Sunday, 21 May 2017

জেঠৰ ফুলাম ঋতু



।। জেঠৰ ফুলাম ঋতু ।।
নক্ষত্রখচিত আকাশৰ তলত
নেজাল তৰাৰ গান
চোওঁ বুলিলেই চুই চাব পাৰে মাটি,
মাটিত এটা প্রেমিক বাঁহী
নিশ্বাসত সেউজীয়া সানি
সাগৰতলিত শুই আছিল প্রীতি
প্রার্থনা এটা হৈ
আকাশলৈ মূৰ তুলি চাই আছিল
এটা প্রাচীন সুহুৰি
জেঠৰ ফুলাম ঋতু
বর্ষাসিক্ত আকাশৰ তলত
মুঠি মুঠি জোনাকি
-উইল চিদ্দিকুৰ ৰহমান।

No comments:

Post a Comment