Thursday, 11 May 2017

মোৰ অবুজ বেদনা



মোৰ অবুজ বেদনা

আজি আন্ধাৰ কোঠাৰ
নিৰ্জনতাবোৰ ভংগ হ……
সৰু খিৰিকি খনেৰে যেন
কিছুমান মধুৰ স্মৃতি সোমাই আহিছে……
মোৰ বিবৰ্ণ ওঁঠৰ নিৰ্মম যান্ত্ৰণা
আৰু অবুজ বেদনাবোৰৰ বুজ লবলৈ৷৷
সেই লগ্ন ৰবিৰ কিৰণ ছাঁয়াৰ
আলফুলীয়া স্পৰ্শ……
মই মোৰ শৰীৰত আজি
বাৰুকৈয়ে অনুভৱ কৰিছো৷
:- চবিনা য়াচমিন

No comments:

Post a Comment