Friday, 26 May 2017

নিম্ন মধ্যবিত্ত:



নিম্ন মধ্যবিত্ত:
বজাৰৰ দৰত
আমাৰ দৰে মানুহবোৰ
এখিলা হালধীয়া পাত,
মন গ'লেই
ডাঙৰীয়া সকলে বতাহ আনে
আমি সৰি পৰো অকস্মাত ।
ৰাইজৰ মেলত
আমাৰ দৰে মানুহবোৰ
নিকম্মাৰ জাত,
মন গ'লেও
থুৱাই দিব নোৱাৰো
তলা লাগি থাকে জিভাত।
অধিকাৰ
সুৰক্ষা
নতুবা ন্যায়ৰ মাত,
সকলোতে
আমাৰ দৰে মানুহবোৰৰ
খালী দুহাত ।।
কবি:-
হিমাংশু ভাগৱতী

No comments:

Post a Comment