Thursday, 11 May 2017

বাইচাইকেল



বাইচাইকেল

অকস্মাৎ এখন খচৰা , বাইচাইকেলৰ মেহেৰবানি
ডেৰ কুৰি বছৰীয়া হাতালক মামৰে খালে
শোটোৰা পৰা ছালখনৰ দৰেই পাম্পচাৰ ।
মেহেৰবান নহওঁক সুকীয়া চিটৰ
চৰকাৰী পেন্সনৰ বে-ৰহম উপহাৰ নালাগে ।
স্প'ক ছিঙিলেও পৰিয়াল পোহপাল
কিয়ামত আহিলেও কনডাক্টৰী চাকৰি ,
বিশ্বকৰ্মাৰ জল ছিটিকনি বল্টুয়ে আকৌ
পেডেল হেঁচুকা ভৰিৰ ৰদ্দি নাথাকিলেও
চাকনৈয়া জীৱন বাতি-বুতি
এচলা সিচলা যৌৱনৰ হাড় আলাই-আথানি ।
বাতিল হলেও বিগত দিনৰ খিয়াতি
পুতৌ নহওঁক বাইচাইকেল নে পুতলা পেডেল ...।

:- প্ৰশান্ত কলিতা

No comments:

Post a Comment