Monday, 22 May 2017

হাইকু (১৭) চিনাকী দৃশ্যবোৰ



হাইকু (১৭)
চিনাকী দৃশ্যবোৰ
পুৱাৰে দৃশ্য
উদয় বেলি আকাশ
নিৰৱধি নৈ
----
নৈ বালিতে
ভৰ দুপৰৰ ছাঁ
চুটি-দীঘল
----
সোণালী ঘামে
ঘৰমুৱা পক্ষীজাক
হৈ চৈ বাটৰে
----
ডাৱৰে ভৰা
বাখৰুৱা জোনাক
সন্ধ্যা পদূলি
অংকুৰ শইকীয়া ৷

No comments:

Post a Comment