গল্পৰ দৰেই
বিহু বুলি মনত
কিছু ৰং সানিছিলোহে ৷ কেম্পাছৰ ল'ৰা- ছোৱালী কেইটাক
লৈ এপাক বিহু নাচি বছৰেকৰ বিহুটোক আদৰো বুলি
ওলাইছিলোহে ৷ এনেতে ঘটিল অঘটনবোৰ প্ৰাকৃতিক অঘটনবোৰ মানিবই লাগিব, ই এটা সত্য ৷ কিন্তু আন অনেক কথা জীৱনলৈ প্ৰশ্ন হৈ আহে ৷ কিয় ঘটে বা কিয় ঘটাই
মানুহে এনে ঘটনা নিজৰ ক্ষন্তেকীয়া সুখ পাবলৈ বা নিজৰ অভাৱ পুৰাবলৈ ৷ আচৰিত হওঁ আৰু চিন্তিত হৈ পৰো এনে কথাত ৷
প্ৰকৃততে বিহু
বুলি ককালখন নাভাঙিলে মনটো সুখী নহয় ৷ জীয়ৰী কালৰ পৰাই গঢ়ি উঠা অভ্যাস ৷ ক'ত এৰিব পাৰো ! প্ৰতিবছৰেই আমাৰ সৰু কেম্পাছটোৰ মানুহখিনি গোট হৈ আমি অলপ ফূৰ্তি কৰো কেম্পাছৰ মানুহকেই ঘৰৰ
চোতালত ৷ ইয়াৰ অন্তৰালৰ আন এটা সত্য কথা হ'ল আমাৰ ল'ৰা- ছোৱালীহঁতক
বিহুৰ পৰম্পৰাৰ প্ৰতি আগ্ৰহি কৰা ৷
প্ৰথম ঘৰখনত আৰম্ভ কৰিব লৈছোহে আহিল নহয় ভূমিকম্পটো ৷ ল'ৰা- ছোৱালীকেইটাই চিঞৰ- বাখৰ কৰি কন্দা- কটা আৰম্ভ কৰি দিলে ভয়তে ৷ আটাইকে সন্মুখৰ মুকলি ঠাই ডোখৰলৈ আনিলো ৷
ভূমিকম্পৰ ভয়ত মনবোৰ সেমেকিল যদিও, পিছদিনাৰ পৰা দুঘৰমান বিহু বুলি ফুৰিবলৈ যাব বাবে অলপকৈ হ'লেও বিহু গাই যাওঁ বুলি মনতে থিৰাং কৰি পুনৰ আৰম্ভ কৰিলো | প্ৰথম ঘৰ শেষ কৰি দ্বিতীয় ঘৰৰ নঙলা পাই হৰিধ্বনি দিছোহে এনেতে এওঁলোকৰ অফিচত মাজে
মাজে হাজিৰা কাম কৰা মনেশ্বৰ আহি মোৰ ওচৰত ৰ'লহি আৰু ক'লেহি -
- বাইদেউ অলপ ঘৰলৈ ব'লকচোন ৷ আপোনাৰ লগত কথা আছে ৷
তাৰ মুখৰ পৰা ওলোৱা গোন্ধটোত বুজিলো মানুহ ফিটিং হৈ আহিছে সাজপানী খাই ৷ তাৰ পিন্ধনত এটা লংপেণ্ট, এটা কুৰ্তা , ডিঙিত এখন ফুলাম গামোচা ৷ বিহু বুলিয়েই অলপ ধৰিছে চাগৈ ৷ সি মোক কৈয়ে আগবাঢ়িল ৷ পিছে পিছে খোজ ল'লো ৷ ভাবিলো বিহু বুলি কিবা অলপ পইচা পাতি খুজিবলৈ আহিছে চাগৈ ৷ কিবা এটা দি বিদায় দিওঁগৈ বুলি মই ভিতৰ সোমাব খুজিলো ৷ কিন্তু মোক আচৰিত কৰি সি নাটকীয় ভাবে বাৰান্দাত থকা প্লাষ্টিকৰ চকীখন টানি লৈ বহি পৰিল ৷ সচৰাচৰ তাক দেখো যদিও মই দৰকাৰত বাহিৰে তাক মাতি পোৱা নাই ৷ তাৰ আচৰণত মই হতচকিত হৈ থিয় হৈ ৰ'লো ৷ হঠাৎ সি গামোচা খনেৰে মুখ ঢাকি কান্দিবলৈ ধৰিলে ৷ মই আকৌ থৰ হ'লো ৷ ইয়াৰ হ'ল কি ? তাক মই সুধিলো -
- তোমাৰ হ'ল কি মনেশ্বৰ ?
- মোৰ মানুহজনী আৰু নাই বাইদেউ ৷ কান্দি কান্দি ক'লে ৷
- কি হ'ল ? কেনেকৈ হ'ল ?
- বিহু বুলি মাকৰ ঘৰত থৈ আহিছিলো তাইক আৰু ল'ৰাটোক, যাবলৈ মন কৰা বাবে ৷ মাকৰ ঘৰৰ ওচৰৰ সাপ্তাহিক বজাৰখনলৈ বিহুৰ বজাৰ কৰিবলৈ যাওঁতে বাইকে খুন্দিয়ালে ৷ স্পট ডেড্ ৷ মই কি কৰো, আজি বিহুৰ দিনা মোৰ কপাল ফুটিল ৷ এতিয়া ডেড্ বডি টো আনিবলৈ মোৰ হাতত এটকাও নাই ৷ তিলনি, সকাম মই কি কৰো ? দুবছৰীয়া ল'ৰা টোক লৈ মই ক'ত যাম, কি কৰো, গাড়ীৰ আগতে শুই দিমগৈ আৰু মই ৷ কৈয়ে সি চিঞৰি কান্দিবলৈ ল'লে ৷
মই কি কৰো কি নকৰো ভাবি ঠিৰাং কৰিব নোৱাৰি তাক ক'লো -
- ধৈৰ্য ধৰাচোন, এনে বিপদত মই তোমাক অকলে সহায় কৰিব নোৱাৰো ৷ চাৰক ফোন কৰি মাতি আনো তাৰ পিছত কি কৰো চাওঁ কৈ মই ফোনটোত এওঁৰ নম্বৰটো উলিয়াবলৈ লওঁতে সি কৈ উঠিল -
- চাৰক এতিয়া ফোন কৰি মাতি আনালৈ বহুত দেৰি হ'ব ৷ আপুনিয়ে কিবা মেনেজ কৰি দিয়ক বাইদেউ ৷ মোৰ আৰু ৰৈ থকাৰ ধৈৰ্য নাই ৷ কৈ সি আকৌ কন্দাত লাগিল ৷ ইফালে আমাৰ বিহু গাই থকা ঠাইত কোনোবাই খবৰ দিলে যে বাইদেউৰ ঘৰত কন্দা -কটা লাগিছে ৷ আটায়ে ভাবিলে ভূমিকম্পত আমাৰ গুৱাহাটীৰ ঘৰত কাৰোবাৰ কিবা হ'ল ৷ সকলো দৌৰি আহিল আমাৰ ঘৰলৈ বুলি ৷ দুজনী বাৰান্দালৈ উঠি আহি মোৰ চকুত চকুপানী দেখি কি হ'ল বুলি চিঞৰি উঠিল ৷ মই ক'লো এই মনেশ্বৰৰ ঘৈণীয়েক ঢুকাই থাকিল অ' এক্সিডেণ্টত ৷ আটায়ে ইচচচচচ.... বুলি মাটিতে বহি পৰিল আজিৰ দিনটো বৰ অমংগলীয় বুলি ক'লে ৷ মানুহখিনি দেখি তাৰ কান্দোন আৰু চৰিল ৷ চিঞৰ আৰু কান্দোন শুনি আমাৰ কাষৰ ঘৰখনৰ ডেকা ল'ৰাটো আৰু তাৰ লগৰ তিনিজন ল'ৰা ওলাই আহি মোৰ ঘৰৰ সন্মুখত উপস্থিত হ'লহি আৰু আচৰিত হৈ সুধিলে ইয়াৰ কি হ'ল বুলি ৷ মই ক'বলৈহে পালো তাৰ কথাটো ঘৰৰ কাষৰ ল'ৰাটো গৰজি উঠিল -
- ঐ.... তই ইয়ালৈ অহাৰ আগে আগে গেটৰ সন্মুখত থকা চাহৰ হোটেলখনত বিহু নাচি নাচি তিনিটা মিঠাই আৰু চাহ খাই আহিছ আৰু ইয়ালৈ আহি কি নাটক আৰম্ভ কৰিছ ?
মই তাক ৰখাই ক'লো- বুবু ৰ'বা ৷ নিজৰ ঘৈণীয়েকজনী মৰা বুলি মিছাকৈ নকয় আৰু কোনেও ৷ এনেতে এওঁৰ ষ্টাফৰ বয়োজেষ্ঠ এজনে আহি ক'লে -
- বাইদেউ ইয়াৰ ঘৈণীয়েকে আজি বহুদিন আগতে ইয়াৰ স্বভাৱত অতিষ্ঠ হৈ মাকৰ ঘৰলৈ গুচি গৈছে আৰু তাৰ ঘৈণীয়েকৰ ঘৰ ডবকাত নহয় নহয় ডেৰগাৱঁৰ ফালেহে কৰবাত ৷
কথাবোৰ শুনি মোৰ এনে লাগিল যেন দ্বিতীয়টো ভূঁইকপেহে মোক জোকাৰি আছে ৷ বিহুৰ দিনা এনে জঘন্য মিছা কথাৰে মোক ঠগিবলৈ আহিল ই ৷ খং, লাজ আৰু অপমান বোধত মই কঁপি উঠিলো আৰু তাক গৰজী উঠিলো -
- নিজৰ ঘৈণীয়েৰ মৰা বুলিও চান্দা উঠাবলৈ আহ ! তাতকৈ তই বিহু বুলি কিবা অলপ টকা- পইচা নুখুজিলি কিয়, হাঁহি মুখে দিলোহেঁতেন ৷
মোৰ আৰু বাকী সকলোৰে খং দেখি সি কোন তলকত দৌৰি ওলাই গ'ল ধৰিবই নোৱাৰিলো ৷ অলপ নিৰাপদ দূৰত্বত ৰৈ কৈ গ'ল- "মোক বিশ্বাস নকৰিলে নাই, নালাগে পইচা ৷ কালিলৈ ডেড্ বডি চোচৰাই আপোনালোকৰ পদূলিবোৰলৈ আনিম ৷"
মই খংত চিঞৰি উঠিলো - "গলি নে ইয়াৰ পৰা ! ডগাবাজ' ল'ৰা -তিৰোতাকো আঁতৰি যোৱাৰ পিছতো সুখ নিদিয় ৷ চৰত দাঁত ভাঙিম আকৌ তোক এই কেম্পাচত দেখিলে ৷"
সি প্ৰায় দৌৰি ওলাই গ'ল আমাৰ মানুহবোৰে তালৈ চোৰ চোৰ লৈ আগবাঢ়ি যোৱা দেখি ৷

জীৱনত পাহৰিব
নোৱাৰা অভিজ্ঞতা এটা হ'ল ৷ মানুহৰ আৱেগ আৰু বিশ্বাসৰ সৈ'তে বেহা কৰা এইচাম মানুহৰ প্ৰতি সমাজে কি কৰা প্ৰয়োজন বাৰু তাকে ভাবি কিছু সময় চকীখনত বহি থাকিলো ৷ অলপ পিছত
মনটো ঠিক কৰি আটাইকে ক'লো - "বলক বছৰেকৰ বিহুটো এনেদৰে নষ্ট হ'বলৈ দিব নোৱাৰি, এনে অপায় অমংগলক দূৰ কৰিবলৈ গৃহস্থক আশীৰ্বাদকে দিওঁগৈ আৰু বিহুৰ
আনন্দ অলপ গাত লগাই বেয়াবোৰ পাহৰি যাওঁগৈ ৷" (সমাপ্ত)
ණ নিৰুপমা ডেকা ৷
No comments:
Post a Comment