আখৰুৱাৰ ধাৰাবাহিক
উপন্যাস: ৰূপোৱালী মেঘৰ ছায়া:মে,২০১৭
খণ্ড-১৬
খণ্ড-১৬
“গধূলীৰ কথা নক’বা মোক
গধূলীৰ স’তে আছে মোৰ বহু প্ৰাণময় ভৰুন স্মৃতি”

গধূলী সময়খিনি মোৰ
খুব ভাল লাগে৷হোষ্টেলৰ চাদৰ ওপৰত ৰৈ মই উপভোগ কৰোঁ গধূলীৰ মায়া সনা মিঠা বিষাদৰ ৰহস্যময় পৰিৱেশ৷আপেলৰঙী বেলিটো
সুদূৰ পাহাৰত ডুব যোৱাৰ দৰে ইঞ্জিনীয়াৰিং কলেজ বিল্ডিঙত
ডুব যায় বেলি৷পুখুৰীৰ পাৰে পাৰে বহি ৰয় প্ৰেমৰ সাগৰত ডুবি থকা প্ৰেমিক-প্ৰেমিকাৰ যোৰ!দূৰণিৰ মা-ধাবাৰ পৰা ভাঁহি আহে এজাক উচ্ছল ডেকা-গাভৰুৰ খিল
খিল হাঁহি৷এনেকুৱা গধূলীবোৰত কেতিয়াবা মোৰ নিজকে নি:সংগ অনুভৱ হয়৷মুঠতে গধূলীটোৱে মোক বহুধৰণৰ অনুভৱেৰে আৱৰি ৰাখে৷
সেইদিনাও মই চাদৰ
ওপৰলৈ গ’লো দিনত মেলি দিয়া কাপোৰখিনি সামৰাৰ লগতে গধূলীটো উপভোগ কৰিবলৈ৷জয়াবাৰ
অনুপস্থিতিয়েও মোৰ মনটো সেমেকাই ৰাখিছে৷ প্ৰিয় ব্যক্তিৰ অনুপস্থিতি কিমান অসহনীয়
হ’ব পাৰে জীৱনত প্ৰথমবাৰ অনুভৱ কৰিলোঁ মই!চাদৰ ওপৰত নীহাৰিকাক
দেখি মই সুধিলোঁ--
:কি খবৰ নীহাৰিকা?
:এ, নকবি আৰু প্ৰাপ্তি মোৰ মন-চন একেবাৰে ভাল নহয়৷
:কি হ’ল নো তোৰ ক’চোন?
:প্ৰাপ্তি, মই আৰু ইঞ্জিনীয়াৰিং নপঢ়ো বুলি ভাবিছোঁ৷ এইবাৰ ঘৰলৈ গ’লে মা-দেউতাক মোৰ সিদ্ধান্তৰ কথা জনাম৷

ইতিমধ্যে
ইঞ্জিনীয়াৰিঙৰ দুটাবছৰ অতিক্ৰম কৰিমেই আমি, তেন্তে এই মাজ সাগৰত তাই উভতাৰ কথা কিয় কৈছে মই ধৰিব নোৱাৰিলোঁ৷নীহাৰিকাই হুমুনিয়াহ কাঢ়ি পুনৰ কৈ উঠিল--
:প্ৰাপ্তি, ইঞ্জিনীয়াৰিং মোৰ বাবে একেবাৰে নীৰস বিষয়৷যিমান চেষ্টা কৰিও মই ইয়াত মন বহাব পৰা নাই৷সেইকাৰণে মই ৰিজাল্টো ভাল কৰিব পৰা নাই৷তইটো জানই মই যোৱাবাৰ তিনিটা চাবজেক্টত বেক পাইছোঁ৷যি জনী ছোৱালীয়ে স্কুলত থাকোঁতে প্ৰতিটো শ্ৰেণীতে প্ৰথম স্থান পাইছিলোঁ সেইজনী ছোৱালীয়ে আজি বেক পাই পাছ কৰিব লগা হৈছে৷মই বহুত হতাশ হৈছোঁ অ’ প্ৰাপ্তি৷ এনেকৈ যদি মোৰ ৰিজাল্টবোৰ হৈ থাকে মই হয়তো এদিন আত্মহত্যাৰ পথ বাছি ল’ম৷তাতকৈ মই যদি নিজৰ জীৱনটোক বচাব বিচাৰোঁ তেন্তে মই এই কলেজ এৰি আঁতৰি যাব লাগিব৷
প্ৰাপ্তি, মা-দেউতাহঁতে যদি মোৰ মনৰ কথা অলপ হ’লেও বুজি পালেহেঁতেন!
: নীহাৰিকা, ভালকৈ তই ভাবি চা, কি সিদ্ধান্ত ল’বি৷ কিন্তু আত্মহত্যাৰ কথা ভুলতো নাভাবিবি৷আত্মহত্যা সেইজনেই কৰে যিজন পলায়নবাদী৷মই ভাবো, তই এজনী সাহসী ছোৱালী, তই তোৰ জীৱনটোক জয় কৰিবই লাগিব৷

নীহাৰিকাই দুখেৰে
মূৰ দুপিয়ালে আৰু ক’লে—
:ব’ল, মোৰ কোঠালৈ, তোক মই আজি স্পেচিয়েল চাহ খোৱাম৷

মোৰ আৰু সেইদিনা গধূলীটো উপভোগ কৰা নহ’ল৷ দুইজনীয়ে নীহাৰিকাৰ কোঠাৰ ফালে আগবাঢ়িলোঁ৷
০০০০০০০০০০০০০০০০০০০০০
বিচনাত পৰি
ভাবিলোঁ – মোৰ জীৱনৰ লক্ষ্য কি আছিল? দেউতাই কৈছিল –“মোৰ আইমানু ডাঙৰ হৈ ডাক্তৰ হ’ব!” মইও ভাবিছিলোঁ ডাক্তৰেই হ’ম মই৷ ডাক্তৰ সকলে ব্যৱহাৰ কৰা ৰঙা যোগ চিনটো ইমান যে ভাল লাগিছিল মোৰ!সৰুতে দেউতাই হোমিওপাথিক ডাক্তৰ এজনৰ ওচৰত মোৰ অসুখ
বিসুখ বোৰৰ চিকিৎসা কৰাইছিল৷ হোমিওপাথিক ডাক্তৰজনে ব্যৱহাৰ কৰা টৰ্চটোৰ ওপৰত মোৰ প্ৰায়ে চকু গৈছিল, সেই টৰ্চটোৰ ওপৰত ৰঙা যোগ চিনটো আছিল যিটো চিনে মোক প্ৰতি
মুহুৰ্ত্ততে ডাক্তৰ হোৱাৰ সপোন
দেখাইছিল৷
সেই হোমিওপাথিক
ডাক্তৰজন এদিন হঠাৎ ঢুকাই থাকিল৷ “মৃত্যু” শব্দটোৰ স’তে মোৰ সেয়াই
প্ৰথম চিনাকী আছিল৷ মই প্ৰেছক্ৰিপছনত
ডাক্তৰজনে লিখা আখৰকেইটালৈ বহুদেৰি চাই ৰৈছিলোঁ আৰু ভাবিছিলোঁ – এজন জীৱন্ত মানুহ হঠাতে কেনেকৈ নাইকীয়া হৈ যাব পাৰে!!এই প্ৰেছক্ৰিপছনৰ আখৰ কেইটা এজন জীৱন্ত
মানুহৰ আখৰ আছিল অথচ যি জন এতিয়া প্ৰাণহীন ব্যক্তিলৈ ৰূপান্তৰ হ’ল!এনেকুৱা কিয় হয়? মৃত্যু কিয় হয় মানুহৰ? বহু প্ৰশ্নই মোৰ কিশোৰী মনটোত আগুৰি
ধৰিছিল৷
তাৰপিছত বহু মৃত্যু দেখিছোঁ, কিমান যে মৃত্যুৱে বুকুভেদি কৰুণ হুমুনিয়াহ বোৱাইছে!!দেখিছোঁ তেনে মৃত্যুৰো যি মৃত্যুৱে থানৱান কৰি দিব পাৰে কাৰোবাৰ জীৱনৰ কাৰেং!!বৰ কৰুণভাৱে বুজি উঠিছোঁ—জন্মৰ দৰেই মৃত্যুও চিৰন্তন সত্য!!চিৰন্তন সত্য!!

পিছে দেউতাৰ সপোন
আৰু নিজৰ সপোনৰ পৰা আঁতৰি আহি মই আজি অভিযন্তা হ’বলৈহে উলাইছোঁ ৷ জীৱবিজ্ঞানতকৈ পিছলৈ মোৰ গণিত
বেছি ভাল লগা হৈ আহিছিল সেয়ে মই ইঞ্জিনীয়াৰিঙত চিট পাই পঢ়িবলৈ গুচি আহিলোঁ৷মইটো ডাক্তৰ হোৱাৰহে সপোন দেখিছিলোঁ!মোৰ বাৰু সন্তুষ্টি আছেনে
ইঞ্জিনীয়াৰিঙ পঢ়ি? এৰা, নীহাৰিকাৰ দৰে মই অন্তত: হতাশ হোৱা নাই৷এটা মনে বিচৰা ভাল ৰিজাল্ট কৰি মই যে অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা ওলাই যাব পাৰিম সেই দৃঢ়
বিশ্বাস মোৰ আছে ৷
“নিজৰ পছন্দৰ ক্ষেত্ৰখন যি এবাৰ বাছি ল’ব পাৰিছে তেওঁ আৰু পিছলৈ ঘূৰি চাব লগা নহয়, অনুশোচনা আৰু অসন্তুষ্টিত পৰি ককবকাই
থাকিবও নালাগে” – এই কথা মই অন্তকৰণেৰে বিশ্বাস কৰোঁ৷নীহাৰিকাজনীলৈ মোৰ দুখ
লাগিল৷নীহাৰিকাৰ কথা ভাবি ভাবিয়েই মই শুবলৈ যত্ন কৰিলোঁ৷
০০০০০০০০০০০০০০
মণিমালাৰ জন্মদিন৷তাই “বেলিআমিজ”ত বাৰ্থডে পাৰ্টি দিছে৷ইতিমধ্যে মই নিবিড়ৰৰ বিষয়ে গম পাইছিলোঁ৷আমাতকৈ এক বছৰ ছিনিয়ৰ নিবিড়, মেকানিকেল ব্ৰাঞ্চৰ৷মণিমালাৰো মেকানিকেল ব্ৰাঞ্চ সেয়ে তাই নিবিড়হঁতকো পাৰ্টিলৈ সদায়ে নিমন্ত্ৰণ কৰে৷আজি যে নিবিড় আহিব সেইয়া নিশ্চিত৷
“নিবিড়ৰ বিষয়ে মোৰ ইমানকৈ ভাবিবলৈনো কিটো হ’ল!!”-মই নিজকে ক’লো৷
“মইটো নিবিড়ৰ প্ৰেমত পৰা নাই!! আৰু নপৰোও!”—মই ভাবিলোঁ৷
আইনালৈ চাই যেতিয়া গালত ক্ৰীম লগাওঁ,নিজকে যেন আৰু অলপ ধুনীয়াকৈ সজাই লওঁ তেনে লাগিল মোৰ! “ধ্যেৎ”—নিজকে কৈ উঠিলোঁ৷

প্ৰিয়া কোবাকুবিকৈ
ৰূমলৈ সোমাই আহিল৷
“কি হ’ল অ’ এইজনী!নিজকে সজাওঁতে-পৰাওঁতে ইমান যে দেৰি লাগিছে আজি!!ওঁ…ও কোনোবা আহিবটো!!”
“ধ্যেৎ এইজনী, ব’ল মোৰ হ’ল”—মই কৈ উঠিলোঁ৷

আমি যেতিয়া “বেলিআমিজ ৰেষ্টুৰেন্টত” সোমালোঁ, মৃদু ভলিউমত বাজি
থকা ৰোমান্টিক হিন্দী গানে গোটেই পৰিৱেশটোকে
ৰোমান্টিক কৰি ৰাখিছিল৷সকলো ল’ৰাৰ মাজত মই নিবিড়ক দেখা পালোঁ, আমি দুয়ো কোনো এক মূহূৰ্তত চকুৱে চকুৱেও চালোঁ৷মোৰ গতিবিধি নিৰীক্ষণ কৰি থকা
প্ৰিয়াই লাহেকৈ মোক খোঁচ এটা দিলে৷
কেক কটাৰ পিছতে
সকলোৱে নিবিড়ক গান গাবলৈ অনুৰোধ কৰিলে ৷সকলোৰে হেঁচাত নিবিড় উঠিল৷
“চাবি, আজি নিবিড়দাই গানৰ মাজেৰে তোক অন্তৰৰ কথা ক’ব”- প্ৰিয়াই মোৰ কাণত ফুচফুচাই ক’লে৷প্ৰিয়াৰ কথা শুনি মোৰ হাঁহি উঠিল৷
নিবিড়ে প্ৰথমে এটি বিহুগীত জুৰিলে –“ঐ জান ঐ আকাশখন ধুনীয়া/ঐ জান ঐ তৰাৰে জিলিকা/ঐ জান ঐ মনৰে সৰগত ঐ জান ঐ তুমি মোৰ মেনকা”
নিবিড়ৰ গানৰ তালে তালে লগৰ বোৰে টেবুলতে ঢোল বজাই আনন্দ কৰিলে৷বিহুগীতটি শেষ হোৱাৰ পিছত সকলোৱে তাক “আৰু এটা” “আৰু এটা” বুলি অনুৰোধ কৰিবলৈ লাগিল৷এই বাৰ সি হিন্দী গান গাবলৈ লাগিল –
“ছু কৰ মেৰে মন ক’ কিয়া তুনে ক্যা ইছাৰা/বড’লা য়ে ম’ছম লগে প্যাৰা জগ ছাৰা….” সকলোৰে হাত তালি ফূৰ্তি আনন্দেৰে নিবিড়ৰ গানৰ সমাপ্তি হ’ল৷গান শেষ হোৱাৰ পিছত নিবিড়ে যেন চুৰকৈ মোলৈ চালে নে মই নিবিড়লৈ চুৰকৈ চালোঁ, ধৰিব নোৱাৰিলোঁ৷

পাৰ্টি শেষ কৰি
আমি কলেজ বাছেৰে হোষ্টেললৈ উভতিলোঁ৷ (আগলৈ)
ණ মৌচুমী বৰি ৷
No comments:
Post a Comment