Friday, 26 May 2017



মানুহ, একোটি গল্প:
চিত্রাচলৰ বেঙা’ :
কথাবোৰ মনত থকা দিনৰে পৰা মানুহজনৰ নাম বেঙা বুলিয়েই জানো। প্রকৃত নাম আন কিবা আছিল যদিও কেতিয়াও কোনেও মানুহজনক বেলেগ নামেৰে মতা শুনা নাই। সৰুবোৰেও বেঙাবুলিয়েই মাতো, মন গলে কেতিয়াবা দাদা শব্দটো লগাই লও, বেছিভাগ সময়তেই নলগাও। মানুহবোৰৰ লগতে আমাৰো যেন এটাই ধাৰণা যি বুলিয়েই নামাতো বেঙাইতো নুশুনেই। পিছে বেঙা হলেও মানুহজনৰ লগত কথা-বতৰা পাতোতে কেতিয়াও কাৰো অসুবিধা নহয়। যিয়ে আকাৰে ইংগিতে বুজাব পাৰিছিল তাৰ কথাতো বুজিছিলেই, যিয়ে তেনেকুৱা সাংকেতিক কথোপকথনত পাকৈত নাছিল বেঙাই তেওলোকৰ ভাষাও বুজি লৈছিল। কথা কোৱাৰ সময়ত মুখমন্ডলত হোৱা পৰিবর্তন আৰু ভাৱ-ভংগীবোৰ অধ্যয়ন কৰিয়েই অর্থটো শুদ্ধকৈ অনুমান কৰি লব পাৰিছিল। অগত্যা যথেষ্ট অন্যমনস্ক হৈ থাকিলে কোনোৱে মুখৰ আগত হাতচাপৰি বজাই দিলেই হল। বেঙাৰ মুখখনত অনবৰতে লাগি থকা হাঁহিটোও যে আছিল ইমান সৰল । হাঁহিৰেহে যেন কথাৰ পাতনি হয়।
চুটি চাপৰ মানুহজনে মুখেৰে মাতিব নোৱাৰে ,কানেৰেও নুশুনে, ভৰিদুটাও সামান্য বেকা। পাহাৰৰ একা বেকা ৰাস্তাটোৰে লেঙেৰিয়াই লেঙেৰিয়াই খোজ কাঢ়ি ওপৰলৈ উঠোতে বৰ কষ্ট হয়। কিন্তু বেঙাৰ বাহুত যেন দহটা হাতীৰ বল। মানুহৰ ঘৰৰ খালী চিলিন্ডাৰ কান্ধত উঠাই নি দুইকিলোমিটাৰমান আঁতৰৰ গেছ এজেন্সীত জমা দিয়ে , তাৰ পৰা আকৌ গেছভর্ত্তি চিলিন্ডাৰবোৰ কান্ধত উঠাই দুইকিলোমিটাৰমান বাট পাহাৰ বগাই ঘৰে ঘৰে বিলাই দিয়ে। সেই সময়ত গুৱাহাটীৰ অলপ বেছি ওখ পাহাৰৰ পিণে থকা মানুহখিনিৰ বাবে চিলিন্ডাৰ অনা নিয়া কৰিবলৈ ইয়াতকৈ আৰু বেলেগ উপায় নাছিল। দিনটোৰ ভিতৰত প্রায় চাৰিটামান চিলিন্ডাৰ এনেদৰে অনা নিয়া কৰাৰ পিছত গধূলিলৈ বেঙা ভাগৰি পৰে। চিত্রাচল পাহাৰৰ এঢলীয়াত বড়ো আৰু নেপালী মানুহৰ বস্তি এটা আছিল, তাৰ বড়ো মানুহ কেইঘৰমানে সাজপানী বনায়। চিলিন্ডাৰৰ ভৰত জুৰুলা হোৱা বেঙাৰ দেহাটো আন্ধাৰ নমাৰ লগে লগে কোনমতে গৈ সেই বড়োবস্তি পাইগৈ। ৰাতি এপৰলৈ তাতেই পৰি থাকি এটা সময়ত বেঙা ওপৰলৈ উঠি আহে।
এঢলীয়া ,ঠেক বাটটোৰ বেছিভাগেই আন্ধাৰ, ঠায়ে ঠায়ে ঠিয় গৰা, কোনোবাখিনিত বিয়াগোম পাথ্থৰ, ফুৰ-ফুৰীয়াকৈ বৈ যোৱা নিজৰাৰ পানীৰ চিটিকনি পৰি শেলুৱৈ ধৰি থকা শিলবোৰ বৰ পিছল। ইফালে সাজপানীৰ নিচাত খোজ ঢলং-পলং, তথাপি বেঙাই কেতিয়াও ৰাস্তা নেহেৰুৱাই, খোজ নেহেৰুৱাই। ওচৰেৰে কোনোৱা পাৰ হৈ যোৱা গম পালেই অস্ফুট গেঙনি এটা মাৰে। যেন কব খোজে মোৰ নিচা লগা নাই”..। লেঙেৰিয়াই লেঙেৰিয়াই এটা সময়ত কোনোমতে ঘৰটো পায়গৈ। পিছদিনা ৰাতিপুৱাৰে পৰা আকৌ সেই একেই দিনলিপি।
কৃঞ্চচূড়াৰ বতৰত চিত্রাচল পাহাৰ ৰঙা হৈ পৰে,মাজে মাজে বগা, গুলপীয়া আজাৰ, হালধীয়া সোনাৰু। ৰামধেনুখন আহি যেন পাহাৰীয়া বাটটোতে থিতাপি লয়হি। সেই সময়ত বেঙা পশিছ-ছাব্বিছ বছৰীয়া ডেকা। শাৰিৰীকভাৱে বিসংগত হলেও বেঙাৰ মনেও ঋতু সলায়, ৰঙবোৰে সপোনত আহি বাহ সাজে। মুখেৰে খুলি ব নোৱাৰিলেও বেঙাৰ অনুভৱবোৰ যেন চকুৱে-মুখে ফুটি উঠে। কথাবোৰ আমাৰো চকুত পৰেহি, বোধয় আৰু আন বহুতৰে। আমি মনে মনে লক্ষ্য কৰো হালধীয়া সোনাৰু ফুলা বতৰত বাটত পৰি থকা ফুল এথোপা বুটলি আপোনমনে বেঙা আহি থাকে। কেতিয়াবা আকৌ এজাৰেজোপাৰ তলত এনেই বহি কিবা কিবি ভাৱি হাঁহি থাকে। মদাৰৰ পাহিবোৰ আমাক বুটলি দিয়ে,,সেইবোৰেৰে আমি হাতৰ নখ সজোৱা দেখিলে কিবা এটা শব্দ উলিয়াই পেটতে ধৰি ধৰি হাঁহে। বুজি পাও, সেইয়া বেঙাৰ সন্তুষ্টিৰ হাহি। গোটেই পাহাৰখনেই যেন বেঙাক সাৱটি ধৰি নিৰাপদে ৰাখে, সুখত, সন্তুষ্টিত।
মাজেমাজে পাহাৰখনৰ মানুহে কথা পাতে..এই বেঙালৈ এজনী গোটাই দিব পৰা লে”...কোনোবাজনে আকৌ কয়..ইছ কোননো আহিব ইয়ালৈ, কেও কিছু নাই, তাতে বেঙা”..। কেতিয়াবা কোনোজনে মনে মনে সন্তুষ্টি লয়..আহিব আহিব, বেঙালৈও কাৰোবাক পঠিয়াই থৈছে ভগৱানে।...
এনেদৰে বিভিন্ন চিন্তা-চর্চাৰ মাজতে এদিনাখন পাহাৰৰ ভাজে ভাজে খৱৰ এটা বিয়পি পৰে। সিদিনা বেঙাই বড়ো বস্তিত আৱেলিটো নকটাই সোনকালে ঘৰলৈ উভতে, লগত এগৰাকী অকনমানি কইনা। বেঙাই শুক্রেশ্বৰ মন্দিৰত গৈ বিয়া পাতিলে, প্রেম বিবাহ। বেঙাতকৈও বহু চাপৰ কইনাৰ সাজত থকা ছোৱালীজনী দেখি সিদিনা গোটেই ৰাস্তাত ঘূৰি নোচোৱা মানুহ নাছিল। আমিও চাইছিলো। মনে মনে খুৱ ফূর্ত্তি পাইছিলো বেঙাই ইম্মান সৰু ছোৱালী এজনী বিয়া পাতিলে!! পিছলৈ ডাঙৰবোৰেহে কোৱা শুনিছিলো.. এইয়া চোৱা, বেঙাৰ বাবেও ভগৱানে এজনী সাচি ৰাখিছিল, বাওনা হলেও কইনাজনী মৰমলগা
এনেদৰেই বাওনা কইনাজনীৰ সতে বেঙাই সংসাৰৰ পাতনি মেলে। কোনোৱে এডোখৰ কাপোৰ, কোনোৱে কিবা কিবি সৰু সুৰা লাম-লাটকুৰে সহায় কৰি আৰম্ভনীৰ হেচুকাটো মাৰি দিয়ে। সিহত দুয়ো সুখী আছিল। বহুদিনলৈ সি বড়ো বস্তিলৈ নোযোৱাকেও আছিল। আৱেলি দুইটাই পাহাৰীয়া বাটত বহি সূর্য্যাস্তৰ হালধীয়া চাইছিল, হাতত হাত ধৰা-ধৰিকৈ পাহাৰ বগাইছিল। বেচেৰী কইনাজনীৰ পাহাৰ বগোৱা অভ্যাস নাই, বেঙাই আলফুলে হাতত ধৰি ৰৈ ৰৈ আহি থাকে। ছোৱালীজনীয়ে কিবা কিবি কৈ থাকে, মুখেৰে ,,ইংগিতেৰে ,হাতেৰে। বেঙাই চাগে সকলো বুজে, মুখত সেই সকলো সময়তে লাগি থকা ভুৱন-ভুলোৱা হাহিটো। দেখিলেই মন ভৰি যোৱা দৃশ্য।
এটা সময়ত বেঙাৰ মানুহজনী গর্ভৱতী হল। আকৌ আৰম্ভ হল মনৰ সমীকৰণ, যোগ, বিয়োগ, পূৰণ হৰণ..বিভিন্ন চিন্তা।..সন্তানটো বাওনা হব নে সাধাৰণ লৰা-ছোৱালীৰ দৰে হব?...বেঙা হব নে কথা কব পৰা হব?...মানুহে মাতিলে কানেৰে শুনিবনে?..বেচেৰা বেঙাইনো বাৰু কেনেকৈ মৰম কৰিব।..মানুহৰ নানা ধাৰণা , আমিও ভাগ পাও, কেতিয়াবা অংশও লও। বেঙাৰ আকৌ কি যে ফূর্ত্তি!!!..এতিয়া ভাৱো তাৰ মনতো বাৰু সন্তানটো লৈ আন মানুহবোৰৰ দৰে শংকা সোমাইছিলনে? জানিছিলনে বাৰু বেঙাইও ভয় কৰিব। আপোনভোলা হাঁহিটোৱে চাগে চিন্তাবোৰ ঢাকি ৰাখিছিল।
বহু চিন্তা ভাৱনা, সন্দেহ, হেপাহৰ অন্তত বেঙাৰ মৰমলগা ৰা এটা হল। তাৰ দুবছৰমান পিছত এজনী ছোৱালী। দুইটাই সম্পূর্ণ সাধাৰণ লৰা-ছোৱালীৰ দৰে। বগা বগা লুথুপথুপীয়া চেহেৰাৰ পোৱালী দুটি সকলোৰে মৰমৰ হৈ উঠিল। এটা সময়ত সিহঁত দুটি স্কুললৈও গল। বেঙা ও একেদৰেই থাকিল। মাত্র সন্ধিয়া সন্ধিয়া আকৌ বড়োবস্তিলৈ যোৱা কৰিলে, ৰাতি ৰাতি পিছল বাটত পিছে সি তেতিয়াও খোপনি হেৰুওৱা নাছিল।
চিত্রাচল পাহাৰ এৰি অহাৰে পৰা বেঙাৰ সংসাৰ আৰু বেঙাৰ খৱৰ নোপোৱা হলো। এতিয়ালৈ চাগে সিও বুঢ়া হল। মানুহজনীও। মাজে মাজে বেঙালৈ মনত পৰে, ৰা-ছোৱালীহালৰ খৱৰ পাবলৈ মন যায়। বিশেষকৈ এতিয়াৰ আধুনিক সমাজৰ সামাজিক, পৰিয়ালকেন্দ্রিক জটিলতাবোৰ দেখিলে বেঙালৈ, তাৰ মৰমৰ ঘৈনিয়েকজনীলৈ, চিত্রাচল পাহাৰৰ ৰঙবোৰলৈ বৰকৈ মনত পৰে।
মানুহৰো যে জীৱন, গল্প এটিতকৈ কি গুণতনো কম?...চুটি চুটি গল্প, ৰঙ সনা কাহিনী, সুখৰ, দুখৰ, মৰমৰ।
কবি:-
ঞ্জু শৰ্মা

No comments:

Post a Comment