সেই আঁচলটো……
°°°°°°°°°°°°°°°°°°
কিয়েই বা বন্ধা হৈ নাছিল
সেই আঁচলটোত……
°°°°°°°°°°°°°°°°°°
কিয়েই বা বন্ধা হৈ নাছিল
সেই আঁচলটোত……
প্ৰীতিৰ অক্ষয়
পাত্ৰটোৰ পৰা
আলহী ফুৰি অনা
মিথৈটোলৈকে……
আলহী ফুৰি অনা
মিথৈটোলৈকে……
ভয়াৰ্ত দুচকুৰ
মহৌষধৰ পৰা
পাঠশালাৰ পানীখোৱা ছুটীৰ
আধলিটোলৈকে……
পাঠশালাৰ পানীখোৱা ছুটীৰ
আধলিটোলৈকে……
সেই আঁচলটো ওলমি
ৰৈছিল
কেতিয়াও উঁৱলি নোযোৱা ৰিহা এখনত
ৰিহাখন…………
কেতিয়াও উঁৱলি নোযোৱা ৰিহা এখনত
ৰিহাখন…………
আয়ে আটিছিল
আই যোৱাৰ পৰত
কামধেনু আঁচলটো,
ৰাখি থ'ব নোৱাৰিলোঁ………
ৰাখি থ'ব নোৱাৰিলোঁ………
ණ প্ৰশান্ত শৰ্মা ৷
No comments:
Post a Comment