Saturday, 20 May 2017

মোৰো এখন হৃদয় আছিল



।।মোৰো এখন হৃদয় আছিল।।


মোৰো এখন হৃদয় আছিল
আপোনালোকৰ দৰে
'ত এদিন
সেউজীয়া সপোনবোৰে পাহ মেলিছিল
ৰঙা ঠোঁটৰ চৰাই এজনীয়ে বাহ বান্ধিছিল
মন 'লেই তেতিয়া
দিগন্তক উদ্দেশি
তৰি দিছিলোঁ নাওৰ পাল
ঘূৰি ফুৰিছিলোঁ গোটেই দিন 'দ বৰষুণত তিতি
চৰাইজাকৰ দৰে উৰি গৈ নিজান বনত গাইছিলোঁ ভালপোৱাৰ গান
মন গ'লেই তেতিয়া
কোঁচভৰি তল সৰা বুকুল বুটলিছিলোঁ
নীলা আকাশত সেউজীয়া চিলা উৰুৱাই ভৱিষ্যতৰ সপোন ৰচিছিলোঁ
ৰাতি দুপৰলৈ দুহাত মেলি জোনাকৰ বৰষুণ ধৰিছিলোঁ
যিদিনা
পোৱালী জগাই
উৰি গৈছিল বুকুৰ চৰাই
সূতাচিঙা চিলাৰ দৰে পৰি ৰৈছিলোঁ মই
এতিয়া
ভগা কাচৰ দৰে
হৃদয় এখন লৈ
যাওঁ বুলিয়েই যাব নোৱাৰোঁ সোঁতৰ বিপৰীতে
গাওঁ বুলিলেই গাব নোৱাৰোঁ ভালপোৱাৰ গান
ঞ্জন বৰ্মন

No comments:

Post a Comment