জখলা
জখলা বগুৱাটো পুৰণি খেল
তুমি তাৰ চতুৰ খেলুৱৈ
জখলাত উঠি পলকতে আকাশ স্পৰ্শ কৰিলাগৈ
শিপা খামুচি তলত ৰৈ গ’ল
জখলা ভাল নোপোৱা
এদল অহংকাৰী গোৱাৰ মানুহ
ওখ হোৱাৰ স্বপ্ন
দেখি
বাচি ল’লা
এডাল সহজতে পোৱা জখলা
ওপৰলৈ উঠি কেনে লাগিছে ?
তললৈ এবাৰ চোৱা
কি দেখিছা ?
সেউজ বননি
নে তলত ৰৈ থকা চাপৰ মানুহবোৰ
নাই
সেইবোৰ তোমাৰ চকুত পৰাৰ সম্ভাৱনা নাই
তোমাৰ চকুত জিলিকিছে
আগতকৈও ওখ এডাল জখলা
য’ত উঠি তুমি
আৰু ওপৰলৈ বগুৱাৰ কথা ভাবিছা
বাচি ল’লা
এডাল সহজতে পোৱা জখলা
ওপৰলৈ উঠি কেনে লাগিছে ?
তললৈ এবাৰ চোৱা
কি দেখিছা ?
সেউজ বননি
নে তলত ৰৈ থকা চাপৰ মানুহবোৰ
নাই
সেইবোৰ তোমাৰ চকুত পৰাৰ সম্ভাৱনা নাই
তোমাৰ চকুত জিলিকিছে
আগতকৈও ওখ এডাল জখলা
য’ত উঠি তুমি
আৰু ওপৰলৈ বগুৱাৰ কথা ভাবিছা
সাৱধান
অভ্যস্ত জখলাবোৰ বৰ পিছল
বগুৱাৰ আনন্দত তুমি হয়তো পৰাৰ কথা ভবাই নাই
কিয় ? ৰাজহাঁহ আৰু কাছৰ সাধুটো পাহৰিলা
বেছি মুখ মেলিলে
আকৌ কেতিয়া মাটিত পৰিবা গমেই নাপাবা
অভ্যস্ত জখলাবোৰ বৰ পিছল
বগুৱাৰ আনন্দত তুমি হয়তো পৰাৰ কথা ভবাই নাই
কিয় ? ৰাজহাঁহ আৰু কাছৰ সাধুটো পাহৰিলা
বেছি মুখ মেলিলে
আকৌ কেতিয়া মাটিত পৰিবা গমেই নাপাবা
মানুহবোৰলৈ এবাৰ
চোৱা
তোমাক জখলা বগুৱা দেখি
ওচৰলৈ দৌৰি আহিছে
তোমাৰ দৰেই বগাবলৈ হয়তো জখলা বিছাৰিছে
কোনোবাই পাই যাবও পাৰে
আৰু এডাল ওখ জখলা
তেতিয়াই তুমি বাওনা হৈ পৰিবা
ধূলিসাৎ হৈ যাব ওপৰলৈ উঠাৰ গৰ্ব
কি ঠিক
তুমি বগাই উঠা জখলাডাল তাঁহাতে
ভাঙিও দিবও পাৰে
জানাই দেখোন
আজি কালি ভঙাটোৱেই সহজ
তোমাক জখলা বগুৱা দেখি
ওচৰলৈ দৌৰি আহিছে
তোমাৰ দৰেই বগাবলৈ হয়তো জখলা বিছাৰিছে
কোনোবাই পাই যাবও পাৰে
আৰু এডাল ওখ জখলা
তেতিয়াই তুমি বাওনা হৈ পৰিবা
ধূলিসাৎ হৈ যাব ওপৰলৈ উঠাৰ গৰ্ব
কি ঠিক
তুমি বগাই উঠা জখলাডাল তাঁহাতে
ভাঙিও দিবও পাৰে
জানাই দেখোন
আজি কালি ভঙাটোৱেই সহজ
জখলাডালেও বুজক
আনৰ ভাৰ সহি সহিয়েই
জীৱনটো যায়
আনক ওপৰলৈ উঠোৱাৰ ফূৰ্তিত
জখলা বগুৱাবোৰক বিশ্বাস কৰি কৰা মহা ভুল
ওখ কাৰোবাক পালেই যে
তাক নিক্ষেপ কৰিব অন্ধকাৰত
আনৰ ভাৰ সহি সহিয়েই
জীৱনটো যায়
আনক ওপৰলৈ উঠোৱাৰ ফূৰ্তিত
জখলা বগুৱাবোৰক বিশ্বাস কৰি কৰা মহা ভুল
ওখ কাৰোবাক পালেই যে
তাক নিক্ষেপ কৰিব অন্ধকাৰত
সময় থাকোঁতেই নামি
আহা
জখলাৰ পৰা
মাটিৰ মানুহ মাটিতে থাকা
দহৰ সুখকে নিজৰ সুখ বুলি লোৱা
এদিন দেখিবা
জখলা নোহোৱাকৈয়ে তুমি ওখ হৈ গৈছা
জখলা নবগালে
খহি পৰাৰ আশংকাও নাথাকে
তুমি হৈ পৰিবা
জখলাৰ মোহৰ পৰা মুক্ত এজন স্বাধীন মানুহ
--দুলাল হাজৰিকা
জখলাৰ পৰা
মাটিৰ মানুহ মাটিতে থাকা
দহৰ সুখকে নিজৰ সুখ বুলি লোৱা
এদিন দেখিবা
জখলা নোহোৱাকৈয়ে তুমি ওখ হৈ গৈছা
জখলা নবগালে
খহি পৰাৰ আশংকাও নাথাকে
তুমি হৈ পৰিবা
জখলাৰ মোহৰ পৰা মুক্ত এজন স্বাধীন মানুহ
--দুলাল হাজৰিকা
No comments:
Post a Comment