Friday, 19 May 2017

শংখৰ খোলাত ৰৈ ৰৈ বাজে আকণ্ঠ শূন্যতাঃ



শংখৰ খোলাত ৰৈ ৰৈ বাজে আকণ্ঠ শূন্যতাঃ
সাৰাংশঃ
আহিনমহীয়া কিশোৰী ধাননি পথাৰ। সেউজীয়া লিহিৰি পাতটোত এটোপাল স্বচ্ছ নিয়ৰ, বুকুত ৰূপালী চিকমিকনি। লাহি বতাহত কঁ‌পি-কঁ‌পি, এই সৰোঁ‌, এই বান্ধো নিয়ৰৰ টোপালটি। তাইৰ বুকু কঁ‌পে, উচ্ছল সুন্দৰ টোপালটি সৰি পৰিব নেকি, তলত পৰি ছিন্ন-ভিন্ন হৈ যাব নেকি তাৰ অস্তিত্ব !!!
ধান পাতটোৱে 'লে-হেৰুৱাৰ ভয় কৰিলে কেনেকৈ সৌন্দৰ্য দেখিবা? কোনো বস্তুৱেই অজৰ অমৰ নহয়। সৰে যদি সৰিব দিয়া। নসৰা সময়খিনি প্ৰাণভৰি চোৱা। নসৰা সময়খিনিত তুমি বিলীন হোৱা। নিয়ৰ টোপালটিত ব্ৰহ্মাণ্ডৰ সৌন্দৰ্য ! আহা, কাষ চাপি আহা, নিয়ৰ টোপালত তোমাৰ মুখ বিচাৰি চোৱা !!!
… … … … … … … … … … … … … … …
তুলসীনয়না ওৰফে মূৰ্চ্ছনাৰ কথাঃ
আইতাই কৈছিল, সৰুৰেপৰাই হেনো মই শব্দৰ প্ৰতি খুব সংবেদনশীল। মই যেতিয়া কেঁ‌চুৱা আছিলোঁ‌, মই হেনো খুব কান্দুৰী আছিলোঁ‌! দিনৰ দিনটো অবিচ্ছিন্নভাবে মই কান্দিয়েই আছিলোঁ‌! কিন্তু , আমাৰ ঘৰৰ বাৰীৰ পিছফালে পথাৰৰ সিপাৰে অহা ৰেলগাড়ীখনৰ ছন্দবদ্ধ উকিয়ে মোক চুপ কৰি দিছিল। মই হেনো নাছি উঠিছিলোঁ‌ ! নিশা উইচিৰিঙাৰ মাতে মোক সপোনৰ দেশলৈ লৈ গৈছিল।
হায়াৰ চেকেণ্ডাৰী পাছ কৰি মই চাউণ্ড ইঞ্জিনিয়াৰিং পঢ়িবলৈ বেংলোৰলৈ গুচি আহিছিলোঁ‌! মোৰ সপোন আছিল এজন সুদক্ষ আৰু ব্যতিক্ৰমী চাউণ্ড ইঞ্জিনিয়াৰ হোৱা। শব্দতৰংগবোৰক সাংগীতিক লয় দিয়া। লাহে-লাহে সপোনটোৱে পাহ মেলিছিল। মা-দেউতাৰ একমাত্ৰ সন্তান হিচাপে মায়ে মোক বেংলোৰলৈ পঠিয়াবলৈ প্ৰথমতে অনিচ্ছা প্ৰকাশ কৰিছিল। কিন্তু দেউতাই কৈছিল, তুলসীনয়না আমাৰ ছোৱালী হ'লেও তাইৰ সপোনবোৰ তাইৰ নিজা। তাইৰ ওপৰত আমাৰ অধিকাৰ থাকিলেও তাইৰ সপোনৰ ওপৰত আমাৰ অধিকাৰ নাই। দেউতাই মোক কপালত চুমা খাই কৈছিল-যোৱা নয়না। সপোনবোৰ সাৰ্থক কৰা। শব্দবোৰ মধুৰতম সংগীত সজাই তোলা।
… … … … … … … … … … … … … … …
তুলসীনয়না ওৰফে মূৰ্চ্ছনাৰ দেউতাকৰ কথাঃ
তুলসীনয়না মোৰ একমাত্ৰ ছোৱালী। মোৰ জী কাৰণেই কোৱা নাই, তাই সঁ‌চাকৈয়েই কিছু ব্যতিক্ৰম। শব্দৰ মোহত তাই মোহাচ্ছন্ন, সৰুৰেই পৰা। তাইক নিচুকাবলৈ আমি তাইক পুতলা আনি দিয়া নাছিলোঁ‌! আইতাকে তাইক দুলৰী গাই শুনাইছিল। তাইক আইতাকে মূৰ্চ্ছনা নাম দিছিল। তাই কান্দি থাকিলে ওচৰত মই পানীৰ টোপ-টোপ শব্দ শুনাইছিলোঁ‌! তাইৰ কান্দোন স্তিমিত হৈ গৈছিল। দুচকু উজ্জ্বলতাৰে ভৰিছিল। তাই কান উনাইছিল।
তাইৰ কাৰণেই মই বাঁ‌হী বজাবলৈ আৰম্ভ কৰিছিলোঁ‌! ওচৰত বহুৱাই লৈ মই বাঁ‌হী বজাই শুনাইছিলোঁ‌!
আজি তাই ডাঙৰ হ'ল। তাইৰ সপোন এগৰাকী চাউণ্ড ইঞ্জিনিয়াৰ হোৱা। তাইৰ সুতীক্ষ্ণ শ্ৰৱন অনুভূতিয়ে তাইক বহু ওপৰলৈ লৈ যাব।
এওঁ‌ৰ মন মৰা। আজিও তাইক এওঁ‌ ভাত খুৱাই দিয়ে, কাপোৰ পিন্ধাই দিয়ে। নিচুকনি গীত শুনাই শুৱাই থয়। তাই বেংলোৰলৈ গ'লে তেওঁ শূন্য হৈ পৰিব। মই জানো। বিয়াৰ দহবছৰ পিছত তাই আমাৰ মাজলৈ আহিছে। মিছা নকওঁ‌, তাই নাথাকিলে মই তেওঁতকৈয়ো অধিক শূন্য হৈ পৰিম। কিন্তু, তাইৰ সপোনতকৈ আমাৰ ৰিক্ততাৰ অনুভৱ ডাঙৰ নহয়। কথাটো মাক হিচাপে কিন্তু তেওঁ মানি ল'ব পৰা নাই। মই তেওঁক জোকাই মন পাতলাব চেষ্টা কৰিছোঁ‌!
'
নয়না বেংলোৰলৈ যাব ওলোৱাত মই খুব এটা বেয়া পোৱা নাই। বিয়াৰ পিছৰ দহবছৰ তুমি মোক যি মৰম কৰিছিলা, তাইৰ জন্মৰ পিছত সেয়া সব তাইকেই দিলা। মই শংখৰ খোলা যেন হৈ হৈ পৰি থাকিলোঁ‌ তোমাৰ বুকুৰ এটি অৱহেলিত সাগৰ তীৰত। এতিয়া সেই মৰমৰ সম্ভাৱনাই মোক পুণঃ সংস্পন্দিত আৰু আলোড়িত কৰি তুলিছে। উঠা প্ৰিয়ে, এই বৃদ্ধ স্বামীৰ হাতত ধৰা। মৰম সাগৰ তীৰত খোজকাঢ়িবলৈ মোক লৈ যোৱা।
তেওঁ হাঁ‌হিছে। 'তুমি তো মোৰ বৃক্ষ হয়। তোমাৰ ছাঁ‌তেই মই বাঢ়িছোঁ‌! তাই আমাৰ সপোন পুলি।
এতিয়া চাবা, মই তোমাক এক মুহূৰ্তও এৰি নিদিওঁ‌, মৰমবোৰ কাজিয়া হৈ -"চাওঁ‌, তুমি অলপ আঁ‌তৰা "- বুলি মোক খেদি খেদি ভাগৰি পৰিবা প্ৰিয়তম। '
তেওঁ মোক সাৱটি ধৰে। ময়ো।
নয়নাই গল হেকাৰি মাৰে- মা, মোৰ ট্ৰলীবেগখন ক'ত থ'লা?
নয়না বেংলোৰলৈ যায়গৈ। আমি থ'বলৈ যাবলৈ খোজোঁ‌তে তাই মানা কৰে-"এতিয়া মই ডাঙৰ হৈছোঁ‌ দেউতা। মোক নিচুকাবলৈ পৃথিৱীৰ শব্দবোৰ মই নিজেই সাৱটি ল'ব পৰা হৈছোঁ‌ ।
মূৰ্চ্ছনা অ'টোৰিক্সা খনত উঠিল এয়াৰপ'ৰ্টলৈ। তাইৰ শৈশৱৰে লগৰী অৰ্নেৱে এখন অ'টো ভাড়া কৰি আনিছে, তাইক এয়াৰপ'ৰ্টত বিদায় দিবৰ বাবে। তাৰ চকুত ডাৱৰ।
অসমৰ পৰা যোৱা এজাক ছাত্ৰ-ছাত্ৰীৰ মাজত তাইক আমি এয়াপ'ৰ্টত থৈ আঁ‌হো। যোৱাৰ আগতে তাই আমাক সাৱটি ভালকৈ থাকিবলৈ কৈ যায়। মোক প্ৰেচাৰৰ দৰৱৰ কথা বাৰ বাৰ সোঁ‌ৱৰাই থৈ যায়। মই নেদেখিও দেখিছিলোঁ‌, আমি নেদেখাকৈ অৰ্নৱে তাইৰ হাতত সৰুকৈ এটি চুমা দিছিল। তাই নিৰ্বাক হৈ গৈছিল। তাই তাৰ হাতখন বুকুত এবাৰ সাৱটি ধৰিছিল, এক পলকৰ বাবে। এওঁ‌ মোক অৰ্থপূৰ্ণ ভাবেই কৈছিল- অৰ্নৱ ভাল ল'ৰা। টেলেন্টেড আৰু সৎ । হ'লেও একো নাই … !!!
ওভতাৰ পথত আমি আমাৰ ৰিক্ত অনুভূতিক লুকুৱাব নোৱাৰোঁ‌! তেওঁ‌ৰ চকুত পানী। মোৰ চকুত একা … !!!এওঁ‌ৰ ইচ্ছাত আহোঁ‌তে কামাখ্যা মন্দিৰত সোমাই আহোঁ‌। তাত শাৰী শাৰী জঁ‌টাধাৰী ।
… … … … … … … … … … … … … … …
আকৌ মূৰ্চ্ছনাঃ
বেংলোৰখন যেনেকুৱা বুলি ভাবিছিলোঁ‌ তাতকৈ বহুত ভাল লাগিল ঠাইখন। ক্লাছবোৰ ধুনীয়াকৈ চলি আছে। আমি এটা ক্ৰিয়েটিভ গ্ৰুপ খুলি লৈছো ইয়াত। চাৰসকলো বিৰাট ভাল, সৃষ্টিশীল। বন্ধু, ক্লাছ, হোষ্টেল, আড্ডা, সৃষ্টিৰ মাজেৰেই কেনেকৈ এটা ষন্মাষিক পাৰ হৈ গ'ল গমেই নাপালোঁ‌!
শব্দৰ সৃষ্টি, এম্প্লিফিকেছন আৰু তাৰ তৰংগদৈৰ্ঘই আমাক মোহিত কৰি ৰাখিলে। একাউষ্টিক আৰু ইলেক্ট্ৰনিক শব্দসুৰে পাহৰাই ৰাখিলে বাহ্যিক পৃথিৱী। অৰ্নৱেও আজি কালি খবৰ লোৱাটো কমাই দিছে, এদিন তাক অলপ টানকৈ কৈছিলোঁ‌, মই ব্যস্ত আছোঁ‌ বুলি।
পৃথিৱীৰ 'নইচবোৰ' পৰিশোধিত কৰি তাক সংগীত কৰাৰ স্বপ্নত আমি বিভোৰ হৈ থাকিলোঁ‌।
সংগীত প্ৰধান এখন ছবিত মই শব্দ দিলোঁ‌। ছবিখনে বিদেশৰ এখন ফেষ্টিভেললৈ আমন্ত্ৰন লাভ কৰিলে। আমাৰ প্ৰেক্টিকেলৰ ভাটিয়া চাৰে ক'লে-'নেনা, য়ু হ্যাভ এন এক্সট্ৰা-অৰ্ডিনেৰী টেলেন্ট টু কনভাৰ্ট এনি ৱেভ টু অ্যা হাৰ্ট টাচ্চিং মেল'ডি।'
ইতিমধ্যে মোলৈ আন এখন ছবিৰ শব্দ পৰিচালনাৰ অ'ফাৰ আহিল। সময়বোৰ সংগীতময় হৈ উঠিল। ৰিহান, ঐশ্বৰ্য, সমীৰ, পংখী-আমাৰ গ্ৰুপটো ম'ষ্ট ক্ৰিয়েটিভ গ্ৰুপ হিচাপে লাহে- লাহে বিখ্যাত হৈ পৰিব ধৰিলে । মোৰ সপোনৰ পাখি গজিল, কুহুমীয়া হৈ উৰিল সপোন।
… … … … … … … … … … … … … … …
ছন্দপতনঃ (তুলসীনয়না)
এটা চাউণ্ড ৱ'ৰ্কশ্বপত অংশ লবলৈ আমাৰ গ্ৰুপটো এমাহৰ কাৰণে মুম্বাইলৈ গৈছিলোঁ‌ । মোৰ ফোনে তাত কাম কৰা নাছিল। আৰু ফোনত কথা পাতিবলৈ মোৰ সময়ো নাছিল, প্ৰয়োজনো অনুভৱ কৰা নাছিলোঁ‌। হৃদয় আৰু মগজুত বাহ বান্ধিছিল কিছুমান ৰিজ'নেন্স এ। সেই সংস্পন্দনত আমি বিভোৰ হৈ আছিলোঁ‌ । এমহীয়া ৱ'ৰ্কশ্বপ শেষ কৰি উভতি বেংলোৰ পাওঁ‌তে ফ্লাইটৰ পৰা নামিয়েই ফোনটো চুইচদ অফ কৰি অন কৰাৰ 'গে লগে চাৰিটা মেচেজ আহি সোমাল।
শেষ মেচেজটো অৰ্নৱৰ। সি মোৰ স্কুলৰ বন্ধু। 'মূৰ্চ্ছনা, 'ৰ মাডাৰ চিৰিয়াছ। প্লিজ কন্টেক এজ চুন এজ পচিবল। ট্ৰায়িং য়ু। ন'ট গেটিং য়' লাইন। '
মেচেজটো চাৰিদিনৰ আগৰ। মুম্বাইলৈ যোৱাৰ আগততো মই মাৰ লগত কথা পাতিয়েই গৈছিলোঁ‌। পানীলগা জ্বৰ হোৱা বুলি কৈছিল মায়ে। মোৰ গা চেবালে। বুকুখনত চিৰিং কৈ কিবা এটাই খুন্দিয়ালে। ওপৰৰ নীলা আকাশখন ক'লা হৈ পৰিল।
এয়াৰপ'ৰ্টতেই মই ঘৰলৈ অহা টিকেট কাটি নেক্সট ফ্লাইটখনত গুৱাহাটী আহি পালোঁ‌। তাৰ পৰা বাছেৰে ছয় ঘন্টাৰ বাট মোৰ সৰু গাঁ‌ওখন। দেউতাৰ ফোন চুইচদ অফ। অৰ্নৱ ন'ট ৰিচ্চেবল।
মই যেতিয়া মাৰ কাষ পাওঁ‌, তেতিয়া মাৰ চিতাৰ জুই স্তিমিত হব ধৰিছিল। অৰ্নৱে মুখাগ্নি কৰিছিল। দেউতা নিথৰ হৈ চাই আছিল। আকাশত ধোঁ‌ৱা আৰু ধোঁ‌ৱা। কুৰুলি-মুৰুলি ধোঁ‌ৱাই ছানি ধৰিছিল চৌদিশ। মাৰ যে ভিতৰি-ভিতৰি কেন্সাৰ হৈ আছিল, দেউতায়ো নাজানিছিল, ময়ো। যেতিয়া জানিছিল, তেতিয়া সময় শেষ হৈ গৈছিল। দেউতাই জমাৰ সকলো টকা, বুকুৰ সমস্ত মৰমেৰেও মাক ৰখাব নোৱাৰিলেঁ‌। ডিটেক্ট হোৱাৰ মাত্ৰ বিশদিনৰ পিছতেই … !!!
দেউতাৰ কণ্ঠ ৰূদ্ধ হৈ গৈছিল। ডক্টৰে কৈছিল-দেউতাৰ ভোকেল ক'ৰ্ডডাল নিস্ক্ৰিয় হৈ গৈছে। আৰু, এই বয়সত দেউতাৰ অস্ত্ৰোপচাৰো বহুত বিপদজনক আছিল। আৰু, মোৰ দেউতাক হেৰুৱাৰ সাহস নাছিল।
… … … … … … … … … … … … … … …
মূৰ্চ্ছনাৰ দেউতাকৰ কথাঃ
আচলতে মই তেওঁক-'চাওঁ‌, অলপ আঁ‌তৰি যোৱা'- 'ব লগা নহ'ল। নিজেই চিৰকালৰ বাবে আঁ‌তৰি গ'ল। তেওঁৰ বুকুখনহে ফোঁ‌পোলা হৈ গৈ আছিল, শংখৰ খোলা এটি হৈ।
মোক মৃত এটি শামুকৰ খোলা কৰি থৈ তেওঁ গ'লগৈ। মই উশাহ লবলৈ কষ্ট পাইছোঁ‌। মূৰ্চ্ছনাৰ খাটিৰতেই মই কষ্টৰ মাজতো উশাহ ল'বলৈ চেষ্টা কৰিছোঁ‌। নহ'লে , মোৰ পথো সহজ আছিল। তেওঁৰ ওচৰলৈ গুচি যোৱা পথটো অন্ততঃ জীয়াই থকাতকৈ অনেক সহজ আছিল।
… … … … … … … … … … … … … … …
মূৰ্চ্ছনাৰ কথাঃ
(মাতৃহাৰাৰ হোৱাৰ পৰৱৰ্তী সময়)
মূক দেউতাই মোলৈ এখন চিঠি লিখিলে। মোৰ টেবুলত থৈ গৈছিল চিঠিখন যোৱাৰাতি। মূৰ্চ্ছনা, তুমি যোৱাগে' তোমাৰ পৃথিৱীত। মই তোমাৰ মাৰ স্মৃতি লৈ ইয়াতেই থাকিম। তুমি চিন্তা নকৰিবা। নিজৰ সপোন ধৰা।
ৰিহান, ঐশ্বৰ্যহঁ‌তে ফোন কৰি সদায়েই খবৰ লৈ আছিল। মোক সাহস দিবলৈ প্ৰয়াস কৰি আছিল। মোক সংগ দিবলৈ সদায়েই ৰাজী আছিল।
দুমাহ বহুত ভাবি-চিন্তি অৱশেষত মই বেংলোৰলৈ প্ৰত্যাৱৰ্তন কৰাৰ সিদ্ধান্ত ল'লো। অলপ এষ্টাব্লিছড্ হব পাৰিলেই দেউতাকো লৈ যাম।
হাঁ‌হিমুখেৰে দেউতাই মোক এয়াৰপ'ৰ্টত থৈ গ'ল। অৰ্নৱো আহিল এয়াৰপ'ৰ্টলৈ।
ফ্লাইটত বহি মই খিৰিকিৰে বাহিৰলৈ চালোঁ‌-শূন্যতা মাথোঁ‌ শূন্যতা। মোৰ ঘৰত শূন্যতা, মোৰ বুকুত শূন্যতা, মোৰ দেউতাৰ চকুত শূন্যতা, (আৰু অৰ্নৱৰ চকুতো নেকি ??)
মোৰ শব্দ আন্দোলনে এই শূন্যতা খেদিব পাৰিবনে ? নে প্ৰতিটো ঝ্ংকাৰে মোক খেদি লৈ ফুৰিব, শব্দহীনতাৰ দুৱাৰলে ?
ফ্লাইটৰ দুৱাৰ বন্ধ কৰাৰ আগে-আগে মই নামি আহিলোঁ‌-''ৰি, আই হ্যভ টু গ' বেক। ইটছ ইমাৰ্জেন্সি। ' মই ফ্লাইটৰ পৰা নামি আহিলোঁ‌। বাহিৰত অৰ্নৱ ৰৈ আছিল। মই জানিছিলোঁ‌ সি ৰৈ থাকিব।
সি মোক একো নুসুধিলে। সি মোক আজি কালি অলপ সমীহ কৰে। ক্লাছ চেভেনত থাকোঁ‌তে সি এদিন ক'লা আঙুৰ এথোপা আনি মোৰ হাতত দিছিল। লগৰবোৰে তাক এটা আঙুৰ খোজোতেও এটাও নিদিছিল। গোটেইথোপা আঙুৰ সি মোৰ হাতত দিছিল। মোৰ ভাল লাগিছিল যদিও- তয়ে খা, মোক নালাগে বুলি উচাৎ মাৰি মই গুচি আহিছিলোঁ‌!
ঘৰৰ গেটখন খোলাই আছিল। এনেই হ'লে আমাৰ পোহনীয়া কুকুৰটোৱে আহি মোৰ গাত জাঁ‌প মাৰি উঠিলেহেতঁ‌ন আৰু মোক আগবঢ়াই লৈ 'লহেতেঁ‌ন। মা ঢুকোৱাৰ দুদিন পিচত মাৰ চিতাৰ ওচৰত গৈ সিয়ো মৰি থাকিল। ইচ্ছামৃত্যু তাৰ। ধীৰ খোজেৰে মই সোমাই গ'লো দেউতাৰ কোঠালৈ। বিচনাত বহি দেৱালত আউজি দেউতাই বাঁ‌হীত ফুঁ‌ক দিবলৈ বৃথা চেষ্টা কৰি আছিল। দেউতাৰ ওঠ , কণ্ঠ -মৰি গৈছিল, জহি গৈছিল। মন কৰা নাছিলোঁ‌, দেৱাল ঘড়ীটো কোনোবা দিনাৰ পৰাই নিস্পন্দ হৈ আছিল। মোৰ ইলেক্ট্ৰিক ৰিজনেটৰটোৰ পৰা এটা পেঞ্চিল বেটেৰী উলিয়াই ঘড়ীটোত লগাই দিলোঁ‌। টিক-টিক সময় আগবাঢ়িল পুণৰ । মোৰ ৰিজনেন্সবোৰ স্তব্ধ হৈ গ'ল।
ঐশ্বৰ্য আৰু সমীৰে ফোন কৰি আছে। 'তই আহ না ইয়ালৈ। আমাৰ প্ৰ'জেক্টবোৰচোন তই নহ'লে আধৰুৱা হৈ ৰ'ব !'
ৰিহানে খুব দুখ পাইছে, মই জানো। মোৰ লগত অকলে থাকিলে তাৰ যে বুকু কঁ‌পে, মাত নোহোৱা হৈ যায়, বুৰ্বকৰ দৰে আচৰণ কৰে, সেইটো মই অনুভৱ কৰিব পাৰোঁ‌ । কিন্তু পাত্তা নিদিওঁ‌ । এনেতো ৰিহান আমাৰ বেট্চটোৰ ভিতৰতেই ম'ষ্ট এক্সট্ৰ'ভাৰ্ট আৰু ক্ৰিয়েটিভ ল'ৰা।
সিদিনা পিয়নজনে বেংকৰ পৰা অহা চিঠি এখন মোৰ হাতত দি গ'ল। তিনিমাহৰ ল'নৰ ইনষ্টালমেন্ট দিয়া হোৱা নাই। ফাইনেল ৰিমাইণ্ডাৰ আহিছে। মাৰ বেমাৰত দেউতাৰ সমস্ত জমা টকা শেষ হোৱাৰ উপৰিও ধাৰ হৈছিল বহুত। দেউতাৰ ব্যৱসায়ৰ ইতিমধ্যে ইতি পৰিছিল। এক চাকনৈয়াত পৰি ককবকাই আছিল দেউতা। সিদিনা নেওগ আংকলে মোক বজাৰত লগ পাই সকলো কৈছিল। দেউতা ক্ৰমশঃ নিৰ্জীৱ হৈ আহিছিল। শাৰীৰিক ও মানসিক ভাবে পংগু হৈ গৈ আছিল দিনক-দিনে।
মই শব্দবোৰ পাহৰিলোঁ‌। । মৃত্যুৰ সময়ত মই নুশুনা মাৰ অস্ফুট মুখৰ শব্দবোৰে মোক খেদি লৈ ফুৰাইছিল।
অৰ্নৱে বিচাৰি-বিচাৰি মোৰ কাৰণে এটা চাকৰি যোগাৰ কৰিছিল। পিছত গম পাইছিলোঁ‌, চাকৰিটো সি তাৰ বাবেই বহুত যত্ন কৰি ঠিক কৰিছিল। মাক-দেউতাকক হেৰুওৱা সিও এক দুৰ্ভগীয়া ল'ৰাই। কিন্তু
… … … … … … … … … … … … … … … … … …
অৰ্ণৱৰ সাম্ভাব্য অনুভৱখিনিঃ
সেই অনুভৱ মোৰ একান্তই নিজা। একান্তই নিভৃত। তাত তাইৰ সঁ‌হাৰি বা অৱহেলাই একো প্ৰভাৱ পেলাব নোৱাৰে। তাই সুখী হওঁ‌ক। তাইৰ বাবেই মই জী থাকিম প্ৰতি পল। চাকৰিটোৰ মোক খুব প্ৰয়োজন আছিল। কিন্তু, মোৰ দুখ সহিব পৰা অদ্ভূত ক্ষমতা আছে। তাইৰ নাই চাগে'
… … … … … … … … … … … … … … …
তুলসীনয়নাৰ কথাঃ
চাকৰিটো মোৰ একেবাৰে ভাল লগা নাই। ঘৰৰ পৰা পাঁ‌চ কিল'মিটাৰ বাছেৰে, তাৰ পিছত এক কিল'মিটাৰ খোজ কাঢ়ি নৈৰ ঘাটলৈ। নাওৰে আৰু আধাঘন্টা পাৰ হৈ সিপাৰে মোৰ স্কুলখন, 'ত মই সংগীত শিক্ষয়িত্ৰী হিচাপে যোগদান কৰিছোঁ‌ । গাওঁখনত না কাৰেণ্ট আছে, না কিবা যোগাযোগৰ মাধ্যম আছে। ম'বাইলৰ টাৱাৰ আহিবলৈ চাগে' আৰু এটা যুগ লাগিব। খুব কমেইহে কল্পনা কৰিব পাৰিব, এতিয়াও যে এনেকুৱা পাণ্ডৱবৰ্জিত ঠাই এখন এই দুনীয়াত আছে।
অৱশ্যে ইয়াৰ স্থানীয় লোকসকলে যিমান দূৰ পাৰি মোক সহায় কৰিছে। এই এমাহ মই কেতিয়াও নিজে ভাত ৰান্ধিব লগা হোৱা নাই। আজি গাওঁবুঢ়াৰ ঘৰত, কাইলৈ পূজাৰীজনৰ ঘৰত -মোৰ মৰমৰ নিমন্ত্ৰণ চলি থাকিল।
গাওঁ বুঢ়াৰ ঘৰত এটা লেণ্ডলাইন ফোন আছে। কেতিয়াবা সি কাম কৰে। এদিন দেউতাক ফোন কৰিছোঁ‌, সিমূৰে দেউতাই ফোন ধৰিছিল, কিন্তু একো কোৱা নাছিল। আপোন কন্ঠস্বৰ বিচাৰি মই পাগল হৈ গৈছিলোঁ‌। পাঁ‌চমিনিট সময় দেউতাৰ মৌনতাৰ পিছতহে মোৰ মনত পৰিছিল, দেউতাই ইতিমধ্যে কন্ঠ হেৰুৱাইছে।
জীৱনৰ প্ৰতি ক্ৰমাৎ বিতৃষ্ণা আহিব ধৰিছিল মোৰ মনত। সকলো বেয়া পাইছিলোঁ ইয়াৰ। ভাল লগা সময়ৰ ভিতৰত আছিল মাথোঁ‌ প্ৰতি শণিবাৰে অৰ্ণৱে নাওঁ‌ লৈ মোক ঘৰলৈ নিব অহা সময়খিনি।
মই ঘৃণা কৰিছিলোঁ ইয়াৰ নীৰৱতা, সংগীহীনতা। বেংলোৰখন বহুত মিছ কৰিছিলোঁ‌। তাৰ বতাহত উৰি ফুৰা শব্দবোৰ, ট্ৰেফিক জামবোৰ, মন্দিৰৰ ঘন্টাৰ ধাতৱ শব্দবোৰ। ৰিহান, ঐশ্বৰ্য, সমীৰ, পংখীহতঁ‌ৰ সশব্দ হাঁ‌হিবোৰ । চাউণ্ড লেবৰ টকুৰা টুকুৰ শব্দবোৰ !!শব্দহীন শূন্যতাত মই ভিতৰি মৰি আহিছিলোঁ‌ ক্ৰমশঃ
মই ঘৃণা কৰিছিলোঁ সূৰ্যাস্তৰ স'তে শুই পৰা নিমাও-মাও এই গাওঁখন। মাৰাত্মক ভাবে ঘৃণা কৰিছিলোঁ নিস্তব্ধ দুপৰীয়াবোৰ। স্কুলত ছাত্ৰ মাথোঁ‌ কেইজনমানেই আছিল। গাওঁত কিবা সকাম থাকিলে আটাইবোৰ শ্ৰেণীত অনুপস্থিত আছিল। নৈশব্দই মোক বোবা কৰি নিছিল ধীৰে ধীৰে। জীৱনৰ একমাত্ৰ মানুহ দেউতায়ো হেৰুৱাই পেলাইছিল ভোকেল কৰ্ডডাল।
দেউতা যদি নাথাকিলেহেতঁ‌ন, ময়ো কিজানি মাৰ ওচৰলৈ যোৱা সেই অৱিনশ্বৰ পথটোৱেই বিচাৰি ল'লোহেতেঁ‌ন।
আজি শনিবাৰ। যোৱানিশাৰ ধাৰাষাৰ বৰষুনৰ বাবে নৈত ঢল নামিছিল। নাও চলা অসম্ভৱ আছিল। নিৰ্জন সেই দুপৰীয়াটোত মই নৈৰ পাৰলৈ ওলাই গৈছিলোঁ‌ অকলশৰে।
নৈৰ পাৰৰ এচটা শিলত মই বহি আছিলোঁ‌ । সমুখৰ নদীয়েদি পাহৰীয়া উভলা গছ কিছুমান ভাহি গৈছিল। এজোপা প্ৰকাণ্ড তুলসী গছ উটি অহাহেতেঁ‌ন এই নদীয়েদি, মই তাক ঘঁ‌হি-পিহি মোৰ জগন্নাথ সজাই তুলিলোহেতেঁ‌ন, আৰু তপস্যা কৰিলোঁহেতেঁ‌ন, প্ৰান দিয়া হে ঈশ্বৰ। মোক সংগী কৰি তোলা তুলসীপ্ৰাণৰ।
মিহিকৈ এজাক বতাহ বলিছে। আৰু চৌদিশ নিমাও-মাও।
চাগে' মই অকন তন্দ্ৰামগন হৈ গৈছিলোঁ‌ । দুপৰীয়াৰ সেই নিৰ্জনতাক টুকুৰ-টুকুৰকৈ ভাঙি, মোৰ তন্দ্ৰাক জোকাই দূৰ-দূৰ শবদ কৰি এখন বাইক আহি মোৰ ওচৰত ৰ'ল। মই চক খাই উঠিলোঁ‌। বাইকৰ ওপৰত বহি থকা ওখ মানুহ এজনৰ ছাঁ‌টো মই নদীৰ পানীত দেখিলোঁ‌। বাইকৰ শব্দত মাছ এটা পানীত জপিয়াই উঠি ডুবি গ'ল। সেই তৰংগটোৱে ছাঁ‌টো বিভংগিত কৰি দিলে। মই এবাৰ চকু মুদি আকৌ মেলি চালোঁ‌ । মোৰ পিছফালে এজন ওখ ধুনীয়া মানুহ। মুখাবয়ব ভাৰতীয় যেন নালাগে। 'মূৰ্চ্ছ্না, ৰাইট ???
কি সহজ ভাৱে আগন্তুকে মোক সুধিলে। কাণত এডাল নীলা ইয়াৰফ'ন।
'
য়েচ, বাট?'- মই অলপ থত্-মত খালোঁ‌।
'
আই'ম মাইকেল ফ্ৰম জাৰ্মেনী।
'
মি মূৰ্চ্ছনা '
'
আই ন' হেই, 'ম নট মিৰেজ। 'ম ৰিয়েল ম্যান। schön dich zu treffen .'
মই এবাৰ মাইকেলৰ ফালে আৰু এবাৰ নদীত তাৰ ছাঁ‌টোৰ ফালে চোৱাটো মাইকেলে ধৰা পেলাইছিল।
তেনেকৈয়েই মাইকেলে মোৰ চকুৰ আগৰ মৰীচিকাবোৰো ধৰা পেলাইছিল। তেনেকৈয়েই মাইকেলে মোৰ বুকুৰ শূন্যতাবোৰো ঘুকটি পেলাইছিল।
মাইকেল এজন সংগীতজ্ঞ। নীৰৱ সুৰ বিচাৰি তেওঁ ভাৰতলৈ আহিছিল, আৰু সেই প্ৰাকৃতিক অবিকৃত সংগীতৰ আত্মা বিচাৰিয়েই সুদূৰ জাৰ্মানৰ পৰা আহি অসম পাইছিলহি।
এটা এন . জি . অ' .ৰ সহায় লৈ তেওঁ নিজেই বিচাৰি এই গাওঁ‌খনলৈ আহিছিল। আনপ্লাগড এটম'স্ফিয়াৰ এটা বিচাৰি সংগীত সাধনাৰ বাবে তেওঁ আহি এই গাওঁ‌ পাইছেহি। পিছত গম পাইছিলোঁ‌, মাইকেলক বাইকেৰে সৈতে নদী পাৰ কৰি থৈ গৈছিল অৰ্ণৱে নিজে। নিজান নিতাল প্ৰাকৃতিক সংগীত বিচাৰি ভ্ৰমি ফুৰা মাইকেলক এই গাওঁ‌লৈ ৰাষ্টা কাটি দিছিল অৰ্ণৱ জড়িত থকা এন জি অ' টোৱেই।
মাইকেলে মোৰ জীৱনত খেলি মেলি লগাই দিলে। মৃত্যু কামনা কৰি থকা মোৰ আত্মালৈ সংগীতৰ ঢল বোৱই দিলে।
মই কৈছিলোঁ‌-আপুনি কিয় এই গাঁ‌ওলৈ আহিলে? ইয়াত জীৱন নাই। ইয়াত খালি হু হু নৈশব্দ।
সি ক'লে- তুমি তো চাউণ্ড ইঞ্জিনিয়াৰিঙৰ ছোৱালী। তুমি নইচ আৰু সংগীতৰ মাজৰ পাৰ্থক্য ভালকৈয়েই অনুভৱ কৰা। মই নইচৰ জগত এৰি সংগীতৰ জগতলৈ আহিছোঁ‌।'
'কিন্তু এই গাঁ‌ওৰ নৈশব্দই মোক মাৰি নিছে।'
'তুমি ভুল বুজিছা। এই গাওঁ‌ৰ নিৰ্জনতাই মোক ভৰুণ কৰি তুলিছে।'
'আপুনি কি নিৰ্জন সংগীত ভাল পায়?'
''তা, ইয়াত তো মই নিৰ্জনতা দেখা নাই। দেখিছোঁ‌ স্বৰ্গীয় মমতাৰ স্পৰ্শেৰে এক অপূৰ্ব সংগীত।'
'
মই ইয়াত মৰি যাম। মোক শব্দ লাগে।'
মাইকেলে মোক বাইকৰ পিছত বহুৱাই লৈছিল।
আমি নৈৰ পাৰত বহিছিলোঁ‌ অলেখ সন্ধিয়া। নৈৰ যুঁ‌ৱলিত পোনা মাছবোৰ উঠি আহিছিল। ওপৰত চৰাই। ভুৰুং কৈ উৰি যোৱা চৰাই এজাকৰ পাখিৰ শব্দত পোনা মাছবোৰে একে সময়তে টুপাই বুৰ মাৰিছিল। অস্পষ্টকৈ শুনা এক শব্দ বুকুত দ্ৰবীভূত হৈ গৈছিল। শব্দটো মই অনুভৱ কৰিছিলোঁ‌, আৰু মোক বুকুত সাৱটি থকা মাইকেলেও।
এজাক চৰাই বহিছিল ওচৰত। বতাহত এটা হালধীয়া পাত সৰিছিল। তাৰ শব্দত চৰাইজাকে একেলগে ডেউকা কোবাই উৰি গৈছিল। সঁ‌চা, ইয়াতকৈ জীৱনমুখী শব্দ আৰু একো নাছিল। এইবোৰ অনুভৱ কৰিবলৈ মোক মাইকেলেই শিকাইছিল। মোৰ অনুভৱী মন পুণঃ জাগ্ৰত হৈ উঠিছিল। মাইকেলে শব্দবোৰ ৰেকৰ্ড কৰি ৰাখিছিল।
বৰষুণত তিতিছিলোঁ‌ দুয়ো। জৰ্ জৰ্ বৰষুণ। এৰা, ইয়াতকৈ সুমধুৰ সংগীত বেংলোৰৰ লেবতো শুনা নাছিলোঁ‌ কাহানিও।
টিলিঙা বজাই ম'হৰ গাড়ী এখন পাৰ হৈ গৈছিল। সেই টিলিঙাৰ শব্দই সন্ধিয়াটো মন্ত্ৰমুগ্ধ কৰি তুলিছিল। হাঁ‌হি হাঁ‌হি মাইকেলে মোক এইবোৰ শব্দ চকুৰ আগত তুলি ধৰিছিল।
আমি দুয়ো পথাৰৰ মাজৰ সৰু আলিত বহি আছিলোঁ‌। দাৱনীবোৰে ধান দাইছিল। ধানমুঠি হাতত পকাই দাৱনীবোৰৰ সমন্বিত কাঁ‌চিৰ শব্দই এক মন্ত্ৰমুগ্ধ সাংগীতিক লয়ৰ সৃষ্টি কৰিছিল।
মাইকেলে কৈছিল-এইবোৰ সংগীত। বাকীবোৰ ব্ৰহ্মাণ্ডৰ 'নইচ'
মাইকেলে মোৰ পৃথিৱীৰ নইচবোৰ আঁ‌তৰাই তাত সংগীতৰ প্ৰিলিউড ভৰাইছিল।
মোৰ জীৱনলৈ বাৰিষা আনি এদিন মাইকেল গ'লগৈ। জাৰ্মেনীলৈ। তাৰ প্ৰজেক্ট শেষ হৈছিল। এই নিমাখিত প্ৰাকৃতিক শব্দবোৰ সি ৰেকৰ্ড কৰি লৈ গৈছিল। বহু দিন পিছত গম পাইছিলোঁ‌-মাইকেল চাউণ্ডৰ ক্ষেত্ৰত অস্কাৰ ন'মিনেটেড শিল্পী আছিল। যান্ত্ৰিকতাৰ নইচবোৰৰ পৰা সুৰ বিচাৰি আঁ‌তৰি মোৰ স্কুলৰ গাওঁ‌লৈ আহিছিল।
মোক আকৌ এবাৰ মাৰি থৈ মাইকেল জাৰ্মানীলৈ উৰা মাৰিছিল।
সংগীত বিধ্বস্ত হৃদয়েৰে মই মাইকেলক ধন্যবাদ জনাইছিলোঁ‌ । সি কৈছিল-বুকুৰ সংগীত কলিজাত শুনিবা। এক চিৰন্তন স্বৰ্গীয় অনুৰণন তুলি কলিজাই ঢপ ঢপায় প্ৰতিটো প্ৰাণতেই।
মোৰ আজি কলিজাৰ সংগীত তীব্ৰ অনুভূতি প্ৰৱণ হৈ উঠিছিল। মাইকেলক বিদায় জনোৱাৰ সময়ৰ সেই হাৰ্ট বীট লৈ এতিয়াও মই জীয়াই আছোঁ‌, থাকিম।
… … … … … … … … … … … … … … …
উপহংসাৰঃ
ইতিমধ্যে মাইকেলে নাওঁ‌ চলাব শিকিছিল যোৱাৰ দিনা নদীত নাওঁ‌ মেলি সি কৈছিল- মূৰ্চ্ছনা, যদি তুমি মোৰ সংগী হৈ অনিশ্চিত ভবিষ্যতৰ ফালে খোজ দিব খোজা, আহা মোৰ হাত ধৰা।
ইতিমধ্যে মূৰ্চ্ছনাক নিবলৈ অৰ্ণৱো আহি নৈৰ ঘাট পাইছিলহি।
বুকুত হাত দি মূৰ্চ্ছনা ওৰফে তুলসীনয়নাই পাৰত থিয় দি থাকিল।
তাই মাইকেলৰ নাওতো নুঠিলে, অৰ্ণৱৰ নাওতো।
তাই পিচফালে ঘুৰি পুণঃ তাইৰ স্কুলৰ গাঁ‌ওখনলৈ খোজ ল'লে
য়ন্ত আকাশ বৰ্মন

No comments:

Post a Comment