'ধাৰাসাৰে '
.
ফুটফুটীয়া বগা ফ্ৰকটো শুঙি চালে তাই । আস ! ইমান
ধুনীয়া গোন্ধ । আগতকৈ বেছি জোৰেৰে তাই ফ্ৰকটো নাকটোত হেঁচা মাৰি দিবলৈ লওঁতেই মামণি বৌৱে
চিঞঁৰিলে,
'মাইনী, আনিলিনে ? '
মাইনীয়ে দৌৰ মাৰি ৰ'দত গলিবলৈ থৈ দিয়া নাৰিকল তেলৰ টেমাতো লৈ মামণি বৌৰ কাষ পালেগৈ । মাইনীয়ে সুধো নুসুধোকৈ সুধিলে ,
'বৌ,ফ্ৰকটো এতিয়াই পিন্ধোনে ?'
'ৰচোন ৰ' পিন্ধিবি । আগেয়ে মোৰ মূৰত তেল অলপ সানি দেচোন ।'
মামণিবৌৰ কোচতে ফ্ৰকটো থৈ মাইনীয়ে নাৰিকল তেলৰ টেমাতো উবুৰিয়াই তাইৰ এধানিমান হাতৰ তলুৱাত তেল অকন লৈ মামণি বৌৰ দীঘল চুলিকোছাত তেলখিনি সানিবলৈ ধৰিলে । তেলখিনি সানি সানি তাই পিছফালৰ পৰা মামণি বৌৰ ডাঙৰ পেটতোলৈ চাই বৰমাকে কোৱা কথাটোলৈ মনত পেলালে । ৰ' চোন ৰ' দেখিবি , আৰু এমাহমানৰ পিছতে সৰু মাইনা এটা দেখিবি । এমাহ ! আঙুলিতে গনি চালে তাই । এদিন দুদিন…বহুত দিনচোন ।
'ঐ, কি হ'ল তোৰ ? সান আক' চুলিত তেল ।'
মামণি বৌৰ মাতত তাই উচপ খাই উঠিল আৰু হঠাতে
কৈ উঠিল,
'বৌ, এমাহচোন বহুত দিন ! তাৰ আগেয়ে তোমাৰ
পেটৰ পৰা মাইনাতোক উলিয়াই আনিব নোৱাৰিনে ?'
তাইৰ কথালৈ গুৰুত্ব নিদি মামণি বৌৱে ৰাস্তালৈ আঙুলিয়াই দি কৈ উঠিল ,
'সৌৱা চাচোন কোন আহিছে ।'
হয় , চিটিকনি এচাৰি এডাল হাতত লৈ তাইৰ মাক আহিছে । তেলৰ টেমাতো তাতে এৰি বৰমাকে
আনি দিয়া ফ্ৰকটো লৈ পিছফালৰ বাৰীৰে মাইনীয়ে নিজৰ ঘৰলৈ ভিৰাই দৌৰ দিলে ।
ৰাতি মাকে মাইনীক পঢ়িবলৈ বুলি চাকিতো জ্বলাই দিলে । কাইলৈৰ পৰা তাইৰ তৃতীয় শ্ৰেণীৰ বছেৰেকীয়া
পৰীক্ষা । পঢ়াত মন নাই তাইৰ । কেৱল দিনৰ দিনতো
বৰমাকৰ ঘৰত গৈ মামণি বৌৰ কথামতে ইটো অনা সিটো অনা । বীৰেনে গৰ্ভৱতী ঘৈণীয়েক মামণিলৈ আনি দিয়া আঙুৰ বা আপেল এচকল পালেই মাইনী খুচ । তাতে আজি বৰমাকেও ফুটফুটীয়া বগা ফ্ৰক এটা আনি দিছে তাইক ।
টেবুলত জ্বলি থকা চাকিতোৰ শলাকানিৰ আগটোত ক্ৰমে ডাঙৰ হৈ অহা কলা ছাইৰ টুকুৰা কেইটা তাই পিন এটাৰে খুচি খুচি এৰুৱাই ভাবিবলৈ ধৰিলে , কেঁচুৱা মাইনাতো আহিবলৈ এমাহ লাগে কিয় ? কেঁচুৱাতোচোন বৌৰ পেটতেই আছে । তাৰ আগতেইনো নোৱাৰি কিয় ? কথাবোৰ ভাবি ভাবি মাইনী পঢ়াৰ টেবুলতে টুপনি গল । পাছত মাক আহি দুচাটমান দি গৰমভাত এগৰাহ খুৱাই বাঁহৰ খাটিয়াখনত শুৱাই থলেগৈ তাইক ।
ৰাতি হঠাত কাৰোবাৰ কান্দোন শুনি মাইনীয়ে কাষতে শুই থকা মাকক হেঁচুকি দিলে । মাকেও সাৰ পাই ফচকৈ চাকিতো জ্বলাই কাষতে শুই থকা মাইনীৰ বাপেকক হেঁচুকি জগাই ক'লে,
'হেৰি উঠকচোন, বীৰেণহঁতৰ ঘৰৰ ফালে কিবা
এটা হৈছে । ডাঙৰকৈ কন্দা শুনিছো ।'
হঠাতে ঘৰৰ তেনেই কাষতে লাগি থকা ৰাস্তাটোৰে চুবুৰীৰ মানুহবোৰ দোপ দোপকৈ বীৰেণহঁতৰ ঘৰৰ ফালে দৌৰি যোৱাৰ শব্দ হল । মাইনীয়ে মাক বাপেকলৈ ৰৈ নাথাকি ৰাস্তাৰে যোৱা মানুহৰ পিছে পিছে মামণি বৌৰ ঘৰলৈ দৌৰ দিলে ।
চোতালত বগা কাপোৰ এখনেৰে মাইনীয়ে সদায় চাবলৈ
আশা কৰি থকা কেঁচুৱা মাইনাতোক মেৰিয়াই থোৱা আছে । কাষতে মাটিত বাগৰি কান্দি কান্দি বাউলি হৈ আছে মাইনীৰ বৰমাক আৰু মামণি বৌ । দুজনীমান মাইকী মানুহে বৰমাক আৰু বৌৱেকৰ মূৰত নাৰিকল তেল সানিছে । মামণি বৌক কান্দিবলৈ হাক দি কৈছে, এই অৱস্থাৰে বেছি কান্দিলে বেয়া হব । নাকান্দিবি নাকান্দিবি । মাইনীৰ ওচৰত থকা আন দুগৰাকীমান
মাইকী মানুহে পাতিছে, এতিয়াই জন্ম হবলৈ হোৱা নাছিল । আৰু এমাহমান আছিল । বেচেৰী মামণিজনীলৈ বেয়াই লাগিছে । পেটৰ প্ৰথমতো পো । পেটতেই বাৰু মৰি আহিব লাগেনে !
মাইনীৰ এধানিমান হাতদুখনে লব পৰাকৈ সৰু কেঁচুৱা মাইনাতো । যিটো কেঁচুৱা চাবলৈ মাইনীৰ হেঁপাহৰ অন্ত নাছিল । এমাহৰ আগেয়ে চাব বিচাৰিছিল । সেই
কেঁচুৱাটোৰ ওচৰলৈ যাবলৈ তাই এতিয়া সাহস গোটাব পৰা নাই ।
কোনোবা এজনে মাজতে কৈ উঠিল ।
'ঐ চায়েই থাকিবিনে ? বল…বল, সোনকালে দিহা লগা …।'
চোতালত থকা কেঁচুৱাটোক কোনোবা এটাই আহি কাপোৰেৰে নুৰিয়াই কান্ধত কোৰখন লৈ পিছফালৰ বাঁহনিডৰালৈ নিবলৈ ধৰোতেই এইবাৰ প্ৰথমৰে পৰাই মূক হৈ থকা মাইনীয়ে কিবা এটা বুজি ঐ
আমাৰ বৌৰ মাইনাটোক কলৈ নিছা…দিয়া মোক দিয়া বুলি ফেঁকুৰি কান্দি কান্দি মানুহটোৰ পিছ লব ধৰোতেই ওচৰতে থকা বৰমাক আৰু মামণি বৌৱে মাইনীক দুফালৰ পৰা সাৱট মাৰি ধৰি ৰাউচি জুৰি কান্দিবলৈ ধৰিলে । বৰমাক আৰু মামণি বৌৰ দুগালেৰে ধাৰাসাৰে বৈ অহা চকুলোৱে মাইনীৰ ফুটফুটীয়া বগা ফ্ৰকটো তিয়াই পেলালে ।
.
মাইনীৰ বছেৰেকীয়া পৰীক্ষা । বাক্য ৰচনা কৰিবলৈ
আহিছে । ধাৰাসাৰে ।
মাইনীয়ে লিখিলে, ' মামণিবৌৰ কেঁচুৱাটো পেটতে মৰি অহাত মামণি বৌ আৰু বৰমাৰ দুগালেৰে ধাৰাসাৰে বৈ অহা চকুলোৱে মোৰ ফুটফুটীয়া বগা ফ্ৰকটো তিয়াই পেলালে ।'

কবি:-
ණ ভাস্কৰ জে বৰা ।
No comments:
Post a Comment