সুখ
সুখৰ সংজ্ঞা বিচাৰি ফুৰোতে
দুখৰ ৰাতিৰ নপৰে ওৰ,
নেদেখা জনৰ চকুলৈ
বাট চাই চাওতে
দিন বোৰত এলান্ধু লাগিব ধৰে।
ধুসৰ পৃথিবীখন অদৃশ্য হয়
দিন ৰাতিৰ কস্টবোৰত
হাড় বোৰত চণ পৰে,
প্ৰস্ফুটিত সপোন বোৰ
ক'ৰবাত বিলিন হৈ যায়।
অাশাবোৰ ভঙ্গ হয়
নদীৰ বুকুত জাহ যায়,
তথাপিতো পাৰ ভাঙি অাহে দুখবোৰ।
পোৱা নোপোৱাৰ মাজতে
তোমাক বিচাৰি ফুৰো,
হূদয়ত, মন্দিৰৰ দুৱাৰত
প্ৰেমৰ শলিতা লৈ।
কবি:-
ණপুতুলী বেজবৰুৱা ।
No comments:
Post a Comment