Thursday, 25 May 2017

উৰুঙা হৃদয়ৰ দাপোণত



উৰুঙা হৃদয়ৰ দাপোণত

কি উৰুঙা আছিল
হৃদয়ৰ বেথাবোৰ
এসোতা চকুপানী চৌপাশে বিৰিঙি
নদী বৈ বহু যোজন বাটৰ চমু সোঁৱৰণি
কেনে অন্তৰস্পৰ্শী আছিল
একেখনি হৃদয় বিভোৰ সপোনবোৰৰ
দূৰণিৰ নিজম বনৰ গভীৰতাত
সুখ নে দুখ..., জোনাকৰ বহু আত্ম গোপন আশা-ভৰষাৰ...
কিমান অনুভৱী আছিল নাজানো
মৌন ওঁঠৰ ভাষাবোৰ হৃদয়ৰ আলেঙে-আলেঙে
প্ৰতিধ্বনি উঠা প্ৰাণোচ্ছল মধুৰ প্ৰতিটো আলাপ
নাচি উঠে কাৰ বাবে সপোনে-সচিতে জোনাকী কাৰেঙে
এই কথা জানিও মই খোজ দিছিলো বিৱৰ্ণ দিনলিপিৰে
সেইবাবে কিদৰে কওঁ এশ এবুৰি ভাৱনাত একেথিৰে
উথলি পাৰ ভাঙি গতি কৰা নৈ:শব্দ উশাহৰ ঢল
কেতিয়াবা উনুকিয়াই চাও যদি সংগোপনে কোনোক্ষণে
ৰিণিকি ৰিণিকি যেন অজস্ব ছবি হৃদয়ৰ দাপোণত কিয়বা ভটিয়াব ধৰে ৷৷
বি:
অংকুৰ শইকীয়া ৷

No comments:

Post a Comment