তোমাক দেখিলেই
তোমাক দেখিলেই
জীয়াই থকাৰ ভীষণ তাড়ণা হয়
এই দিয়ানা তোমাৰ হাতখন
তুমি তোমাৰ হাতখন দিলা
বাওঁহাতখন নে
সোঁহাতখন
মুঠতে তোমাৰ হাত
পাচোতা আঙুলি পাচোতা জোন
শীতল এক আমেজ শীতৰ
Cafe cofee day ৰ AC আৰু cold cofee
জীয়াই থকাৰ ভীষণ তাড়ণা হয়
এই দিয়ানা তোমাৰ হাতখন
তুমি তোমাৰ হাতখন দিলা
বাওঁহাতখন নে
সোঁহাতখন
মুঠতে তোমাৰ হাত
পাচোতা আঙুলি পাচোতা জোন
শীতল এক আমেজ শীতৰ
Cafe cofee day ৰ AC আৰু cold cofee
তুমি কথাই প্ৰতি
হাঁহি থকা
হাঁহিবোৰ চাৰিওফালে বিয়পি পৰে
আচলতে হাঁহিবোৰ উৰি থাকে
চিগাৰেটৰ ধোঁৱাৰ দৰে
তুমি চিগাৰেট নোখোৱা
মইও নাখাওঁ
আগৰজনী প্ৰেমিকাই
আব্দাৰ কৰি আতঁৰালে
আচলতে প্ৰেমৰ পৰিবেশত চিগাৰেটৰ ধোঁৱাৰ মজাই বেলেগ
মানে এক অদ্ভুত ধৰণৰ romantic drama create হয়
ধোঁৱাৰ কুণ্ডলী
কল্পনাৰ কুৱঁলী
আশাৰ কুণ্ডলী
তাতে আকৌ প্ৰেমিকাই যদি খাবলৈ মানা কৰে
হাজাৰবাৰ এৰিব পাৰি চিগাৰেট
হাঁহিবোৰ চাৰিওফালে বিয়পি পৰে
আচলতে হাঁহিবোৰ উৰি থাকে
চিগাৰেটৰ ধোঁৱাৰ দৰে
তুমি চিগাৰেট নোখোৱা
মইও নাখাওঁ
আগৰজনী প্ৰেমিকাই
আব্দাৰ কৰি আতঁৰালে
আচলতে প্ৰেমৰ পৰিবেশত চিগাৰেটৰ ধোঁৱাৰ মজাই বেলেগ
মানে এক অদ্ভুত ধৰণৰ romantic drama create হয়
ধোঁৱাৰ কুণ্ডলী
কল্পনাৰ কুৱঁলী
আশাৰ কুণ্ডলী
তাতে আকৌ প্ৰেমিকাই যদি খাবলৈ মানা কৰে
হাজাৰবাৰ এৰিব পাৰি চিগাৰেট
আস!তোমাৰ এই
লাজকুৰীয়া হাঁহিটোৰ বাবেই মই দিৱানা
তোমাৰ ওঁঠত cold cofee ৰ ফেন
মই মোহাৰি দিম ভাবিলো
তুমি হাতখন এৰি নিদিলা
দেহত এটা মিঠা সুৰসুৰণি হৈছিল
তেতিয়া এটা গান মনলৈ আহিছিল
"যৌৱনে আমনি কৰে "
আৰু এটা গান "ঢৌ তুলি নাচিছে বুকু "
বাকী খিনি নকও আৰু এতিয়া যিহে censor ৰ যুগ
তোমাৰ ওঁঠত cold cofee ৰ ফেন
মই মোহাৰি দিম ভাবিলো
তুমি হাতখন এৰি নিদিলা
দেহত এটা মিঠা সুৰসুৰণি হৈছিল
তেতিয়া এটা গান মনলৈ আহিছিল
"যৌৱনে আমনি কৰে "
আৰু এটা গান "ঢৌ তুলি নাচিছে বুকু "
বাকী খিনি নকও আৰু এতিয়া যিহে censor ৰ যুগ
আগৰ জনীক কিমান
ভাল পাইছিলো তুমি সুধিলা
মই পুৰা কাহিনী তোমাক গাই শুনালো
এক ছোতা চা প্ৰেম কাহিনী
তুমি গম পালা মই নষ্টালজিক হোৱা বুলি
তুমি তোমাৰ হাতখন আতঁৰাই নিব খুজিছিলা
মই এৰি নিদিলো
মই পুৰা কাহিনী তোমাক গাই শুনালো
এক ছোতা চা প্ৰেম কাহিনী
তুমি গম পালা মই নষ্টালজিক হোৱা বুলি
তুমি তোমাৰ হাতখন আতঁৰাই নিব খুজিছিলা
মই এৰি নিদিলো
তুমি হাঁহিলা
তুমি হাঁহিলেই আৰু কমেও এশ বছৰ
জীয়াই থাকিবৰ মন হয়
বৰ কোমল তোমাৰ হাত কমোৱা তুলাৰ দৰে
অৱশ্যে বহুদিনেই হ'ল কমোৱা তুলা চুই নোপোৱাৰ
তুমি হাঁহিলেই আৰু কমেও এশ বছৰ
জীয়াই থাকিবৰ মন হয়
বৰ কোমল তোমাৰ হাত কমোৱা তুলাৰ দৰে
অৱশ্যে বহুদিনেই হ'ল কমোৱা তুলা চুই নোপোৱাৰ
এইবাৰ তুমি মোৰ
দুয়ো হাতত ধৰিলা
মনতে এটা গান গুণগুণালো
তেৰে মেৰে বীছ মই কেইছা হেই য়ে বন্ধন
চিঞৰি চিঞৰি গাবৰ মন হ'ল
নাগালো
মই গালে তুমি বেয়া পোৱা
মনতে এটা গান গুণগুণালো
তেৰে মেৰে বীছ মই কেইছা হেই য়ে বন্ধন
চিঞৰি চিঞৰি গাবৰ মন হ'ল
নাগালো
মই গালে তুমি বেয়া পোৱা
সকলো মিলনৰে
বিচ্ছেদ বাধ্যতামূলক
এটা সময়ত তুমি নিজ পথেৰে গুছি গ'লা
মই মোৰ
এটা সময়ত তুমি নিজ পথেৰে গুছি গ'লা
মই মোৰ
মোৰ পথত হাঁহিৰ
টুকুৰাবোৰে গুণগুণাইছে
এইযে তুমি কথাৰ মাজতে কাৰোবাৰ লগত
হাঁহি হাঁহি কথা পাতিছিলা
মই ঈৰ্ষাত চতফটাইছিলো
এতিয়া ভাবি হাঁহি উঠিল আকৌ
মই হাঁহি আছো
এইযে তুমি কথাৰ মাজতে কাৰোবাৰ লগত
হাঁহি হাঁহি কথা পাতিছিলা
মই ঈৰ্ষাত চতফটাইছিলো
এতিয়া ভাবি হাঁহি উঠিল আকৌ
মই হাঁহি আছো
অ' মনত পৰিছে
যাবৰ পৰত তুমি কাছি জোনটোলৈ
আঙুলিয়াই দেখুৱাইছিলা
হাঁহি বৰণীয়া জোন
এতিয়া জোনটো নাই
তোমাৰ হাঁহিবোৰ আছে
যাবৰ পৰত তুমি কাছি জোনটোলৈ
আঙুলিয়াই দেখুৱাইছিলা
হাঁহি বৰণীয়া জোন
এতিয়া জোনটো নাই
তোমাৰ হাঁহিবোৰ আছে
street light অৰ জোনাক সেইয়া
কবি:-
ණ নৱকাশ ।
No comments:
Post a Comment