ৰমণীৰ আত্মালাপ
আইচুদেউতা,,!
আইচুদেউতা,,!!
হাতৰ গামখাৰুজোৰ বৰ ঘৰৰ পেৰাত নাই আইচুদেউতা,,কাণৰ কেৰুজোৰ আৰু ডিঙিৰ গেলেপতাডালো নাই,,নাই মুগাৰ ৰিহা মেখেলাখন,,! ৰণৰ পৰা আহি গাটো তিয়াই পিন্ধিম বুলি থৈ যোৱা মোৰ অলংকাৰবোৰ ক'ত আইচুদেউতা,,,!
আইচুদেউতা,,!!
হাতৰ গামখাৰুজোৰ বৰ ঘৰৰ পেৰাত নাই আইচুদেউতা,,কাণৰ কেৰুজোৰ আৰু ডিঙিৰ গেলেপতাডালো নাই,,নাই মুগাৰ ৰিহা মেখেলাখন,,! ৰণৰ পৰা আহি গাটো তিয়াই পিন্ধিম বুলি থৈ যোৱা মোৰ অলংকাৰবোৰ ক'ত আইচুদেউতা,,,!
আপুনি নিমাত,ইমান মুক হৈ কি দৰে বহি আছে এই গধুলি পৰত ৷ পুৱাই আকৌ ৰণলৈ যাম,হাতৰ তৰোৱালত তেজৰ ফাকুৰে ৰাঙলি কৰাম,বেলি ডুবাৰ আগতে সূৰ্যৰ পতাকা উৰাম,,৷ মোৰ তেজে তেজে ব'ব ধৰিছে ক্ৰোধিত ৰণুৱা ঘোঁৰা,,মই মাথোঁ হাতৰ তৰোৱাল ঘূৰাই আগুৱাইছো ,,একো ভবা নাই,কাকো চিনা নাই,কাণত বাজি আছে মাথো অসমীয়াৰ মৰণৰ চিঞৰ,অবলাৰ বিননি,,শিশুৰ কান্দোন ৷
মোক শুৱ নিদিয়ে আইচুদেউতা,,ওৰে নিশা সাৰে থাকো,,শত্ৰুৰ বাবে মৰণৰ দিনলিপিৰ তালিকা লিখোঁ,,,,আৰু আৰু,,,
আইচুদেউতা,,আপুনি কান্দিছে,,? নেকান্দিব,,নেকান্দিব ৷ এই
চকুলো সুখৰ দিনত ব'বলৈ ৰাখক,,সুখৰ চকুলোৰে বিজয়ৰ তিলক আঁকিবলৈ ৰাখক,,চকুলোৰে মোৰ
শক্তিক ক্ষয় নকৰিব, ,,লুইতৰ বুকুৰে শত্ৰুৰ তেজ বৈ নোযোৱালৈকে মোক হাঁহিৰে আদেশ দিব আইচুদেউতা ৷
আইচুদেউতা,,,মোৰ কণমানি পুত্ৰ
ক'ত আছে,,কোন ধায়ে নিচুকণি গীত গোৱাই টোপনি যোৱাইছে, ,মোক বিচাৰি সি
কিমান পৰে ঠেৰেঙা লাগিলে,,মই কাৰো মাত শুনা নাই কিয় আইচুদেউতা,,,গোটেই ৰাজ কাৰেং
যে নিতাল নিস্তব্ধতাৰে গ্ৰাহ কৰি পেলাইছে,,দূৰত কৰবাত
শিয়ালে চিঞৰিছে,,ইমান জয়াল পৰিবেশ কিয় হৈছে,,সেয়া,,আকৌ বৰটোপৰ শব্দ,,আমাৰ সেনাই ৰণশিঙা বজাইছে,,মই যাওঁ আইচুদেউতা,,,মোৰ দেশ,মোৰ মাটিৰ আজি
বিপদৰ আগজাননি,,,উসঃ মোৰ কণমানিটো ক'ত,,? তাক এবাৰ কোলাত ল'বলৈ বৰ মন গৈছে,,আৰু মোৰ বঙহৰদেউ,,??
এৰা,,বঙহৰদেউ,,ক'ত তেওঁ,,,? এতিয়াও ৰণৰ পৰা
উভতি অহা নাই কিয়,,কৰবাত বিপদ?? নাই নাই,,নিশ্চয় পালিসেনাৰ সৈতে যুদ্ধৰ দিহা কৰিছে,,অস্ত্ৰ -শস্ত্ৰৰ যোগাৰ কৰিছে,,ঘোঁৰাৰ পিঠিত উঠি
এঠাইৰ পৰা আনঠাইলৈ গৈ জ্ঞাতিৰ খবৰ কৰিছে,,,আৰু নহ'লে,,,
আইচুদেউতা,,আপুনি ইমান জোৰেৰে
নেকান্দিব, ,মই কাবৌ কৰিছো ৷ এই দেশ,মাটি এনেদৰেই থাকিব,,আমি নহ'লেও আমাৰ সন্তানে সুৰুযৰ প্ৰথম পুৱা দেখিব,,নেকান্দিব
আইচুদেউতা,,নেকান্দিব,,,
আইচুদেউতা,,মোক কলৈ টানি নিছে,,মই আকৌ যাবলে হ'ল, ,সৌৱা পুনৰ ৰণশিঙা বজাইছে,,শত্ৰু ওচৰ চাপি আহিছে,,মোক বাহিৰলৈ নিনিব,,মোক যুদ্ধলৈ যাবলৈ সাজু কৰি দিয়ক,,এয়া কি আইচুদেউতা
৷ এয়া বাহিৰত কাৰ মৃত দেহ শুৱাই থৈছে,,,এয়াচোন মোৰ বঙহৰদেউ, ,,অথাৎ বঙহৰদেউ স্বহীদ হ'ল,,,,মই মই,,উসঃ,,,,অসমে আন এজন সন্তান হেৰুৱালে আজি আইচুদেউতা,,মোৰ বঙহৰদেউ দেশৰ বাবে প্ৰাণ হেৰুৱালে,,,অ',,সেই বাবেই মোৰ গহণাবোৰ কোনোবাই আঁতৰাই ৰাখিলে,,ইমান নিষ্ঠুৰ, কোনেও মোক জনোৱা
নাছিলে,,,
আইচুদেউতা,,মই ৰণলৈ আহিলো,,বঙহৰদেউৰ মৈদামৰ কাষতে মোকো ৰাখিব,,মোৰ পোণাটোক কুশলে ৰাখিব,,,মই আৰু উভতি নাহিলে আজিৰ দৰে নেকান্দিব আইচুদেউতা,,
মই আহিলো,,
মই আহিলো আইচুদেউতা,,
মই নতুন দিগন্তত পতাকা আঁৰিবলৈ পুনৰ আহিম আইচুদেউতা,,
মোক বগা সাজে ৰণলৈ নপঠাব
মই এনেদৰেই যাম
এনেদৰেই আহিম
মই আহোম ৰমণী
ৰমণী হৈয়েই জী থাকিম অসমীয়াৰ বুকুত,,
আহিছো আইচুদেউতা
আহিলো,,,,৷৷
মই আহিলো আইচুদেউতা,,
মই নতুন দিগন্তত পতাকা আঁৰিবলৈ পুনৰ আহিম আইচুদেউতা,,
মোক বগা সাজে ৰণলৈ নপঠাব
মই এনেদৰেই যাম
এনেদৰেই আহিম
মই আহোম ৰমণী
ৰমণী হৈয়েই জী থাকিম অসমীয়াৰ বুকুত,,
আহিছো আইচুদেউতা
আহিলো,,,,৷৷
কবি:-
ණ নিভা গগৈ ।
No comments:
Post a Comment