Tuesday, 30 May 2017

মোৰ মৃত্যুৰ বাতৰি পালেনে



মোৰ মৃত্যুৰ বাতৰি পালেনে


মোৰ মৃত্যুৰ বাতৰি পালেনে
পুৱাৰ খৱৰ কাগজত,নিউজ চেনেলত
যোৱা ৰাতি এটি সপোনৰ মৃত্যু হ'
সপোনৰ ঘৰবোৰ খহি গ'
মোৰ মৃত্যুৰ বাতৰি বিলাই ফুৰে
ৰাতিপুৱাৰ চৰাইয়ে
ফেৰীৱালাৰ মুখত ফুটে মোৰ মৃত্যুৰ বেদনা--------
চিটিবাছত ভিৰৰ মাজত কোনোৱে
উলিয়াই মোৰ মৃত্যুৰ কাহিনী
স্কুল কলেজ ক্লাৱ কফি হাউচত
ফুচ-ফুচাই মোৰ মৃত্যুৱে সকলোকে
দি আহে শোক -কবিতা
ডেওজাৰাৰ ঘাটত ঢিমিক-ঢামাক
লন্ঠনৰ ক্ষীণ পোহৰত
নাৱৰীয়াই গায় মোৰ মৃত্যুৰ গান------
বৈৰাগী এজনে দোতাৰাত মিলাই মোৰ মৃত্যুৰ শীতল সুৰ

মন্দিৰত পূজাৰীয়ে ভুলতে
বেদৰ মন্ত্ৰ বুলি কৈ দিয়ে মোৰ মৃত্যু মন্ত্ৰ

কোৰান হাদিছত শুই থাকে
মোৰ মৃত্যুৰ আধালেখা গাথা
গীৰ্জাত মৌনতাৰ ভাষাৰে
উৰি ফুৰে মোৰ মৃত্যুৰ বাদুলি
শাওণৰ দোকোল-টকা বানত উটি আহে
মোৰ মৃত শৰীৰ
ক্ষত-বিক্ষত অংগত খুটিয়াই
উজানৰ মাছ বোৰে
নীৰৱ নৈবোৰক দি আহে মোৰ মৃত্যুৰ বতৰা

দোভাগনিশা হুৰ-হুৰাই সাৰপোৱা চৰাইবোৰে
ইটোৱে আনটোক সোঁ‌ৱৰাই
মোৰ ভূলুণ্ঠিত মৃতদেহৰ অৱস্থা
সকলোয়ে মৌনতাৰে মোৰ জলদেৱীক দি আহে
এযোৰ শুভ্ৰ চাদৰ-মেখলা-%
কবি:-
দিবাকৰ ৰেণু

No comments:

Post a Comment