Monday, 29 May 2017

নিৰুচ্চাৰ



নিৰুচ্চাৰ
=========
শত শতাব্দী প্রাচীন মেৰু শিখৰৰ তুষাৰ কীৰিট
মানুহ জনৰ মুৰত
সহস্র বছৰৰ নদীর অৱবাহিকা
তেওঁৰ শোঁতুৰ-মোতোৰ ছালত
বহু দশকৰ ফলভাৰাক্রান্ত হালি পৰা গছৰ দৰে
তেখেতৰ ক্ষীণ দেহা
হাতত ভগা পাচি লৈ
উতলি ফুৰে তলসৰা ফুল পাতবোৰ
অহাযোৱাৰ বাটেৰে নিতৌ পুৱা
যৌৱনৰ জলতৰঙ্গৰ ৰঙ্গভৰা
সাৰ পাওঁ মই এলেহুৱা প্রভাতত অলপ পলম কৈ
দেখি ভাল লাগে চুবুৰীখন চিকুনাই ৰখাৰ
তেওঁৰ এই নিৰন্তৰ প্রয়াস দেখি
আলসুৱা হামিয়াহ কাঢ়ি চাই ৰওঁ
অলপ কৌতুকভৰে
হাতৰ পাচি ভৰি লৈ
কলমলীয়া জাৰত কঁপি কঁপি
মোৰ আগেদি তেওঁ জানো যায় কলৈ
এদিন ভাবিলো গৈ চাওঁ
মনে মনে তেওঁৰ পাছে পাছে
হালি পৰা দেহাৰে
ফুলভৰ পাচিখনো তেওঁ
কঢ়িয়াওঁতে বৰ গধুৰ পায় যেন লাগে
ওচৰৰ জাবৰৰ দমত পেলাই দিলেই চোন ঝামেলা চিগে
টুক টুক কৈ তেওঁ পালে গৈ
চুবুৰীৰ নিলগত শেপ টুকি থকা
জৰাজীর্ণ কলং পাৰত
লাহে কৈ বহি লয় তাৰ ভগাচিগা এঢলীয়া পাৰত
হাতৰ পাচিখন কাষৰতে থৈ
পুৱাৰ জাৰসনা বতাহে
তেওঁৰ মুৰৰ চুলিক আওদালি দিয়ে
এপাহ এপাহ কৈ ফুলবোৰ তুলি লৈ
উটুৱাই দিয়ে কলঁঙৰ মৰাসূতিত
হাতেৰে পানীৰ মাজেৰে ঠেলি দিয়ে ফুলপাহ
ঠেঁঠুৱা লগা জাৰত
চাই ৰয় মৰমেৰে উটি যোৱা ফুললৈ
চকুত বিৰিঙি উঠে তেওঁৰ
কিবা অনাস্বাদিত ভাৱৰ তিৰবিৰনি
লাহেকৈ আতৰি আহোঁ
তেওঁক নিজা পৃথিৱীত থৈ
মনত ৰৈ গ'ল অনুচ্চাৰিত প্রশ্ন
কাৰ বাবে তেওঁৰ এই প্রয়াস -
তেওঁৰ ঢলি পৰা বয়স ?
চুবুৰীক নিকা ৰখা ?
সৰি পৰা ফুলৰ সদগতি ?
মৃতপ্রায় কলঙৰ সূঁতি ?
কবি:-
জ্যোতিষ কুমাৰ দেৱ

No comments:

Post a Comment