বৰষুণ বেয়াপোৱা
ছোৱালীজনী..
"ছাতি লোৱা মানুহে,
কেতিয়াওঁ বৰষুণ ভালপাব নোৱাৰে"
ফুলাম ছাতিটো সঁযতনে খামুচি,
সঁলাজী হাঁহি এটিৰে আতঁৰি গৈছিল তাই..
মই তিতি বুৰি ৰৈ গৈছিলো,
বৰষুণ বেয়াপোৱা ছোৱালীজনীলৈ চাই চাই।
কেতিয়াওঁ বৰষুণ ভালপাব নোৱাৰে"
ফুলাম ছাতিটো সঁযতনে খামুচি,
সঁলাজী হাঁহি এটিৰে আতঁৰি গৈছিল তাই..
মই তিতি বুৰি ৰৈ গৈছিলো,
বৰষুণ বেয়াপোৱা ছোৱালীজনীলৈ চাই চাই।
বৰষুণ আহিলে তাই
চাঁদলৈ দৌৰিছিল,
উমহু,তাই তাত জপিওঁৱা নাছিল..
দুহাত মেলি থিয় দিয়াও নাছিল..
তাই মাথো মেলি থোৱা কাপোৰবোৰ,
খুব খৰকৈ সামৰিছিল।
উমহু,তাই তাত জপিওঁৱা নাছিল..
দুহাত মেলি থিয় দিয়াও নাছিল..
তাই মাথো মেলি থোৱা কাপোৰবোৰ,
খুব খৰকৈ সামৰিছিল।
বাৰিষাৰ দিনবোৰত
প্ৰায়েই দেখিছিলো তাইক,
লগত আছিল সেই নীলাভ ফুলাম ছাতিটো।
কেতিয়াবা পদুলিত ছাতি মেলি মেলি ওলাই আহোতে,
আকৌ কেতিয়াবা ষ্টপেজত ছাতি সামৰি গাড়ীত উঠোতে।
কেতিয়াবা যদি টিউচনলৈ যাওঁতে,
মাজে মাজে বজাৰ কৰি উভতি আহোতে।
লগত আছিল সেই নীলাভ ফুলাম ছাতিটো।
কেতিয়াবা পদুলিত ছাতি মেলি মেলি ওলাই আহোতে,
আকৌ কেতিয়াবা ষ্টপেজত ছাতি সামৰি গাড়ীত উঠোতে।
কেতিয়াবা যদি টিউচনলৈ যাওঁতে,
মাজে মাজে বজাৰ কৰি উভতি আহোতে।
বৰষুণ দিলেই তাইলৈ
মনত পৰিছিল।
ক'ত বা আছে, ছাতিটো লগত নিছে নে!
মোৰ ভয় হৈছিল-
বৰষুণৰ স্পৰ্শত যেন উৱঁলি যাব তাই..
প্ৰতিটো টোপালে ধুই নিব তাইৰ গুলপীয়াখিনি।
ক'ত বা আছে, ছাতিটো লগত নিছে নে!
মোৰ ভয় হৈছিল-
বৰষুণৰ স্পৰ্শত যেন উৱঁলি যাব তাই..
প্ৰতিটো টোপালে ধুই নিব তাইৰ গুলপীয়াখিনি।
এদিন খুপি খুপি
খোজ কাঢ়োতে মই সুধিছিলো তাইক-
তুমি বৰষুণ কিয় বেয়া পোৱা?
তাইৰ দুচকুৰ কাজঁল তিয়াই বৈ আহিছিল,
এজাক কজঁলা বৰষুণ।
বুকুত বোজা হোৱা ডাৱৰবোৰ,
সিদিনা খঁহি পৰিছিল মোৰ চাৱঁনিত।
তুমি বৰষুণ কিয় বেয়া পোৱা?
তাইৰ দুচকুৰ কাজঁল তিয়াই বৈ আহিছিল,
এজাক কজঁলা বৰষুণ।
বুকুত বোজা হোৱা ডাৱৰবোৰ,
সিদিনা খঁহি পৰিছিল মোৰ চাৱঁনিত।
মই মাথো তাইৰ হাতত
হাত ধৰি,
আঁজুৰি আনিলো তাইৰ বৰষুণজাক..
মোৰ বুকুলৈ!!
দুয়ো বহুপৰ তিতিলো একেলগে,
ভালপোৱাৰ বৰষুণজাকত।
একেলগে আওঁৰালো আমি,
কিনকিনীয়া বৰষুণৰ কবিতা।
মই সুধিলো-
তোমাৰ নীলৰঙী লগৰীজনী ক'ত?
তাই মোৰ কাণে-কাণে ক'লে-
তুমি অহাই চাগে তাই আতঁৰি গ'ল।
বৰষুণ বেয়াপোৱা ছোৱালীজনী এতিয়া সলনি হ'ল।
আঁজুৰি আনিলো তাইৰ বৰষুণজাক..
মোৰ বুকুলৈ!!
দুয়ো বহুপৰ তিতিলো একেলগে,
ভালপোৱাৰ বৰষুণজাকত।
একেলগে আওঁৰালো আমি,
কিনকিনীয়া বৰষুণৰ কবিতা।
মই সুধিলো-
তোমাৰ নীলৰঙী লগৰীজনী ক'ত?
তাই মোৰ কাণে-কাণে ক'লে-
তুমি অহাই চাগে তাই আতঁৰি গ'ল।
বৰষুণ বেয়াপোৱা ছোৱালীজনী এতিয়া সলনি হ'ল।
:- দীপাংকৰ অনুৰাগ
No comments:
Post a Comment