এগৰাকী ধৰ্ষিতাৰ
আত্মগাঁথা
নিভৃতৰ অবাধ্য
ৰক্তক্ষৰণত
মগজুলৈ কিদৰে উজাই আহে তেজ।
আজি ভঁটিয়াই দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে
হেজাৰ কুমজেলেকুৱাৰ সমদল
প্ৰেমাস্পদৰ এটি স্পৰ্শত !!!
মগজুলৈ কিদৰে উজাই আহে তেজ।
আজি ভঁটিয়াই দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে
হেজাৰ কুমজেলেকুৱাৰ সমদল
প্ৰেমাস্পদৰ এটি স্পৰ্শত !!!
আজিও ক’বানে শুচিতা তোমাৰ বাবে অৰ্থহীন
আশ্বাস দিবানে এয়া দূৰ্ঘটনা বুলি
প্ৰশ্ৰয় দিবানে সপোন শংকিত ‘মই’জনীক ?
আশ্বাস দিবানে এয়া দূৰ্ঘটনা বুলি
প্ৰশ্ৰয় দিবানে সপোন শংকিত ‘মই’জনীক ?
নিভৃতৰ অবাধ্য
ৰক্তক্ষৰণত
মগজুলৈ মোৰ উজাই আহিল তেজ।
যদি শুচিতা নামানা, তেন্তে সমাজবিৰোধী তুমি
যদি নিতান্তই দূৰ্ঘটনা এয়া, তেন্তে পংগু মই।
মগজুলৈ মোৰ উজাই আহিল তেজ।
যদি শুচিতা নামানা, তেন্তে সমাজবিৰোধী তুমি
যদি নিতান্তই দূৰ্ঘটনা এয়া, তেন্তে পংগু মই।
সপোনৰ ত্ৰাসত
বিধ্বস্ত নিদ্ৰা ।
বিষাক্ত গোন্ধ মোৰ আবেষ্টনীত ।
উৎস বিচাৰি পালো…
এখনি নিকা হৃদয়...
আজি ধৰ্ষিতা, পূতিগন্ধময়।
বিষাক্ত গোন্ধ মোৰ আবেষ্টনীত ।
উৎস বিচাৰি পালো…
এখনি নিকা হৃদয়...
আজি ধৰ্ষিতা, পূতিগন্ধময়।
কবি:-
ණ মনমী ভট্টাচাৰ্য্য ।
No comments:
Post a Comment