মৃত্যুৰ উপত্যকা
অলপ আগতে
দ’ খাৱৈ এটিত পৰি
মোৰ মৃত্যু হ’ল
দ’ খাৱৈ এটিত পৰি
মোৰ মৃত্যু হ’ল
মৃতদেহটোৰ গলধনত
ধৰি
টানি টানি বামলৈ উঠালোঁ
টানি টানি বামলৈ উঠালোঁ
আৰু এতিয়া
নিজৰে মৃতদেহটো কান্ধত লৈ
ঘুৰি ফুৰিছো মই
নিজৰে মৃতদেহটো কান্ধত লৈ
ঘুৰি ফুৰিছো মই
আচৰিত কথা
য’তে যাক ল’গ পাইছো
সকলোৱে নিজৰ মৃতদেহটো কান্ধত লৈ
ঘুৰি ফুৰিছে মোৰ দৰে
য’তে যাক ল’গ পাইছো
সকলোৱে নিজৰ মৃতদেহটো কান্ধত লৈ
ঘুৰি ফুৰিছে মোৰ দৰে
কবি:-
ණ ৰঞ্জন বৰ্মন ।
No comments:
Post a Comment