Sunday, 14 May 2017

আইණ ৰৌচন আৰা বেগম



আই



আকালৰ জুইয়ে নোপোৰা
তোৰ হাঁহিৰ ফাঁকেৰে
দুর্ভাৱনাৰ পুণী-মেটেকা আতৰাই
সোঁশৰীৰৰে আজি
মই এটা তজবজীয়া সপোন
মনত পৰেনে তোৰ আই
উজুটিয়াই দুখ পাওঁ বুলি কেনেকৈ তই
আঁচলৰ গাঁঠিত
মোক বান্ধি লৈ ফুৰিছিলি
ঘাঁহ-বন নিৰাই যতনাই দিছিলি
মোৰ হেঁপাহৰ ৰোৱাতলিডৰা
তোৰ আঁচলৰ ছায়াতে আজি
মোৰ বাগিছাখনে জীপ লৈছে আই।


কবি:-
ৰৌচন আৰা বেগম

No comments:

Post a Comment