খন্ডিত স্বপ্ন:
:তোমাৰ চকুত সেয়া কি মানসী?..
:মোৰ চকুত ? কি ?
:আস! সেইয়া সপোন এটিয়ে এইমাত্র ঢৌ খেলি গ’ল।
“ তুমি দেখা সপোনটো যদি সঁচা হ’লহেঁতেন, বুজিও নুবুজাৰ, জানিও নজনাৰ, দেখিও নেদেখাৰ অভিমানী ভাওবোৰ সোলোকাই ময়ো যদি দেখিলোহেঁতেঁন তুমি দেখা সেই একেটি সপোন’!!
একলম অশ্রুৰ
চিয়াহীৰে ডায়েৰিৰ পাতখিলাত কথাখিনি লিখি তাই উঠি আহে। শেষনিশাৰ অপেক্ষা। বন্ধ দুৱাৰৰ সিটো পাৰে তেতিয়াও মদৰ ৰাগীত আকন্ঠ ডুবি থকামানসীৰ মাতাল স্বামী আৰু তাৰ বন্ধুবর্গৰ
অশ্রাব্য, উদ্ভ্রান্ত কোলাহল।
ණ ৰঞ্জু শৰ্মা ৷
No comments:
Post a Comment