Saturday, 13 May 2017

তাৰ পিছত আৰু একো নাথাকে #নৱাকাশ



তাৰ পিছত আৰু একো নাথাকে



তাৰ পিছত আৰু একো নাথাকে
উচুপি উঠে গধূলি এটাই
উচুপনিত ৰাতি আহে
ৰাতিৰ বাটত অজস্ৰ সপোন
এই সপোনবোৰ তোমাৰ
এই সপোনবোৰ মোৰ
সপোনৰ ঘৰ্ষণত তোমাক মই বিচাৰি ফুৰো
মোক নোসোধাকৈয়ে অসংখ্য কাইট
অসংখ্য ফুল
মোক আৱৰি ৰাখে
আৱৰণ তুমি বেয়া পোৱা
নীতিগত ভাৱে হয়টো বেয়া কথা
আচলতে বেয়া বোলা বোৰৰো এক সুকীয়া আমেজ থাকে
আৰুনো কি ক'
কিমান কথা যে কোৱা হ'
আৰু কিমানযে নোকোৱাকৈ থাকি যাব
কাইলৈ চিনেমা চাব আহি যোৱানা
তুমি ক'লা না
তুমি চেঁচা পানী ঢালিলা আশাত
এই চেঁচা পানীবোৰ এদিন বৰফ হ'
বৰষুণৰ বৰফ
বৰফৰ টুকুৰাবোৰ আমাক আমনি কৰিবলৈ ৰৈ থাকে
মাজে মাজে হতাশাত ভাগি পৰা আমিবোৰক জীয়াই তুলিবলৈ
এটা সময়ত বৰকৈ মৰাৰ কথা ভাবিছিলোঁ
মৰিম বুলিলেও মৃত্যু নাহিল
এতিয়া জীৱনতো বৰ প্ৰিয়
এই যে তোমাৰ হাতখন চুই চোৱাৰ এক গোপন বাসনা
এইবাবেই জীপাল জীৱন
এইবাবেই স্পৰ্শৰ দৰেই স্পৰ্শকাতৰ জীৱন
এতিয়া ভাৱি ভাল লাগে
কিমান সুন্দৰ এই জীৱন
তাৰ পিছতো বহুকথাই থাকে
উচুপিছে এটা গধুলি


No comments:

Post a Comment