Tuesday, 23 May 2017

দৈনন্দিন - জাহ্ন



"দৈনন্দিন"
কলকাতা- কিবা যেন মায়াবী মহানগৰ৷ সাংঘাটিকভাৱে ব্যস্ত আৰু কোলাহলময় কলকাতা৷ নিত্য নতুনকৈ অন্তৰ্ভুক্ত হৈ থকা অঞ্চলবোৰ সামৰি মুঠতে অকণো থান থিত নথকা, হূৰমূৰ এখনি বৃহৎ মহানগৰ৷ অলিয়ে গলিয়ে অসংখ্য চাহৰ দোকান আৰু পদপথত যথেষ্ট পৰিমানে পৰিচ্ছন্নতা নোহোৱা অজস্ৰ খোৱাবস্তুৰ দোকান৷ আৰু ঠায়ে ঠায়ে ফুটবল- ক্ৰিকেটৰপৰা আদি কৰি ফেচিবাদী চৰকাৰৰ নতুন সিদ্ধান্ত আদিলৈ লেখ জোখ নোহোৱা আলোচনা৷ পুৰণি পুৰণি ভাল লগা ভাব এটা অহৰহ অনুভৱ কৰা যায় কলকাতাত৷ বৃটিছ যুগৰ ৰাস্তা পথৰ নাম, ট্ৰাম, ঐতিহাসিক ঠাই যেনে ভিক্তোৰিয়া মেমোৰিয়েল, এছিয়াটিক ছ'চাইটি আদিৰে কলকাতাৰ বৰ বেলেগ এটা সোৱাদ আছে৷ আৰু তাতে আপুনি পঢ়ি যাওঁক জোনাকী যুগৰ বিষয়ে, অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ বিষয়ে, জীৱনানন্দৰ ট্ৰাম দুৰ্ঘটনাত মৃত্যু, কলেজ ষ্ট্ৰীট আৰু ঢেকীয়াল ফুকনৰ হিন্দু কলেজৰ শিক্ষা সম্পৰ্কে - কলকাতা এক আচৰিত আপোন ৰূপত ধৰা দিয়েহি৷ যেন এই সাংঘাটিকভাৱে তীব্ৰবেগী অচিনাকি মহানগৰ প্ৰতিনিয়ত চিনাকি আপোনাৰ৷ যেন মেছ কৰি থকা লক্ষ্মীনাথ- চন্দ্ৰকুমাৰৰ লেখীয়াকৈ কোনো এটা সপ্তাহৰ বুধবাৰ বা শণিবৰীয়া গধূলি ৬৭ মিৰ্জাপুৰ ষ্ট্ৰীটৰ মেছত প্ৰিয় বন্ধুৰে উৎসাহী বৈঠক বহি উঠিছে আপোনাৰো, যেন ঢেকীয়াল ফুকনৰ লেখীয়াকৈ আপুনিও ঘূৰ্মুটিয়াই ফুৰিছে কলকাতাৰ ইমূৰ- সিমূৰ, যেন ডেকা প্ৰমথেশৰ লেখীয়াকৈ আপোনাসৱৰো উৎসাহী উদ্যমে প্ৰাণ পাই উঠিছে কলিকতীয়া ব্যস্ততাৰ মাজে মাজে৷
ব্যস্ত কলকাতাৰ কানিমুনি পৰৰ ব্যস্ততাখিনি কিবা এক আচৰিতভাৱে ভাল লগা৷ বতাহ বলিবলৈ মুকলি ঠাই নায়েই কলকাতাত৷ তথাপি যেন সন্ধিয়া পৰত জুৰ পেলাই অনা এছাটি বতাহে লাজ লাজকৈ চুমি যায় ব্যস্ত পথ, পদপথ, আৰু চলমান মানুহবোৰক৷ উদাসী ভাব এটাই ক্ষণিকৰ বাবে হ'লেও কিছু বিলাসীতা কৰে কলকাতাৰ বুকুত৷
কলকাতাত এইবাৰ এমাহ আছিলো নিজৰ গৱেষণা সংক্ৰান্তত৷ থাকো ভাইটিৰ ঘৰত৷ খোলা বাৰত প্ৰায় গোটেই দিনটোৱেই যায় অভিলেখাগাৰত (Archives)৷ ৰাতিপুৱা চাৰে আঠ বজাত ভাইটি থকা জাগাটো, চাপুৰজী (সুখবৃষ্টি)ৰ পৰা বাছ ধৰোঁ৷ KB16 নম্বৰৰ বাছৰ এমূৰৰ শেষ আস্থানেই হৈছে চাপুৰজী৷ এমাহ ধৰি সদায় অহা- যোৱা কৰোঁতে প্ৰায়কেইখন বাছৰে মই চিনাকি যাত্ৰী হৈ পৰিছিলো৷গতিকে ৰাতিপুৱা চাহকাপ দোকানত খাই থাকোতে হাতেৰে ইংগিত দিলে মোলৈ অকণ সময় ৰৈ দিয়ে৷ প্ৰায়কেইখন বাছৰ কন্ডাক্টৰ কেইজনে জানেই মোৰ গন্তব্যস্থান শ্যামবজাৰ৷ ১২ টকা ভাড়া৷ বহুদিন খুচুৰাৰ অভাৱত দুটকাটো নহ'লেও হ'ব বুলি লোৱা নাছিল৷ শ্যামবজাৰত নামি মই কলেজ স্ট্ৰীটলৈ ট্ৰামত উঠো সদায়৷ এদিন সন্ধিয়া উভতি আহোতে শ্যামবজাৰ বজাৰত কিছুদেৰী ৰৈ দিছিলো৷ অসম্ভৱভাৱে ব্যস্ত পথ আৰু তাতোকৈ ব্যস্ত আৰু কোলাহলময় বজাৰখনত ৰৈ মই মাথো মানুহৰ আহ যাহ চাইছিলো সেইদিনা৷ মই কলেজ ষ্ট্ৰীটৰ পৰা উভতি আহোতে উঠি অহা বাছখনত মোৰ কাষৰ আসনখনতে বহি অহা ভদ্ৰলোকজনে খৰধৰকৈ পাছলি কিনিছে৷ এখন হাতত ইতিমধ্যে ঘৰলৈ বুলি লোৱা ছিঙৰাকেইটি৷ শ্যামবজাৰৰ পাঁচআলিটো পোৱাৰ বহুখিনি আগতেই নমাই দিয়া বাছখনে মোৰ কাষে কাষেই শামুকৰ বেগেৰে আহি আছিল৷
ইতিমধ্যে দুখনকৈ চিনাকি KB16 বাছ পাৰ হৈ গৈছিল৷ তিনিটা সৰু ল'ৰা ব্যস্ততাৰে ৰাস্তাটোৰ সিপাৰলৈ গৈছিল৷ এটাৰ একান্ধত হকীৰ কিট৷ সদাব্যস্ত মহানগৰৰ ব্যস্ততাৰ মাজত অনায়াস অভ্যস্ত কিশোৰ- অভ্যস্ত হাতেৰে চাহ এপিয়লা লৈয়ো ধুনীয়াকৈ ৰাস্তা পাৰ হৈছে তিনিও৷ অনাই বনাই মানুহ চাই থকা মোৰ নিচেই কাষতে এইবাৰ এজনী ধুনীয়া যুৱতী 'লহি৷ গধূলি হোৱা বাবে চকুৰ চানগ্লাছ মূৰত উঠাই থোৱা৷ তেখেত অবিৰাম ফোনত ব্যস্ত, পৃথিৱীলৈ চাই সময় নষ্ট কৰিবলৈ তেখেতৰ নিশ্চয় সময় নাই৷ ওচৰতে থকা আনখন চাহ দোকানলৈ গৈ চাহ এপিয়লা দিবলৈ ক'লো৷ মানুহ নায়েই এইখনত৷ বিজুলীবাতিৰ ব্যৱস্থা নাই বাবে দোকানখন আন্ধাৰ হৈ আছে কিছু৷ স্বাভাৱিকতে এইখনৰ বিপৰীতে পোহৰে জকমকাই থকা আনখন দোকানত যথেষ্ট মানুহৰ ভিৰ৷ মাটিৰ পিয়লাৰ চাহকাপৰ পৰা অহা সেমেকা গোন্ধটিয়ে মোৰ সন্ধিয়াটো আৰু কিছু উপভোগ্য কৰি তুলিলে৷
দোকানীজনক চাহৰ বাবদ চাৰিটকা দি মই খোজ ল'লো৷ এইবাৰ বাছত উঠিব লাগিব৷ KB16 বাছ এখন আহিল৷ মানুহ বাদেই বতাহ সোমাবলৈয়ে সুৰুঙা নাই চাগৈ৷ তথাপি উঠিবই লাগিব৷ কিছু পলম হৈছে, ইয়াৰ পাছত বাছ পাবলৈ অলপ অসুবিধা হ'ব পাৰে৷ মানিবেগটো বেগত আৰু চশমাজোৰ বাকছটোত ভৰাই লৈ কেনেবাকৈ ঠেলি হেঁচি উঠিলো৷ লৰচৰ কৰিবলৈয়ো অকণ জাগা নাই৷ সন্মুখৰ আটাইখিনি আসনেই বয়োজ্যেষ্ঠ ব্যক্তি অথবা মহিলাৰ বাবে
সংৰক্ষিত৷ গতিকে লাহে লাহে মানুহৰ মাজেৰে ঠেলি-হেঁচি সৰকি পিছফালৰ আসনৰ ওচৰলৈ গ'লো৷ উল্টোডাঙ্গাত ছিট পাম বহিবলৈ, বহুত মানুহ নামিব৷ এমাহৰ অভিজ্ঞতাৰে অভ্যস্ত৷ সম্পূৰ্ণ অচিনাকি মহানগৰখনত অসম্ভৱ ভিৰৰ মাজত ময়ো এজন হৈ পৰিলো, স্বচ্ছন্দে৷

No comments:

Post a Comment