শৈশৱ
ওলোটাকৈ ৰাখিম বুলি ভাবি থাকোঁতেই
বালি-ঘড়ীটো ভাগি-ছিগি গ’ল
দিবাস্বপ্ন এনেকুৱাই
মনত পেলাই লাভেই বা কি
তইতো নাছিলি কুঁহিপাতৰ দৰে
নাছিলি জোন,বেলি, তৰাও
তোৰো মৃত্যুৱেই অনিবাৰ্য সত্য
পৃথিৱীৰ সমস্ত ৰং
আকাশখনে শুহি লোৱাৰ পাছতো
একোণত জিলিকিছিল এটি তৰা
তৰাটোকে বুকুত সাৱতি গৈ আছিলোঁ
বেথেলহেমৰ ঠিকনা বিচাৰি
আকাশখনে শুহি লোৱাৰ পাছতো
একোণত জিলিকিছিল এটি তৰা
তৰাটোকে বুকুত সাৱতি গৈ আছিলোঁ
বেথেলহেমৰ ঠিকনা বিচাৰি
ভাবিছিলোঁ গৈয়ে থাকিম
এতিয়া দেখোন ৰৈ যাব খোজোঁ
সপোনবোৰ ক’ত থৈ যাওঁ
উভলা গছৰ কাষত কেনেকৈ জিৰাওঁ
পানীৰ তলতো যে কাঁইট
এতিয়া দেখোন ৰৈ যাব খোজোঁ
সপোনবোৰ ক’ত থৈ যাওঁ
উভলা গছৰ কাষত কেনেকৈ জিৰাওঁ
পানীৰ তলতো যে কাঁইট
উভতি নহাকৈ
তই এৰি যোৱাৰ পাছতো
তোৰ বাবেই ৰাখি থৈছো এটা কোঠালি
মন গলেই ভূমুকিয়াও তাত
শূন্য কোঠাটোত
তই এটা পুতলাৰ ছাঁ হৈ নাচ
ঠিক যেন সেই বাটৰুৱাজন
যাক লৈ বেলি আৰু বতাহে
নামিছিল প্ৰতি্যোগিতাত
তই এৰি যোৱাৰ পাছতো
তোৰ বাবেই ৰাখি থৈছো এটা কোঠালি
মন গলেই ভূমুকিয়াও তাত
শূন্য কোঠাটোত
তই এটা পুতলাৰ ছাঁ হৈ নাচ
ঠিক যেন সেই বাটৰুৱাজন
যাক লৈ বেলি আৰু বতাহে
নামিছিল প্ৰতি্যোগিতাত
কথাবোৰ তেনে নহলেও
কথা নাছিল
পোৱা নোপোৱাৰ হিচাপ কৰি
কি লাভ
কেৱল উশাহ নিশাহৰ লেখ
অপেক্ষাই সৰ্বশেষ সঁচা
কথা নাছিল
পোৱা নোপোৱাৰ হিচাপ কৰি
কি লাভ
কেৱল উশাহ নিশাহৰ লেখ
অপেক্ষাই সৰ্বশেষ সঁচা
:-দুলাল হাজৰিকা ৷
No comments:
Post a Comment