Thursday, 25 May 2017

তেওঁ কাজল লগাই মোক মাতে



তেওঁ কাজল লগাই মোক মাতে

তেওঁ কাজল লগাই মোক মাতে
আৰু কিমান সময় হে জুই
তেওঁ পৰী
মই জ্বলি থাকো
তেওঁ হাঁহি থাকে
বৰষুণৰ দৰে হাঁহিৰ টুকুৰাবোৰ


জীয়াই থকাৰ ভীষণ তাড়ণা মোৰ
তেওঁ বৰষুণ নমাই আনে
তেওঁ জীৱন


মৃত্যুৰ বাবে আকুল আহ্বান মোৰ
তেওঁ জ্বলাই ভাল পায়
তেওঁ মৃত্যু


কাজল লগাই তেওঁ মোক মাতে
আকুল আকুতি মোৰ
তেওঁ নুশুনাৰ অভিনয় কৰে


তেওঁ হাঁহি থাকে
হাঁহিৰ টুকুৰাবোৰ কাজল
কাজলৰ আন্ধাৰত
মই মোকেই খেপিয়াও

তেওঁ এটা আলফুলীয়া ৰাতিৰ কবিতা
কবি:-
ৱকাশ

No comments:

Post a Comment