈতে মোক চিনাকি কৰাই দিয়া নাছিল। মই বহুতবাৰ সুধিছিলোঁ তাক তাৰ ঘৰখনৰ কথা, বন্ধুবিলাকৰ কথা; কিন্তু পৰিচয় কৰাই দিয়াত সি অপাৰগ। "সোণজনী, তুমি মোৰ বাবে বহুত মূল‍্যৱান। মোৰ লগৰকেইটা ইমান ভাল নহয়, তোমাৰ নিচিনা সুন্দৰী লগ পালে সিহঁতে তোমাক বেয়া দৃষ্টিৰে চাব আৰু সেইটো মই মুঠেও সহ‍্য নকৰিম।"
বিনাদ্বিধাই মই তাৰ সকলো কথা মানি লৈছিলোঁ।
নাইট আউটৰ নিশাবোৰত বিজয় মোৰ ওপৰত জপিয়াই পৰিছিল। মোৰ কোমল শৰীৰৰ খলা বমাবোৰত আছিল তাৰ অবাধ বিচৰণ। আনহে নালাগে গাড়ীৰ ভিতৰতো সি মোক শান্তি নিদিয়ে। বাৰেপতি মোৰ বুকুলৈ হাত নমাই অথবা দুভৰিৰ মাজভাগ খেপিয়াই ফুৰিছিল। ক্ৰমাৎ অভ‍্যস্ত হৈ গৈছিলোঁ তাৰ এই আচৰণত। মোৰ কোঠা ভৰি পৰিছিল কণ্ট্ৰাচেপ্টিভ পিলৰ পেকেটেৰে।
----- বিজয়, মোক তোমাৰ ঘৰলৈ লৈ বলা না, মা বাবুজীক লগ কৰিবলৈ খুব মন যায়।
-----
নিম নহয়, বাচোন। আগতে পৰীক্ষাটো ভালকৈ দিয়া।
-----
এনেকৈ দেৰি কৰি থাকিলে তোমাৰ ঘৰে বেলেগ ছোৱালী ঠিক কৰি দিব।
----
নকৰে, মই জানো তো।
দেওবাৰৰ নিশা। অলপ সময় আগতে বিজয়ে মোক ড্ৰপ কৰি থৈ গৈছে। পিছদিনা সোমবাৰ। দুটা নিশা আমি পুৰা উপভোগ কৰিলোঁ, ভাগৰ লাগিছিল মোৰ। প্ৰিয়াৰ ফোন আহিল। উঠাওঁ নুঠাওঁ কৈ ফোনটো উঠালোঁ‌, ফোঁপাইছে প্ৰিয়াই।
----
হেল্লো মাধুৰী, ত আছ?
----
এই যাষ্ট ঘৰ সোমাইছোঁহি। খবৰ ক।
---
খবৰ ভাল নহয়। তোক এতিয়াই লগ কৰিব খোজোঁ যাওঁনে?
---
এতিয়া? য়াৰ, এম টু মাচ্ছ এগজষ্টেদ। হেড এন অচাম নাইট আউট।
----
আই ডণ্ট ৱান্ট টু নএবাউট ইয়ৰ ফাকিং নাইট আউটছ্। প্লিজ মাধুৰী আই হেভ এন ইম্পৰটেণ্ট নিউজ টু টেল এণ্ড ইটছ এবাউট ইয়ৰ বয়ফ্ৰেণ্ড।
----
কি কব খুজিছ তই?
----
প্লিজ, লেট মি কাম অভাৰ।
গেটৰ পৰাই প্ৰিয়াই মোক জোৰত গবা মাৰি ধৰি এটা চকলেট আগবঢ়াই দিলে। মিল্ক চকলেট মোৰ প্ৰিয়, বিজয়ে খাবলৈ নিদিয়ে। কিন্তু প্ৰিয়াই অনা চকলেটটো ললোঁ‌। তাইক মই মোৰ কোঠালৈকে লৈ আনিলোঁ‌। বিছনাত গোটেইজনী ফোঁপাই জোপাই বহি পৰিল। "কি হৈছে নকৱ কিয়?"
পাৰ্ছটো খুঁচৰি প্ৰিয়াই ফটো একপি উলিয়াই আনিলে। কাৰোবাৰ বিয়াৰ ফটো, আটকধুনীয়া, সুসজ্জিত চোফা এখনত দৰা কইনা বিৰাজমান। কইনাৰ মুখখন ওৰণিৰে থুঁতৰিলৈকে ঢকা, চোফাৰ দুয়োকাষে দুজন বয়োজ‍্যেষ্ঠ লোকএজন পুৰুষ, এগৰাকী মহিলা। সাজ পাৰত হাৰিয়ানাৰ লোক যেন লাগে। দৰাজনৰ মুখলৈ কিয় জানো একেবাৰে শেষত চকু নিলোঁ, চিনাকি চিনাকি। এয়া দেখোন….এয়া বিজয়!
-----
কি দেখিছোঁ এইবোৰ?
-----
হি ইজ অলৰেডী মেৰিড‌।
----
অসম্ভৱএয়া কেতিয়াও হব নোৱাৰে। এইখন মৰ্ফ কৰা ফটো হয়।
----
অন্ধ হলি প্ৰেমত। তেনে এইখন চা।
তাই আৰু এখন ফটো উলিয়াই আনিলে, এইখনত বিজয়ে কইনাজনীক হোমৰ গুৰিত সেন্দুৰ পিন্ধাইছে। "ক এইখনো মৰ্ফ কৰা বুলি।"
মোৰ কাণ মূৰ গৰম হৈ গ'ল। হৃদস্পন্দন তীব্ৰ হৈ উঠিল। দুয়োহাতেৰে মুখখন ঢাকি ধৰিলো। সপোন নে বাস্তৱ এয়া? কি কৰোঁ এতিয়া মই..এইখন মৰ্ফ কৰা বুলি কোনোবাই কৈ দিয়ক না!
সকলো যেন হেৰাই গল। বিজয়লৈ ফোন লগাইছোঁ কিন্তু প্ৰথম দুবাৰ বিজি পালোঁ‌। তৃতীয় বাৰত ফোন উঠালে, দোৰোল খোৱা জিভাৰে সি উত্তৰ দিলে। মোৰ ওচৰৰ পৰা যাওঁতে তো সি নিচাসক্ত অৱস্থাত নাছিল, তাৰমানে মোক ঘৰলৈ যাওঁ বুলি ফাঁকি দি কৰবাত সোমাই আছেগৈ। মই উধাই মুধাই গালি পাৰিবলৈ আৰম্ভ কৰি দিলোঁ, হিতাহিত জ্ঞান হেৰুৱাই পেলাইছিলোঁ। সেইদিনা প্ৰিয়া নথকা হলে কিজানি মই নিজকেই শেষ কৰি দিলোহেঁ‌তেন। গোটেই ৰাতি প্ৰিয়াৰ বুকুত মুখ গুঁজি উচুপি থাকিলো।
বিজয়ক লগ কৰিলোঁ‌ পিছদিনা। মোৰ অৱস্থা তথৈবচ, গোটেই ৰাতি কন্দাৰ ফলত চকুৰ বাদু উখহিছিল, চুলি ফণিওৱা নাছিলোঁ, মুখত নাছিল কোনো প্ৰসাধন, আগদিনা পিন্ধা কাপোৰসাঁজ পিন্ধিয়েই ওলাই আহিছিলোঁ‌ ৰূমৰ পৰা। "এইবোৰ কি সঁচা বিজয়?"
ফটোদুখন মেলি ধৰিছিলোঁ তাৰ আগত। উচপ খাই উঠিছিল সি।
---- ধেৎ মিছা। এইবোৰ মৰ্ফ কৰা ফটো, ত পালা?
----
ত পালো সেইটো পিছৰ কথা।
----
ইমানকণো বিশ্বাস নাই নে মোৰ ওপৰত? ধুৰৰ..মোৰ লগৰেই কাৰোবাৰ কাম হব এইবোৰ..
----
চাওঁ, বাইলটো চাওঁ তোমাৰ।
----
হেই নেলাগে..
----"
দিয়া বুলিছোঁ, দিয়া"—–গৰজি উঠিলো মই।
----
কুকুৰণী, বহুত হল তোৰ। চাল্লী চোৰাংচোৱাগিৰি কৰ।
----
কি? কুকুৰণী কলি তই মোক। মবাইল দে চাওঁ।
----
নোৱাৰ বুলিছোঁ নহয়, নোৱাৰ।
এইবাৰ এটা মবাইলক লৈ টনা আঁজোৰা। প্ৰচণ্ড চৰ এটা গালত পৰিলহি আহি, কোনে মাৰিলে, কোনে? বিজয়ে…? চাই পঠিয়ালোঁ তাৰ ফালে। এইটো মই চিনি পোৱা বিজয় নহয়, সলনি হৈছে সি, সলনি হৈছে তাৰ দৈহিক ভাষা..যেন বেলেগ গ্ৰহৰ প্ৰাণী।
---- বিজয়? হাউ ডেয়াৰ ইউ দু দেট?
---
প্লিজ ফৰ গড্ছ ছেক, গেট লষ্ট। আৰু নাহিবি যাঃ। বহুত হল তোৰ লগত।
----
অৰ্থাৎ?
----
অৰ্থাৎ তই মোক এনেয়েও আমুৱাইছিলি। ভালেই হল আজি সঁচা কথাটো গম পালি। যা, ফুট।
ভোঁ-ভোঁৱাই বাইক চলাই বিজয় গুচি গৈছিল। কান্দি কান্দি ঠাইতে ৰৈ গৈছিলোঁ মই। দুই এজন বাটৰুৱাই মোৰ ফালে ঘূৰি ঘূৰি চাইছিল যদিও কোনো মোৰ কাষ চাপি অহা নাছিলআৰু মই মাটিত বহি মুখ ঢাকি হুৰাওৰাৱে কান্দি পেলাইছিলোঁ।
এনেকুৱাতে কান্ধত এখন হাতৰ স্পৰ্শ অনুভৱ কৰিলোঁ‌। চকুপানীয়ে মোৰ দৃশ‍্যপট ধূসৰ কৰি তুলিছিল, কাৰ হাত নিচিনিলোঁ‌। হাতৰ গৰাকীয়ে দুবাহুত ধৰি মোক উঠালে, শৰীৰৰ ভাৰসাম‍্য হেৰুৱাই মই সেই অচিনাকি মানুহজনৰ গাতে ভেঁজা দি পৰি দিলোঁ। অলপ সুস্থিৰ হোৱাৰ পিছত মানুহজনৰ মুখলৈ চাই দেখো, একালৰ সেই চিনাকি চকুযুৰি——সাহা ছাৰ।
সাহা ছাৰে মোক তেওঁৰ ঘৰলৈ লৈ গৈছিল।
ছাৰৰ ড্ৰয়িং ৰূম। আহল বহল চোফাখনত মই বহি আছোঁ। চোফাৰ ওপৰত সৰু সৰু চাৰিচুকীয়া পাতল নীলৰঙী গাৰু, তাৰে এটা মোৰ কোলাত তুলি ললোঁ‌।‌। মোৰ সন্মুখত কাঠৰ টেবুল, টেবুলৰ ওপৰভাগ কাঁচৰ। কাঁচৰ ওপৰত এচট্ৰে আৰু এটা সৰু একুৱেৰিয়াম। একুৱেৰিয়ামৰ ভিতৰত এটা ৰঙা মাছ আৰু ৰঙ বিৰঙী শিলেৰে নিৰ্মিত কৃত্ৰিম পুখুৰী। চোফাৰ দুয়োফালে দুটা লেম্পষ্টেণ্ড। ডিঙিটো ঘূৰাই ওপৰলৈ চাই দিলোঁ‌সেইখন পলকব্লু পল্ছ। চোফাৰ সন্মুখত এখন ডিভান। ডিভানৰ ওপৰত সজ্জিত এখন ভায়লিন, এটা হাৰমণিয়াম আৰু এযোৰ তবলা। মনতে ভাবি পেলালো, ভায়লীন আৰু হাৰমণিয়াম ছাৰৰ পত্নীয়ে বজায় আৰু তাবলাযোৰ ছাৰে! কোঠাৰ কোণত এটা কাঠৰ বুকছেল্ফ। বুকছেল্ফৰ কাষতেই তথাগতৰ প্ৰস্তৰ মূৰ্তি। মটিয়া ৰং সনা ৰুমটোত এটা এনচিয়েণ্টটাচ্চ বিদ‍্যমান।
ডিঙি মেলি ভিতৰলৈ চাই পঠিয়ালোঁ‌। কফিৰ ফুৰফুৰীয়া সুগন্ধিয়ে নাকত সুৰসুৰণি তুলিলে। হাতত দুকাপ কফি লৈ পৰ্দা টানি সাহা ছাৰ সোমাই আহিল। পিন্ধনত খদ্দৰৰ পাঞ্জাৱী। স্বয়ম্ভূ গাম্ভীৰ্য‍্যতাৰ প্ৰতীক হৈ তেখেত আগবাঢ়ি আহিছে, মই পুনৰ তধা লাগিলোঁ‌।
"
হুঁ, লোৱা।"
অপ্ৰস্তুত হৈ পৰিছিলোঁ‌। কঁপা কঁপা হাতেৰে কোনোমতেহে কফিকাপ নপৰাকৈ ধৰি ৰাখিলোঁ‌।
--
বহুত বেয়া অৱস্থা দেখিছোঁ তোমাৰ।
--
ছৰী ছাৰ, আপোনাক এইখিনি কষ্ট দিব লগীয়া হল।
--
মইহে তোমাক লৈ আনিছোঁ ঘৰলৈ, নিৰাপদে থাকা। অপ্ৰস্তুত নহবা। কফি খোৱা।
অলপ সময়ৰ নিৰৱতাৰ পিছত মই পুনৰ কঁপি উঠিলো।
---
মোৰ সহ‍্য হোৱা নাইসি মোৰ লগত তেনেকুৱা কৰিব নালাগিছিল।
----
তোমাৰ লগত দৰাচলতে কি হৈ গ'ল মই নেজানো, জনাৰো ইচ্ছা নাই। মানুহৰ জীৱনলৈ ঘাত প্ৰতিঘাত আহেই, তুমি নিজক চম্ভালা। জীৱনে দি যোৱা শিক্ষাবোৰ হাঁহিমুখে গ্ৰহণ কৰা, আগলৈ কামত দিব।
----
বহুত বিশ্বাসত লৈছিলোঁ‌ তাক
----
তোমালোক ছোৱালীবোৰে যাকে তাকে ইমান বিশ্বাসত কিয় লোৱা?
শূন‍্যত ওলমি ৰৈছে সাহা ছাৰৰ দৃষ্টি। এই দৃষ্টিত কোনো চঞ্চলতা নাই, এই দৃষ্টিয়ে বহন কৰিব নোৱাৰে কিঞ্চিৎমাত্ৰও কদৰ্যতা, এই চকুৱে দুনীয়াৰ আও ভাও চিনিছে। নিশ্চিতভাৱে এই দুচকুৱে প্ৰেমতো পৰিছে। হয়তো প্ৰতাৰিতও হৈছে। কিন্তু সেইবিলাক আমাৰ আলোচ‍্য বিষয় হবই নোৱাৰে। "আজি ভাত ইয়াতে খাই যাবা। মই ৰান্ধিম।" -- প্ৰস্তাৱ ৰাখিলে ছাৰে।"
----
ভাত খাবলৈ নৰওঁ নেকি? আপোনাৰ অসুবিধা হব এনেয়ে।
----
এহ কি অসুবিধা হ'ব। তুমি বহা, আৰাম কৰা, বি কম্ফৰ্টেবল। টি.ভি চাবা?
----
নেলাগে নাচাওঁ। আপুনি বৰ মজাৰ কফি বনায়।
----
হে হে। অপৰ্ণা..মানে মোৰ পত্নীয়েও একেষাৰ কথাকে কৈছিল। মনত পৰি গল। সাধাৰণতে দিনৰ ভাতসাঁজ ৰমাকান্তই ৰান্ধে। কলিকতাৰ পৰা তাক লৈ আনিছোঁ, বিশ্বাসী ল'ৰা। আজি মোৰ নিজৰেই সকলো ৰান্ধিবলৈ মন গৈছে। তুমি যিহেতু অসমীয়া, মাছ খাই ভাল পোৱা বুলিয়েই আশা কৰিছোঁ।
----
মাছ মোৰ প্ৰিয়।
মৃদু হাঁহি এটাৰে মই উত্তৰ দিলোঁ‌।
সেইদিনা বৰ আটোমটোকাৰীকৈ ছাৰে মাছ -- ভাত ৰান্ধিলে, ছাৰৰ এই ৰূপ কোনোবাদিনা দেখা পাম বুলি মই ভাবিবই পৰা নাছিলো। ময়ো লাগি ভাগি দিব খুজিছিলো যদিও তেওঁ মোক অলপ জিৰাবলৈকে উপদেশ দিলে। মই কাঠৰ বুকচেল্ফটোৰ ওচৰে পাজৰে ঘুৰ্মুটিয়াই ফুৰিলো। মাজে মাজে তেওঁলৈ চাওঁ, একান্তমনে পাচলি কুটিছে, পাঁচফোৰণ দি দালিত তেল মাৰিছে অথবা আঞ্জা লৰাইছে। ইমান সৰল, ইমান ডাউন টু আৰ্থ! আৰু কি এক সন্মোহনী ব‍্যক্তিত্ব, আপোন আপোন লগা। অদ্ভূত নিৰাপত্তা পালো সাহা ছাৰৰ আতিথ‍্যত। কিমানৰ নিৰাপত্তা অনুভৱ কৰিব পাৰি তেওঁৰ বুকুৰ উত্তাপত…? অপৰ্ণানামটোৱে মনত খেলা কৰি থাকিল।
ভাত পানী খাই আমি বেলকনীত মুখামুখিকৈ বহি আছোঁ। দুয়োৰে দৃষ্টি শূণ‍্যত স্থিৰ। সাহা ছাৰে কিবা এটা গুণগুণাইছে। চহৰখনৰ সমস্ত কোলাহল যেন হঠাৎ স্তিমিত হৈ পৰিছে। অলপ আগলৈকে ওমলি থকা ৰ'দজাক এতিয়া নাই। আকাশৰ চপৰা চপৰ মেঘৰ টুকুৰাবোৰ ক্ৰমাৎ গধুৰ হৈ আহিছে। বৰষুণ দিব হয়তো। গছৰ পাতবিলাকো লৰিছে, শীতল বতাহে এছাটিয়ে মোক চুই গ'ল।
----
ছাৰ কথা এটা সোধোঁ।
----
সোধা।
---
আপোনাৰ বিষয়ে অলপ কওকচোন। জানিবৰ খুব মন যায়‌।
---
মোৰ কথানো কি কম‌। চি.ভি খন অনলাইন আছে পঢ়ি চোৱা নাই? --- বুলি কৈ ছাৰে হাঁহিলে।
---
সেইখন দেখিছোঁ।
---
আৰু কি জানিব বিচাৰা কোৱা?……আৎসা মোৰ সংসাৰ? অপৰ্ণা, মানে মোৰ ৱাইফ মোৰ লগত নাথাকে, ছোৱালীজনীও তাইৰ লগতেই। কানাডাত। আমি আইনগতভাৱে পৃথক হোৱা নাই যদিও পতি পত্নীৰ মাজৰ কোনো সম্পৰ্কই আমাৰ মাজত নাই।
কথাখিনি বৰ সহজভাবে কৈ পেলালে তেওঁ। ময়েই অলপ অপ্ৰস্তুত হোৱাদি হলো।
---- অস্! মই দুঃখিত ছাৰ।
----
তুমি কিয় দুঃখিত হবা কোৱা? মোৰ পত্নীয়ে মোক প্ৰতাৰণা কৰিছে। আজি তুমি যিধৰণৰ ঘটনাৰ সন্মুখীন হলা এদিন ময়ো ঠিক তেনেধৰণৰ ঘটনাৰে সন্মুখীন হৈছিলোঁ‌। মাথোঁ সেইদিনা তোমাৰ জেগাত আছিলোঁ‌ মই আৰু সেই লৰাজনৰ জেগাত আছিল মোৰ পত্নী অপৰ্ণা। কল্পনা কৰা মোৰ দৰে মানুহ এজনে ৰাস্তাৰ দাঁতিত পত্নীৰ প্ৰেম ভিক্ষা মাগিছে। ফিৰি আহিবলৈ কাতৰ প্ৰাৰ্থনা কৰিছে। কিন্তু তাই নাহিলকানাডাবাসী এন.আৰ.আই প্ৰেমিকে তাইৰ দেহ মনৰ ওপৰত সম্পূৰ্ণ কব্জা কৰি লৈছিল।
অলপ ৰৈ তেওঁ পুনৰ কলে——–
----- "আজি ডেৰবছৰে তাইৰ সৈতে দেখা সাক্ষাৎ হোৱা নাই, সময় পালে ৰাতি চাৰি বছৰীয়া ছোৱালীজনীৰ লগত স্কাইপত কথা পাতোঁ। তাইৰ নামটো পাখিমোৰ চৰাইজনী। উৰি আহিব পুনৰ তাইৰ পিতাকৰ কোলালৈ……..যামগৈ বুজিছা। নাথাকোঁ আৰু ইয়াত। ঘৰলৈ গুচি যামকলিকতা। তাতেই ছেটেল হৈ লোৱাৰ প্লেন আছে। আপোন মাটিত দেহ মন ভালে থাকিব। ভৰদ্বাজৰ লগত পাতিছোঁ এই কথা, তেওঁ বছৰৰ শেষলৈকে থাকিব কৈছে। মইতো পৰা হলে আজিয়েই গুচি যাওঁ। ছোৱালীজনীকো লৈ আহিম, কানাডাত তাই সঠিকভাৱে গঢ় লব পৰা নাই যেন মোৰ বোধ হয়।"
----
তাই যদি নাহোঁ বুলি কয়?
----
আহিব, তাই মোক বিচাৰিয়ে থাকেমাতি থাকে কানাডালৈ। মইনো কি সতে যাওঁ?
----
ছাৰ কথা এটা সোধোঁ?
----
ছিউৰ।
---
আপোনালোকৰ লাভ মেৰেজ হৈছিল..?
---
য়েছ! ৱি মেট ইন কলকাতা, বেক ইন দা লেট নাইনটিজ। এটা কথা মই মানিবলৈ বাধ‍্য হৈছোঁ যে স্থায়িত্বৰো নিজা আয়ুসকাল থাকে। দোষ দি কাকো বহি থকা নাই। সুচাৰুৰূপেই চলি আছোঁ, যাৱতীয়খিনি কৰিছোঁআগলৈও চলি থাকিম।
নে কি কোৱা?
বুলি কৈ তেখেতে মোৰ ফালে চাই বেঁকাকৈ হাঁহি এটা মাৰিলে।অবাক মই। এই চকুহালৰ সাদৰ নিমন্ত্ৰণ উপেক্ষা কৰি কেনেদৰে আঁতৰি যাব পাৰে মানুহ? তিলমাত্ৰও কদৰ্যতা নোহোৱা মুখমণ্ডল, বুদ্ধিদীপ্ত, আলসুৱা। ইমান সহনশীল, ইমান মৰমীয়াল। অপৰ্ণা বোলাগৰাকীৰ ঠাইত মই হোৱা হলেতো….
ঘড়ীটোলৈ চালোঁ‌। ছয় বাজিবলৈ পোন্ধৰ মিনিট।
---
তোমাৰ দেৰি হৈছে চাগৈ নহয়? গৈ থাকা। আগবঢ়াই দিওঁ বলা।
---
এৰা। কিন্তু যাবৰ মন যোৱা নাই। গলেই কথাবিলাকে মনত খুন্দিয়াই কষ্ট দি থাকিব।
---
মনত ঘৃণা সোমাই যোৱাৰ পিছত আৰু কথাবোৰে দুখ দিবলৈ এৰে, যিটো মই ভাবো তোমাৰ ইতিমধ‍্যে হোৱাটো দৰকাৰ। অৱশ‍্যে মই নিজেই পাৰিছোঁ নে নাই নাজানোঁ। কিন্তু তাকে কৰিব নোৱাৰিলে পস্তাবা। পঢ়া শুনা কৰা, আগবাঢ়া। আৰু শুনা—-আনৰ বাবে নিজক সলনি নকৰিবা, বি ইউৰছেল্ফ।
----
থেংকিউ চমাচ্ছ ছাৰউঠোঁ তেনেহলে।
দুৱাৰমুখ পাওঁতে ছাৰ অলপ ৰৈ গ'ল। ক'লে,
"
মাধুৰী। তোমাক মোৰ সকলো কথাই খুলি কলো। আমনি পালা যদিও সেই সময়ত ভাবিবলৈ নহল। তোমাক একেবাৰে মোৰ পাখিজনীৰ দৰে লাগে জানা। তোমাক পাই কাষত পাখিক পোৱা যেন লাগি গ'তোমালোক দেখিবলেও বহুত একে। ভালে থাকিবা।"
গেটখন খুলি ওলাই আহিলো।বাহিৰত তেতিয়া এটোপ দুটোপ বৰষুণৰ টোপাল।
(
সমাপ্ত)
কবি:-
প্ৰতীক্ষা প্ৰিয়ম

No comments:

Post a Comment