ভেদাভেদ
======
চেনেহে নকৰে পাত্র বিচাৰ
প্রেমিকৰ চকুত সকলো ৰূপহী
শ্রদ্ধাৰ আসনত পাথৰ্ও দেবতা
ভালপালে আনৰ দোষ নেদেখি
======
চেনেহে নকৰে পাত্র বিচাৰ
প্রেমিকৰ চকুত সকলো ৰূপহী
শ্রদ্ধাৰ আসনত পাথৰ্ও দেবতা
ভালপালে আনৰ দোষ নেদেখি
জ্ঞানীয়ে জানে
প্রত্যেকে শিক্ষক
যোগীৰ গৌৰৱ তেওঁ ভিক্ষুক
দয়াবান জনে শতৰুকও ক্ষমে
বিদ্বানে অৱনতহৈ মূর্খকো নমে
যোগীৰ গৌৰৱ তেওঁ ভিক্ষুক
দয়াবান জনে শতৰুকও ক্ষমে
বিদ্বানে অৱনতহৈ মূর্খকো নমে
জুয়ে পুৰিব
পাৰেনে সোণক
সকলো সন্তানলে সমদর্শী জনক
জোনাকে নিঘিণাই খলা-বমা
তুল্যাতুল্য বিচাৰে যি সঙ্কীর্ণমনা
সকলো সন্তানলে সমদর্শী জনক
জোনাকে নিঘিণাই খলা-বমা
তুল্যাতুল্য বিচাৰে যি সঙ্কীর্ণমনা
-জ্যোতিষ কুমাৰ দেৱ
No comments:
Post a Comment