পুতলাৰ জীৱন-চক্ৰ
.
পুতলাবোৰে বুজি পায়
শিশুৰ কান্দোন
.
শিশুবোৰে সেয়ে ভাল পায়
পুতলাৰে খেলিবলৈ
.
শিশুসকল দিনে দিনে
ডাঙৰ হৈ আহে
.
ক্ৰমে বুজি উঠে
পুতলাবোৰ যে জীৱন নহয়
.
সেয়ে তেওঁলোকে ক্ৰমে
মানুহ হ'বলৈ বিচাৰে
.
এদিন পুতলাবোৰৰ সমষ্ট ভাৱনা দলিয়াই দিব খুজি
পুতলা বুলি দলিয়াই পেলায় পুতলাৰ ছাঁবোৰ
.
আৰু আমি ডাঙৰ হৈ গৈ থকা দুৱাৰবোৰেৰে
মনে মনে আমাৰ ভিতৰলৈ সোমাই আহে পুতলাবোৰ
.
এইদৰে এদিন আমাৰ দেহ-মনবোৰক ধাৰণ কৰি
পুতলাবোৰ হৈ পৰে সম্পূৰ্ণ একোজন মানুহৰ দৰে
কবি:-
ණদিব্যজিত বানিক্য ।
No comments:
Post a Comment