Thursday, 18 May 2017

এই যে হাতখন খামুচি ধৰাৰ গোপন হেঁপাহ



এই যে হাতখন খামুচি ধৰাৰ গোপন হেঁপাহ
 
 
এই যে হাতখন খামুচি ধৰাৰ গোপন হেঁপাহ
অৱশ্যে এতিয়া কথাবোৰ
গোপন হৈ নথকাৰ দৰে হ'
তুমি জানা চাগে তৰা কিমান আকাশত
ৰাতি ৰাতি সাধুকোৱা তৰাবোৰ
আচলতে তুমি এটা সাধুকথা
গছে পাতে জোনাক
তুমি জোনাকৰ সাধুকথা
কথাবোৰ তুমি সংগোপনে সাচি ৰাখিব পাৰা
চৰাইবোৰ পখিলাবোৰ তোমাৰেই সম্পদ
এই যে হাতখন খামুচি ধৰাৰ গোপন হেঁপাহ
'লানা গুচি যাও ক'ৰবালৈ দিগন্তৰ সিপাৰে
মোৰ হাত তোমাৰ
তোমাৰ হাত মোৰ
কথাবোৰ একেলেথাৰিয়ে ওলাই গৈ থাকে
কিবা এটা ভাল লাগে বৰষুণৰ দৰে
বাৰিষাৰ দৰে
জিলিৰ মাত শুনিছা
নাই মইও নাই শুনা
এনেই এক বলিয়া কল্পনা
চৰাইৰ মাত শুনিছা
মইও নাই শুনা
এই শুকান চহৰত কল্পনা কৰাৰ সুৰুঙা বহুত
তুমি নাথাকিলে সঁচাসচি উৰুঙা লগা হ'
ধৰাহি এবাৰ হাতত
খুটিয়াই চোৱাচোন কিমান শূন্যতা ইয়াত
বাপৰে কল্পনাৰো এটা সীমা থাকে
তুমি হাঁহিছা
হাঁহিৰ টুকুৰাবোৰ বৰফৰ পাহাৰ

No comments:

Post a Comment