Monday, 22 May 2017

এগৰাকী বেশ্যাৰ বুকুত-অনুৰাগ কাশ্যপ



এগৰাকী বেশ্যাৰ বুকুত



তাইৰ ধেনুভিৰীয়া ভ্ৰুযুগল চাই ভাবিছিলো
কিমান হব পাৰে তাইৰ দৰ
চল্লিশ,পঞ্চাশ---
দুশ তাইৰ ৰঙীন শৰীৰটোত
ডুব যাবলৈ যথেষ্ট৷
তাই অলপ এন্ধাৰ বিচাৰিছিল
আত্মগোপনৰ অভিসন্ধি!
বুজিছিলো
এন্ধাৰক'লা অৰণ্যখনৰ দাঁতিয়েদি
বিৰক্তিৰে তাই বগাব দিয়ে
হালধীয়া সাপ এডাল৷
তাইৰ ওঁঠৰ ৰং
আৰু দুচকুৰ গভীৰতা
থিক বসন্ত আৰু শীত!
বুকুৰ উপত্যকাত তাইৰ
নিশ্চিহ্ন শিলাখণ্ডৰ ভগ্ন টিলা
টিলাৰ দাঁতিয়েদি কোঁৰ কুঠাৰৰ ক্ষত
'ত স্নেহৰ কলপ লগোৱা নাই
সৰীসৃপ বগোৱা বাট এটিত
তাই সাঁচি থয় আকাশৰ এমুঠি নীলা
মোলৈ,তেওঁলৈ,সিঁহতলৈ
মুঠতে
তাই বুকু পাতি লয়
মঙহৰ তৰোৱালৰ খোঁচ বুকুত!!
তাইৰ দুচকুত
বৰফ হৈ ৰয় শীতৰ এখনি নৈ
যাৰ পাৰত
তাই সাজে শূন্য ইগলু!
লুকুৱাই থয় অনুভূতিৰ চ্যুটকেচ!!
মন গলে তাতে
সপোন দেখাৰ সপোন ৰচে৷
তাই জানে
খোজত কিমান সবাক লাগে ককাঁল
জানে পুৰুষৰ লেলাৱতিৰ সংজ্ঞা
পলাশ নে মদাৰ ফুলাব ওঁঠত
কৃষ্ণচুড়া ঘৃননীয় ফুল
তাইযে নহয় ৰাধা
মুৰুলীৰ সূৰ এটি চৰি ৰয় তাইৰ বুকুভেদি
প্ৰাণৰ কৃষ্ণ!!
দুচকু মুদি
দুওঁঠ সামৰি
মৃত স্বাসবোৰ এৰে ঘনাই
খোঁচনিৰ দুশটো খেপিয়াই
সপোনৰ দৰে হাতেৰে মুঠি মাৰি লয়৷৷


-অনুৰাগ কাশ্যপ

No comments:

Post a Comment