Tuesday, 16 May 2017

ৰূপান্তৰ



"ৰূপান্তৰ"

বেলকনিৰ ৰেলিঙত ধৰি অসীম দিগন্তলৈ দৃষ্টি নিক্ষেপনত বিভোৰ হৈ থকাৰ পৰা হঠাৎ উচপ হৈ উঠিল ডাক্তৰ প্ৰণীতা দত্ত। নাকত লাগিলহি কিবা এটা জ্বলা পোৰা গোন্ধ। তেতিয়াহে মনলৈ আহিল প্ৰায় পাঁচ-আঠ মিনিটমান আগেয়ে ষ্ট'ভত গাখীৰ ভৰ্তি চচপেন এটা উঠাই থৈ আহিছিল, সেইখিনিয়েই ওফন্দি পৰিল।
লৰালৰিকৈ চচপেনটো গেছৰ পৰা নমাই গাখীৰৰ ডাঠ চামনি লাগি লেতেৰা হৈ থকা বাৰ্ণাৰটো চাফা কৰি থকাৰ সময়খিনিত নিজকে গৰিহণা দি থাকিল প্ৰণীতা দত্তই। প্ৰতি গধূলি পঢ়া টেবুলত বহাৰ আগেয়ে পৰীৰ গৰম গাখীৰ এগিলাচ বিস্কুট দুখনৰ সৈতে খোৱাৰ নিয়ম। তাকে খাবলৈ নাপালে পাঁচবছৰীয়া ছোৱালীজনীৰ গধূলিটোত মন নবহে, চেলেং পেতেংখন কৰি পাৰ কৰি দিয়ে পঢ়াৰ সময়খিনি। প্ৰণীতাই মাজে মাজে ভাৱে, এই বয়সতে সিহঁতৰ ইমানসোপা পঢ়াৰ বোজা, শৈশৱৰ নামত কিনো বাকী থাকিল? সেইবাবেই কেতিয়াবা নিজেই পৰীক আজি পঢ়িব নালাগে আহা ৰাইমছকে গাই শুনোৱাহি বুলি কাষলৈ মাতি আনে। এৰা, পৰীজনীয়েই জীয়াই ৰাখিছে প্ৰণীতাক। পঢ়া টেবুলত নবহাৰ দিনাখনো সন্ধিয়াৰ গাখীৰগিলাচ নাপালে ভাত খোৱাৰ আগলৈকে থেনথেনাই থাকে পৰীয়ে, সেইকাৰণেই প্ৰণীতাৰ এই আয়োজন, 'ত নেকি আজি চেঁচা পানী পৰিল। ফ্ৰীজটো খুলি চাই প্ৰণীতাই দেখিলে ষ্টীলৰ গিলাচটোৰ তলিত এক ইঞ্চিমান হে গাখীৰ বাকী ৰৈছেগৈ। আজি কিবা অলপ কায়দা কৰি গাখীৰ পানীৰেই পৰীক সন্তুষ্ট কৰিব লাগিব -- মনৰ মাজত গুনা গঁঠা কৰি ললে প্ৰণীতাই। হৰলিক্স, কমপ্লান একোৰে মন নভৰা অকণমানি পৰীক আকউ গাই গৰুৰ খাঁটি গাখীৰহে লাগে। আজিকালিনো চহৰৰ কেইটা ল'ৰা ছোৱালীয়ে খাঁটি গৰু, মহৰ গাখীৰ খাব খোজে? পৰীৰ বাবে সেইকণ কোনোমতে যোগাৰ কৰি লৈছে তাই।
দিনে দিনে বিহ্বল হৈ পৰিছে প্ৰণীতা দত্ত। অযথা অশান্তিৰে ভাৰাক্ৰান্ত মনটোক হাজাৰ চেষ্টা কৰিও বুজাব পৰা নাই। বাস্তৱ পাহৰি ৰখাৰ ব‍্যৰ্থ প্ৰচেষ্টাই তিলতিলকৈ ভাঙি পেলাইছে এসময়ৰ প্ৰাণোচ্ছল মানুহজনীৰ শাৰিৰীক আৰু মানসিক স্বাস্থ‍্য। অনবৰতে হেৰাই যোৱাৰ ইচ্ছা এটাই দোলা কৰি থাকেহি মনত। আনহে নালাগে চেম্বাৰত কটোৱা সময়খিনিতো একেই অৱস্থা। মনটোৱে বৰ্তমানত বহি থাকিব নোখোজে। অহৰহ অতীতৰ কোনো এক সুমধুৰ ক্ষণৰ স্মৃতিত অথবা জীৱনটোৰ পোৱা নোপোৱাৰ অনৰ্থক হিচাপ নিকাচত লাগি ধৰা মনটোক আঁজুৰি আনি কামত খটুৱাবলৈ তাইৰ বৰ কষ্ট হয়। ৰোগীৰ শুশ্ৰূষা কৰা সময়খিনিতেই কিঞ্চিৎ প্ৰাণখুলি হাঁহি লয় প্ৰণীতাই। ভিন ভিন মানুহৰ সংগই তাইক ক্ষন্তেক সময়ৰ সুখ প্ৰদান কৰে, আমোদ দিয়ে। ৰাতি হ'লে অতিৰিক্ত মদ‍্যপানৰ হেঁচাত লালকাল দিয়া টোপনিত বহুৰঙী সপোন দেখে। কেতিয়াবা সপোন এটাৰ পৰা সাৰ পাই উঠি গাৰুটোত মুখ গুঁজি কান্দে। সশব্দে কান্দিব খুজিও কিমানদিন কান্দিব পৰা নাই প্ৰণীতা দত্তই। মাকে কন্দা বুলি গম পালে সৰুৰেপৰাই স্পৰ্শকাতৰতাৰ পৰিচয় দিয়াৰ পৰীজনীয়ে কষ্ট পাব, আপোনভোলা স্বামীয়ে কি হৈছে কি নহৈছে বুলি অবাবতে উথপথপ লগাব। নাঃ মুখ ফুটাই কান্দিবও নোৱাৰে তাই।
জীৱনৰ সৰু বৰ কথা, ঘটনাসমূহ প্ৰণীতাই মোৰ লগত শ্বেয়াৰ কৰি ভাল পায়। বাস্তৱ দংশনৰ বিৰক্তিকৰ অনুভৱৰ পৰা সামান‍্য মুক্তি পোৱাৰ চেলুৰে হাতত হুইস্কীৰ গিলাচ তুলি সম্পূৰ্ণ নিৰ্লিপ্ততাৰে মোৰ ফোন নং ডায়েল কৰে। গোট মৰা চহৰখনৰ চুকে কোণে কৰ্ফাল খাই পৰি ৰোৱা ৰহস‍্যৰ মেটমৰা সম্ভাৰ কঢ়িয়াই আনি মোৰ সন্মুখত ধৰা দিয়েহি তাই। জৰাজীৰ্ণ মনটোক ক্ষণিকৰ খিলখিলনিৰে ৰঙীয়াল কৰাৰ ব‍্যৰ্থ প্ৰচেষ্টাৰ অন্তত তাইৰ মাতটো থুকাথুকি হৈ আহে। কথাবিলাকত অসন্তুষ্টিৰ চাপ বিদ‍্যমান হৈ পৰে। নিজক কেন্দ্ৰ কৰিয়েই যেন কৈ আছিল অতপৰে সঁচা মিছা কথাবোৰ। মই একো নকওঁ, কাৰণ তাইক সান্তনা দিব পৰাকৈ পৈণত মই নহয়। এসময়ত তাইৰ উপস্থিতিয়ে কিছু দুঃসময় পাৰ কৰাত মোক সহায় কৰিছিল, কোনো নাথাকোতে মোৰ কান্ধত তাইৰ হাতখন আছিল। সেইবাবেই মৰম উপজে তাইলৈ, আন্তৰিকতা এটা আছে, সময় দিব খোজোঁ। তথাপি তাইৰ সমস‍্যাৰ সমাধান মোৰ ওচৰত নাই ।
সিদিনাও সন্ধিয়া তাই মোলৈ ফোন কৰিছিল। দিনটোৰ ভাগৰৰ অন্তত কোঠাৰ বিজুলীবাতি নুমুৱাই বিচনাখনত অলসভাৱে পৰি চকুহাল মুদি দিছিলো। এই নিৰ্জনতা মোৰ একান্তই নিজৰ, কাৰো সতে ভাগ বতোৱাৰা কৰিব নিবিচাৰোঁ। বায়'স্কপৰ ৰিলটোৰ দৰে এখন এখনকৈ পাৰ হৈ যাব বিচৰা মুখবোৰক মনত পেলোৱাৰ এইয়াই উৎকৃষ্ট সময়। একো নাভাবো বুলি ঠিৰাং কৰিলেও মনলৈ কিবা এটা নহাকৈ নাথাকে। ক্ৰীয়া- প্ৰতিক্ৰীয়া, ভাৱ-মনোভাৱ, অন্তৰ্দন্দ্ব -- এইবোৰৰ সমষ্টিয়েইতো আমাৰ মন।
দহবাৰমান ৰিং কৰাৰ পিছত উঠাওঁ নুঠাওঁকৈ ফোনটো উঠালো। সিফালৰ পৰা ভাঁহি আহিল প্ৰণীতা দত্তৰ অত‍্যুৎসাহী কণ্ঠস্বৰ। নিশ্চয় মদ‍্যপান কৰিছে। নিচাসক্ত অৱস্থাত প্ৰণীতাই উচ্চস্বৰত উশাহ নোপোৱাকৈ লেথাৰি নিচিগা কথা কয়, সৰু সৰু কথাত ঢেকঢেকাই হাঁহে।
-
ঐ আজি কি হ'ল জানা! বেচেৰী পৰীজনীয়ে গাখীৰকণো শান্তিৰে খাব নাপালে। সৱ মোৰ দোষ......ৰূপকে ফোন কৰিছিল আগবেলা। নাজানোঁ কি হৈছে তাৰ, ফোন কৰাটো কমাই আনিছে...তাক ডিপ্ৰেচনৰ পৰা কোনে উদ্ধাৰ কৰিছে কোৱাচোন? মই কৰিছোঁ মই। কাৱাৰ্ডটো চুইচাইড কৰিবলৈ যাব উলাইছিল। মই উভটাই আনিছোঁ...ঘৈণীয়েকজনীটো তেনেই আঁজলী, কোনোবা ভিতৰুৱা গাওঁ এখনৰ পৰাহে অনা, একোডাল বুজি নাপায়। তাইকো মই মৰম কৰোঁ, দুনীয়াৰ আও ভাও কিবা পালেহে...গিৰিয়েকটো হৈছে মস্ত চেনী, বহুত সহ‍্য কৰিলো তাক। একমাত্ৰ ভাল পাওঁ বাবেই এৰি দিব নোৱাৰোঁ..মুঠেও বুজি নাপালে মোৰ প্ৰেম ভালপোৱা, সাংঘাতিক কষ্ট দিছে সি মোক.."
দাঁতত ভাতটো লাগিলেও মোক কয়। কথা যেনিবা একেখিনিয়েই, অলপ ইফাল সিফাল। বিবাহিতা স্ত্ৰী ডাক্তৰ প্ৰণীতা দত্তৰ প্ৰেম ওচৰ চুবুৰীয়া বিবাহিত যুবক ৰূপক বৰদলৈৰ সতে। প্ৰণীতাৰ স্বামী প্ৰণৱ আপোনভোলা মানুহ। ভাঙৰ চিলিম টানি পাহাৰ ভৈয়াম বগাই ফুৰা আৰু ব‍্যৱসায় চম্ভালাৰ বাহিৰে আন বস্তু চিনি নাপায়। ঠগ, প্ৰৱঞ্চনা, খং ৰাগ, অভিমান, ওফাইদাং এইবোৰ একো চিনি নোপোৱা সহজ সৰল কছাৰী ল'ৰাটোৰ প্ৰতি সৌ তাহানিতেই মোহাৱিষ্ট হৈ বিয়াত বহিছিল প্ৰণীতা। পিছে বিয়াৰ দুদিনমান পিছতেই প্ৰণৱৰ আপোনভোলা স্বভাৱটোৰ কথা গম পোৱাৰ পিছত অসন্তুষ্টিয়ে সীমা অতিক্ৰম কৰিলে। তাইৰ উপস্থিতিকো উপেক্ষা কৰি নিজৰ জগতখনত মজি থাকে প্ৰণৱ। নিজেও কাৰো প্ৰয়োজন অনুভৱ নকৰে। কেৱল থাকিব লাগে থাকে, এনেধৰণৰ। প্ৰকৃতিৰ ভীষণ প্ৰেমিক, এক কথাত 'ছন অফ দা ৱাইল্ড'। ব‍্যৱসায়ভিত্তিক কাম নাথাকিলে কেমেৰাটো লৈ হাবিয়ে জংঘলে ঘূৰি ফুৰি ভাল পায়। প্ৰণীতাৰ প্ৰয়োজন নুবুজে, প্ৰথমে মনোযোগ আকৰ্ষণ কৰাৰ কেতবোৰ কিটিপ অৱলম্বন কৰিছিল যদিও শেষৰফালে তাই সেয়াও বাদ দিলে। ৰঙহীন, উচাহহীন, ভীষণ আমনিদায়ক হৈ উঠা সৰু পৃথিৱীখনৰ প্ৰতি তীব্ৰ বিতৃষ্ণা উপজোতেই তাই পৰীক গৰ্ভধাৰণ কৰিছিল। প্ৰায় একেসময়তে আগমন ঘটিছিল ৰূপকৰো। ৰূপকৰ আগমনে তাইক যন্ত্ৰণাময় জীৱনটোৰ পৰা উদ্ধাৰ কৰিছিল। কোনোদিনে পোহৰৰ বাট নেদেখিম বুলি ভাবি থকা তাইক কৃষ্ণগহ্বৰটোৰ গ্ৰাসৰ পৰা উলিয়াই আনিবলৈ সক্ষম হৈছিল। একলগে খুব ফুৰিছিল সিহঁতে, কোনেও নাম নুশুনা, ভিতৰুৱা গাওঁ বোৰৰ মাজেদি ৰূপকে বাইক দৌৰাইছিল, পিছ ছীটত প্ৰণীতা। স্বামী নথকা সময়ত তাই ৰূপকক নিজৰ শোৱাকোঠালৈকে মাতি আনিছিল। অৱহেলিত, উপেক্ষিত তাইৰ মন আৰু শৰীৰত উপৰ্যোপৰি মৰম ঢালিছিল সি। মৰম, আবদাৰ পাই আহ্লাদিত প্ৰণীতা, ক্ৰমান্নয়ে শিথিল হ'বলৈ ধৰা দেহৰ ভাঁজবোৰত যেন কোনোবাই মৃতসঞ্জীৱনী হে ছটিয়ালে। পেটটো ওফন্দি আহিছিল ক্ৰমাৎ, গাটোও গধুৰ হৈ আহিছিল। বৰ বেছি লৰা ধপৰা কৰি ফুৰিব নোৱাৰে। যাওঁ বুলিলেই ৰূপকৰ বাইকত উঠি টিঘিলঘিলাই ফুৰিব নোৱাৰে। আনহাতে প্ৰায় একে সময়তে ৰূপকেও পিতৃত্বৰ গৌৰৱেৰে গৌৰৱান্বিত হৈছিল। ৰূপক আৰু মণিমালাৰ মাজৰ এই চিগোঁ এই চিগোঁকৈ থকা বান্ধোনটোক পুনৰ জোৰা লগাইছিল কণমানি পাহিৰ আগমনে।
পাহি নামটোও প্ৰণীতাই দিয়া। পৰীৰ লগত মিলাই নামটো পাহি ৰাখিছিল। দুয়োজনী এতিয়া নলে গলে লগা বান্ধৱী। নামো লগাইছে দুয়ো একেখন স্কুলতেই। পাঁচ বছৰ হ'বৰ হ', গোপনে চলি থাকিল প্ৰণীতা আৰু ৰূপকৰ পৰকীয়া প্ৰেম কাহিনী। মানুহৰ বিভিন্ন বু বু বা বা বিলাকৰ পৰা দুয়ো যে সাৰি থাকিব পাৰিছিল এনে নহয়, কিছুমান মানুহে সিহঁতৰ সম্বন্ধক ঘৃণাৰ দৃষ্টিৰে চাইছিল। ভিত্তিহীন অজস্ৰ কাহিনী পাকে প্ৰকাৰে বিলাই ফুৰিছিল, মানুহবোৰৰ কাণে কাণে বাগৰিছিল। সেইবোৰলৈ কাণসাৰ নিদিয়ে সিহঁতি, দিব নোখোজে। কিন্তু পৰীৰ জন্ম হোৱাৰ প্ৰায় এবছৰমান পিছৰ পৰা কিছুমান টুকুৰা টুকুৰ কথা আহি প্ৰণীতাৰ কাণত পৰিব ধৰে। প্ৰথমতে সেইবোৰক উৰাবাতৰি বুলি আওকাণ কৰিছিল যদিও বিভিন্ন সূত্ৰৰ পৰা খবৰবোৰৰ মাত্ৰাধিক আগমনত সচকিত হৈ উঠিল প্ৰণীতা দত্ত। আৰম্ভ হ'ল গোপন অনুসন্ধান। আৱিষ্কাৰ কৰিলে ৰূপকৰ প্ৰচণ্ড চাৰিত্ৰিক স্খলন। দৰাচলতে পৰীৰ জন্মৰ পিছৰপৰা ৰূপকক আগৰদৰে সময় দিব নোৱাৰা হৈ পৰিছিল প্ৰণীতা, সেই আশ্ৰয় সি আনৰ মাজত চলাথ কৰাত লাগিল। এই কথাসমূহৰ ভূ ৰূপকৰ পত্নী কিম্বা প্ৰণীতাৰ স্বামীয়ে তিলমাত্ৰও নাপায়। মাহেকত মাত্ৰ এবাৰ বা দুবাৰ ঘৰ অহা মানুহ প্ৰণীতাৰ স্বামী। ঔদাসীন‍্য আৰু সমাজবিমুখিতাই বেয়াকৈ লম্ভা মানুহ। প্ৰত‍্যেক ৰাতিপুৱা প্ৰণীতাই মন বান্ধে; এইবোৰ এৰি নিজৰ সংসাৰ আৰু কেৰিয়াৰত মন দিব। শেষত কিন্তু গৈ নোৱাৰে, প্ৰেমৰ ওচৰত খোজেপতি হাৰি যায়। কন্দল, অনৰ্থক গালি গালাজৰ অন্তত সদায় সৰু হৈ ধৰা দিয়ে, মৰমেৰে ৰূপকক আঁকোৱালি লয়, তাৰ সকলো ভুল ক্ষমা কৰে, উষ্ণ আদৰণি জনাই ইতিমধ‍্যে ভগ্নপ্ৰায় তাইৰ জীৱনলৈ।
সুকণ্ঠী গায়িকা সুচিত্ৰা সৰকাৰ। মঞ্চত আৱেগ ঢালি গাই যায় এটাৰ পিছত এটাকৈ গান। গানৰ মাজে মাজে আটিল শৰীৰটোৱে অপৰূপ ভংগীমাত নৃত‍্য কৰে। এক অৰ্থত সাংঘাটিক পাৰফৰ্মাৰ। দুটা এলবামো উলাইছে। সংগীতৰ বাঙ্ময় মূৰ্চ্ছনাত ডুব গৈ ভালপোৱা প্ৰণীতা 'ফেন' হৈ পৰিছিল সুচিত্ৰা সৰকাৰৰ। প্ৰথমে ফেচবুকৰ যোগেদি চিনাকি হৈ ৰূপকৰ সতে মিলি দুয়ো সুচিত্ৰাৰ ঘৰ ওলালেগৈ। সুন্দৰ আদৰ আ‍প‍্যায়নেৰে আতিথ‍্য গ্ৰহণ কৰিলে সুচিত্ৰাই। অলপতে নতুন ভিডিঅ' এটা ওলিয়াব, প্ৰচাৰ আৰু প্ৰসাৰত তেওঁলোকৰ সহায় সহযোগিতা বিচাৰিলে। সহযোগিতাৰ প্ৰতিশ্ৰুতি প্ৰণীতা আৰু ৰূপকে একেমুখেই দি থৈ আহিল।
বাঢ়ি গৈছিল আন্তৰিকতা, ক্ৰমাৎ গাঢ় হবলৈ ধৰিছিল বন্ধুত্ব। অতি কম সময়ৰ ভিতৰতে নলে গলে লগা বান্ধৱীৰ দৰে হৈ উঠিছিল দুয়ো। সুচিত্ৰা ডিভ'ৰ্চী, একমাত্ৰ সন্তানটি বৰ্ডিং স্কুলত থাকি পঢ়ে। প্ৰায়ে সুচিত্ৰা তাইৰ ঘৰলৈ আহিছিল। দুয়োজনীয়ে চাদত বহি গান আৰু কথাৰ আড্ডা মাৰে, মদ‍্যপান কৰে। পাকৈত ৰান্ধনী বুলি নাম থকা প্ৰণীতাই বিধে বিধে ব‍্যঞ্জন ৰান্ধে, সকলোৱেই মিলি জুলি খায়। সেই সময়বিলাকত সিহঁতৰ সংগ দিয়ে ৰূপকে। লাহে লাহে ৰূপকৰ ঘৰলৈও যাবলৈ লৈছিল সুচিত্ৰাই, মিঠা মিঠা কথাৰে ৰূপকৰ পত্নীৰ অন্তৰ জিনিবলৈ সক্ষম হৈছিল। এনেদৰেই এদিন প্ৰণীতাৰ ঘৰৰ চাদত বহি মদ‍্যপান কৰি থাকোতেই সুচিত্ৰাই প্ৰস্তাৱ ৰাখিলে আজি নিশাটো তেওঁ ৰূপকৰ ঘৰত কটাব বিচাৰে।
না কোৱাৰ প্ৰশ্নই নুঠে। কোনো চিন্তা বা সন্দেহৰ উদ্ৰেক নঘটাকৈ সুচিত্ৰাক পঠাই দিছিল ৰূপকৰ ঘৰত শুবলৈ। ৰূপক অথবা সুচিত্ৰা, কোনেও তাইক ঘূণাক্ষৰেও গম লবলৈ নিদিলে -- ৰূপকৰ পত্নী যে ঘৰত নাই, পাহিক লৈ সন্ধিয়াতেই ভনীয়েকৰ জীয়েকৰ বাৰ্থডে খাবলৈ গুচি গ'ল। দীৰ্ঘদিনৰ মোহগ্ৰস্ততা ভংগ কৰি পিছদিনা সগৌৰৱেৰে শ্লেষৰ হাঁহি ওঁঠত পিন্ধি তীক্ষ্ণ কটাক্ষৰে সুচিত্ৰাই কৈ উঠিছিল --- "ৰিয়েলী এনজইড লাষ্ট নাইট ৱিথ ৰূপক, ' ৱেলকামিং। অলছ' ডেম গুড ইন বেড।"
শিল পৰা কপৌৰ দৰে থৰ লগা প্ৰণীতাৰ আগেদিয়েই সোসোঁৱাই পাৰ হৈ ওলাই গৈছিল সুচিত্ৰা সৰকাৰ। বিশ্বাসঘাতকতা..প্ৰৱল বিশ্বাসঘাতকতা! ভৰিৰ তলৰ মাটিকণ ক'? খুপি খুপি কোনোমতে খটখটীটোতে বহি পৰিছিল তাই।
কথাষাৰৰ সত‍্যতা ৰূপকে জানিবলৈ দিলে। "তাই মাতি নিয়া মনত আছে, মদৰ নিচাত কি হৈ গ'ল ধৰিবই নোৱাৰিলো। আজিৰপৰা নহয় প্ৰমিজ। তোমাৰ প্ৰমিজ, আমাৰ প্ৰেমৰ প্ৰমিজ...পাহি, পাহিৰ প্ৰমিজ।" প্ৰচণ্ড কাণতলীয়া পৰিছিল তাৰ সোঁগালত। একমূহুৰ্ত্তৰ মৌনতাৰ ঠিক পিছতেই সিংহৰ দৰে গৰজি উঠিছিল সি, চুলি ঘটালি নি বালখনত হেঁচা মাৰি ধৰিছিল তাইক। "চাল্লী কুকুৰণী, লোকৰ মতাৰ ওপৰত হাত উঠাবলৈ আহ। নিজৰটোৱে আমুৱালে...।" মদ‍্যপানেই শেষ আশ্ৰয় প্ৰণীতাৰ, গিলাচে গিলাচে মদ গিলে। সেইদিনা সন্ধিয়ালৈ ক্ষমাপ্ৰাৰ্থী ৰূপে আঁঠু কাঢ়িছিল সি তাইৰ সন্মুখত। অনিচ্ছাসত্বেও তাই ক্ষমা কৰি দিছিল।
সুচিত্ৰা তাইৰ ঘৰলৈ সেইদিনাখনৰ পৰা অহা নাই, কিন্তু মাজে মাজে ৰূপকৰ ঘৰলৈ আহে। ৰূপকৰ পত্নীৰ লগত তো এতিয়া তাইৰ পাতি লোৱা বায়েকৰ সম্বন্ধ। সুচিত্ৰাৰ উদ্দেশ‍্যৰ বুজ প্ৰণীতাই নোপোৱা নহয়, কেৱল শৰিৰী খেলা, প্ৰেমৰ নামত একোডাল নাই। হাজাৰ চেষ্টা কৰিও তাকেই বুজাব পৰা নাই ৰূপকক, কিবা কব খুজিলেও কয় "তুমি সুচিত্ৰাক লৈ জ্বলিছা"!
আত্মসন্মান নে প্ৰেম? প্ৰাধান‍্য কাক দিয়া উচিত, প্ৰণীতাই নজনা নহয়। নিয়ন্ত্ৰণাধীন আৱেগে বাৰম্বাৰ বিবেকক হাৰ মানিবলৈ বাধ‍্য কৰায়।
অসংলগ্ন বিভাৱৰী এটাত আঁত ধৰি এই গোটেইবোৰ কথা প্ৰণীতাই অনৰ্গল মোৰ আগত কৈ শুনাইছিল। এই ঘাঁৰ উপশম ঘটাব পৰা কোনো মলমেই নাই মোৰ হাতত, সেইবাবে কেৱল শুনি থাকো। অনুধাৱন কৰিবলৈ যত্ন কৰোঁ প্ৰেমৰ মহত্ব। সমান্তৰালভাৱে তাইৰ কথাবিলাকে যে মোৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱা নাছিল এনে নহয়। এসময়ত সুচিত্ৰা সৰকাৰৰ গান শুনি ভালপোৱা মইজনীয়েও তাইৰ প্ৰতি ঘৃণাৰ প্ৰতিপালন কৰিবলৈ আৰম্ভ কৰিছিলোঁ। মোৰ দৃষ্টিত প্ৰণীতা দত্তৰ প্ৰেম অবৈধ নহয়, কিন্তু সুচিত্ৰাই যি কৰিলে সেয়া নিতান্তই ঘৃণনীয় কাম। খং মোৰো উঠিছিল, কিন্তু প্ৰকাশ কৰিব পৰা নাছিলো। কিছু আভিজাত‍্যিক লাগিছিল গোটেই কাৰবাৰটো, একমাত্ৰ প্ৰণীতা দত্তৰ প্ৰতি থকা মোৰ মোহাচ্ছন্নতাই মোক তাই কোৱা কথাবিলাক মানি লবলৈ বাধ‍্য কৰাইছিল।
বৰদিনৰ সময়। এইকেইটা দিনতে দিল্লীত ঠাণ্ডাৰ প্ৰকোপ সাংঘাতিকভাৱে বৃদ্ধি পায়। উমাল ছুৱেটাৰ, কোট পিন্ধি ডেকা গাভৰুৱে হাতে হাত ধৰি বৰদিন উপভোগ কৰে, নৈশ পাৰ্টী কৰে। মোৰ সেইবোৰ একো নাই, গোধূলি পৰত অলপ ওলাই যাম। দুপৰীয়াৰ ভাতকেইটা খোৱাৰ পিছৰ কলাঘুমটিটোৰ পৰা সাৰ পাই মবাইলোটোকে হাতত তুলি ললো।গায়ে মূৰে কম্বলখন লৈ মই ফেচবুক স্ক্ৰল কৰি আছোঁ। ৰূপকৰ ফেচবুক প'ষ্ট এটাত চকু ৰৈ গ'ল। সুচিত্ৰা আহিছে বৰদিন পাতিবলৈ সিহঁতৰ ঘৰত, তাৰে ফটো দিছে। তৰহে তৰহে খাদ‍্য সম্ভাৰ, বিদেশী মদৰ ৰঙবিৰঙী বটল, আটকধুনীয়া কোঠাৰ সাজসজ্জা, এই সকলোবোৰৰ মাজত ৰৈ অত‍্যন্ত নিবিড়তাৰে ফটো উঠাইছে ৰূপক আৰু সুচিত্ৰাই। মাত্ৰ এখন ফটোতহে পাহি আৰু তাইৰ মাক মণিমালাক দেখা পোৱা গৈছে। প্ৰণীতা দত্তৰ বাৰু চিন মোকাম নায়েই। জনা মতে তাই সেইদিনাও নিজৰ চেম্বাৰত কটাইছে, ৰোগীৰ শুস্ৰূষা কৰিছে, গান শুনিছে, চুঙাত দিয়া গাহৰি মাংস আটোমটোকাৰীকৈ ৰান্ধি পৰিয়াল সহিতে খাইছে। ফটোখিনি তাই নেদেখা নহয়, কথাবোৰৰ গম তাই নোপোৱা নহয়। সুধিম বুলি ভাবিও সুধিব নোৱাৰিলো। কথা কিছুমান পাহৰি থাকিবলৈ প্ৰণীতাই আজিকালি আপ্ৰাণ চেষ্টা চলায়। ব‍্যস্ততাৰ সাগৰত নিজকে ডুবাই ৰাখি অনাহুত আৱেগসমূহৰ পৰা নিলগাই ৰাখিব খোজে। বিধে বিধে ব‍্যঞ্জন, আচাৰ, চাটনী, ট্ৰাইবেল খাদ‍্যৰ ৰেচিপি তাইৰ নখদৰ্পণত। জনজাতীয় সাঁজপানীও আজিকালি তাই ঘৰতে কৰিবলৈ লৈছে আৰু প্ৰণালী সহিতে ফটোবোৰ ফেচবুকত আপলোড কৰে।
ইতিমধ‍্যে ৰূপকৰ সৈতেও মোৰ দুই এটা কথাৰ আদান প্ৰদান হৈছিল যদিওবা ব‍্যক্তিগত জীৱনৰ এটা কথাও আমি পতা নাছিলোঁ। ৰূপকে সুন্দৰ ছবি আঁকে, ছবি অঁকাত মোৰো ৰাপ আছে। অসমভিত্তিক ছবি অঁকা প্ৰতিযোগিতাত মই কেইবাটাও পুৰস্কাৰ পাইছোঁ। দিল্লীৰ দুটামান আৰ্ট গেলাৰীতো মই অঁকা চিত্ৰ প্ৰদৰ্শিত হৈছে। সেই সূত্ৰে নিজৰো নাম এটা প্ৰতিষ্ঠিত কৰিবলৈ মই কিছু পৰিমানে সক্ষম হৈছোঁ। ৰূপকে বিৰাট শলাগিছিল মোৰ ছবিক, দুখনমান তাৰ প্ৰিয় হৈ পৰিছিল। ময়ো তাৰ ছবিৰ ভূয়সী প্ৰশংসা কৰিছিলো আৰু উপযুক্ত সমালোচনাও নকৰাকৈ এৰি দিয়া নাছিলোঁ। এটা সুস্থ বন্ধুত্বসুলভ সম্বন্ধ অতি কম সময়ৰ ভিতৰতেই আমাৰ মাজত গঢ় লৈ উঠিছিল।
প্ৰণীতাৰ লগত থকা মোৰ অন্তৰংগতা ৰ বিষয়ে জানিছিল ৰূপকে, অৱশ‍্যে সেই লৈ সি কোনোদিনাখন প্ৰশ্নৰ উত্থাপন কৰা নাই। We never crossed lines.
সেইদিনা সন্ধিয়ালৈ প্ৰণীতাই হুৱাটছএপ ত মোক সুধিলে:-
--
আজি ফটো দেখিলা?
--
ওম, দেখিলো।
---
ঘৈণীয়েকজনী ইমান বুৰ্বক হ'ব বুলি মই সপোনতো ভবা নাছিলো। একেটা ঘৰতে আহি থাকি যায়হি, কি কি কৰে পাত্তা নাই। ঘৈণীয়েকে যেনিবা মুঠেও ভূ নাপায়।
---
তাকেহে ময়ো আচৰিত।
--
মই ভাবোঁ ঘৈণীয়েকেও তাক ভাল নাপায় নেকি। পত্নী নামৰ স্বীকৃতিটো পাই থাকিবলে'হে লগত আছে।
---
'ব পাৰে দেই। মোৰ কিন্তু আজি খং উঠিছিল।
---
কিয়?
---
সুচিত্ৰা সৰকাৰক ৰূপক দাৰ ঘৰলৈ অহা দেখি খং উঠিছিল। কাৰণটো আপুনি জানেই।
---
অঁ।
ৰাতিলৈ ভাগৰত সোনকালে শুই পৰিলো। কোনোফালে যোৱা নহ', কেক এটা লৈ বান্ধৱী মীৰা আহিছিল। সেইটোৰেই সৰুকৈ পাৰ্টী এটা কৰি চিনেমা এখন চালো। চিনেমা চাই তায়ো গুচি গ'ল। পিছদিনা পুৱা পাঁচটাতে চকু মেল খালে, অভ‍্যাসবশতঃ মবাইলটোলৈকে হাতখন গ'ল। ৰূপকৰ মেছেজ। এবকলা লিখিছে দেখোন। বাপৰে! চিৰিংকৈ 'ল বুকুখন, কি বা হৈছে।
"এইবোৰ বেয়া কথা জানানে? মোৰ ঘৰত যেনিবা সুচিত্ৰা আহিলেই তাতে তোমাৰ টেমা ছুটিব লগীয়া কি হ'? তুমি আগেয়ে কথা পাতিছা তাইৰ লগত?
পতা হ'লেও কথা বেলেগ আছিল। নহলে অচিনাকী মানুহ এজনীক খং উঠি যোৱাকৈ ভাল বা বেয়া পোৱাৰ যুক্তি নাথাকে। বিশেষ একো নকওঁ, সজাই পৰাই কথা লিখিব নাজানোঁ। তোমালোক নিজৰ মনক শুনা মানুহ, খোলা মনৰ কোনো জটিলতা নথকা মানুহ। সেয়ে কৈছোঁ এবাৰ গোটেই কথাবোৰ ভাবি চাবাচোন কি কথাৰ পৰা কি হ', কাক কিয় বেয়া পালা ইত‍্যাদি। আৰু সেই বিষয়ে কিবা প্ৰশ্ন থাকিলে উত্তৰ মোৰ ওচৰত পাবা, প্ৰণীতাৰ ওচৰতো পাবা যিটো শুনিবলৈ তুমি ভাল পোৱা। এটলিষ্ট এবাৰ ভাবি চাবা কথাবোৰ, বেছিকৈ মেছেজ দি আমনি নকৰোঁ, এইয়াই প্ৰথম আৰু শেষ মেছেজ। প্ৰণীতালৈ ফৰবাৰ্ড কৰা বাৰু একো নাই কিন্তু কথাবোৰ ভাবি চাবা। আৰু কি জানা? প্ৰণীতা যে আজি ইমান ভাগি পৰিছে তাৰ গুৰিতেই তাইৰ কিছুমান ক্ল'জেষ্ট ফ্ৰেণ্ড। যিটো সময়ত তাইৰ ওচৰত থিয় দিব লাগে ঠিক তেনে সময়তেই উচটাই ৰং চায়। এইবোৰ বহুত কথা, কোৱা হোৱা নাই তোমাক। বাই।"
উক্ত মেছেজটোৰ লগত সংলগ্ন এটা স্ক্ৰীণশ্বট। প্ৰণীতাৰ মবাইলৰ পৰা লোৱা হৈছে, আগদিনা মই তাইলৈ পঠোৱা মেছেজকেইটাৰ। অত‍্যন্ত কায়দা কৰি লোৱা হৈছে স্ক্ৰীণশ্বটটো, মাত্ৰ শেষৰ চাৰিটা বাৰ্তাহে দেখা পোৱাকৈ। নিজকে বচালে তাই, ফঁচালে মোক। বাকৰুদ্ধ হৈ 'লো। খং এটা উজাই আহিল। ধিক্কাৰ দিলো নিজক।
ফোন লগালো তাইলৈ, নুঠালে। উপায় নাপায় মেছেজ এটাকে লিখিলো। প্ৰায় ন মান বজাত ফোন আহিল। মোৰ ক্ৰোধ ইতিমধ‍্যে বাঢ়ি গৈ চুলিৰ আগ পাইছে। সিফালৰ পৰা আলস‍্যপূৰ্ণ আৱাজ এটা ভাঁহি আহিল। প্ৰচণ্ড ক্ষোভ বিৰিঙি উঠাৰ উমান মোৰ মাতষাৰত মই নিজেই পালো।
---
কি আপুনি মোৰ মেছেজৰ স্ক্ৰীণশ্বট নি ৰূপক দাক দেখুৱাইছিলগৈ, কিয়?
---
কি কৈছা? অহ্ কালি ৰাতি কাজিয়া লাগিলো। মদৰ নিচাত কি ক'লো কি কৰিলো একো মনত নাই। প্লিজ, প্লিজ মোক বেয়া নাপাবা। মই কব নোৱাৰা হৈ গৈছিল....মই তাক, মই তাক বহুত ভাল পাওঁ অ'...সি জানা এক্কেবাৰে নুবুজে মোক।
---
স্ক্ৰীণশ্বটটো মই দেখিছোঁ প্ৰণীতা বা। বেছ বুদ্ধিমত্তাৰে লোৱা হৈছে। নিচাসক্ত অৱস্থাত এনেকুৱা স্ক্ৰীণশ্বট লব পাৰি বুলি মোৰ মনে নকয়।
---
ধেৎ তুমি ইমান বেছিকৈ ভাবিছা।
এইবিষয়ে আৰু মোৰ তৰ্ক কৰাৰ ইচ্ছা নোহোৱা হৈ আহিল। সামান‍্য ভালে থাকক এটাৰ সৈতে ফোনটো কাটি দিলো। তাই পুনৰায় ফোন কৰিছিল, নুঠালো। নাঃ, প্ৰণীতাৰ প্ৰতি মোৰ কোনো ক্ষোভ নাই, তাই নিজেই নিজকে চম্ভালিব নোৱাৰা হৈ পৰিছে। মোক যে তাই বাটৰ কাঁইট বুলি ভাবিবলৈ লৈছিল, সেইটো লৈয়ো এতিয়া মোৰ কোনোধৰণৰ আক্ষেপ নাই। তাইৰ সৈতে যোগাযোগৰ মাত্ৰা মই কমাই পেলাইছোঁ। তাই তাইৰ মতে থাকক, প্ৰেম কৰক, প্ৰতাৰিত হওক, নিচাত ডুবি থাকক...মোৰ কব বা জানিব লগীয়া একো নাই।
(উপসংহাৰ)
নোৱাৰিলোঁ। বহুদিনৰ মূৰত এদিন নিজেই গৈ তাইৰ খবৰ ললো। ইতিমধ‍্যে তাই শ্বিলঙলৈ ট্ৰেন্সফাৰ হৈছিল। পুৰণা সকলো অস্বাস্থ‍্যকৰ সম্পৰ্কৰ ইতি পেলাই নিজৰ সংসাৰ, কেৰিয়াৰ আৰু হবীত মন দিবলৈ লোৱা নতুন প্ৰণীতাজনীক লগ পায় মই পেটে পেটে নথৈ আনন্দিত হৈছিলো, যদিও কিবা কাৰণত মুখ ফুটাই আনন্দকণ প্ৰকাশ কৰা নাছিলো। মদ‍্যপানো আগতকৈ কমাইছে, স্বামীয়ে ভাল পোৱাকৈ বিধে বিধে ব‍্যঞ্জন ৰান্ধে, ইউটিউবত কুকিং চেনেল এটাল খুলিছে। মুঠৰ ওপৰত হেৰুৱা বেলেন্স ঘূৰাই পাইছে ডা০ প্ৰণীতাই। অত‍্যন্ত আন্তৰিকতাৰে তাই মোক সেইদিনাৰ ৰাতিৰ সাঁজ একেলগে খোৱাৰ নিমন্ত্ৰণ জনাইছিল। ব‍্যস্ততাৰ দোহাই দি মই নগ'লো, কলো যে আকৌ কেতিয়াবা শ্বিলং আহিলে থকাকৈ আহিম। শ্বিলং পুনৰ আহিব লগীয়া হব নে নহয় মই নেজানোঁ, আহিলেও তাইক লগ কৰিম নে নকৰিম সেইটো নেজানোঁ। তাই ভালে আছে, সুখবৰটো পালো। তাতকৈ কাষ চপাৰ ইচ্ছা মোৰ নাই। ৰূপান্তৰৰ প্ৰক্ৰিয়াৰে জীয়াই ৰাখিম তাইক।
(সমাপ্ত)
:- প্ৰতীক্ষা প্ৰিয়ম

No comments:

Post a Comment