অভ্যস্ত:
কেৰেক ধেচ..কেৰেক
ধেচ...কেৰেক ধেচ..।
:উফ কি বিকট !! কিহৰ শব্দ ও
:সৌৱা মাষ্টৰ আহিল চাগে।
পাহাৰত খাচ কটা
ঠেক ৰাস্তাটোৰে মান্ধাতাযুগীয়া চাইকেলখন টানি টানি হৰেন মাষ্টৰ ঘৰলৈ আহে। অৱসৰ লোৱা মানুহজনে ৰাতি এই দহবজালৈ মাথো টিউচনকে কৰে।
:হলেও আৰু ,,আজিকালি ও এনে আওপুৰণি চাইকেল আছেনে বাৰু, সেইখন সলাই নেপেলাইনো কিয়? কি বিকট শব্দ!!!
প্রতিদিনে এনেকৈ ,
কেৰেক ধেচ..কেৰেক
ধেচ...কেৰেক ধেচ.
:সৌৱা দহ বাজিল হ’বলা, মাষ্টৰৰ চাইকেলৰ শব্দ।
কেৰেক ধেচ..কেৰেক ধেচ...কেৰেক ধেচ..।
:সৌৱা দহ বাজিল হ’বলা, মাষ্টৰৰ চাইকেলৰ শব্দ।
কেৰেক ধেচ..কেৰেক ধেচ...কেৰেক ধেচ..।
এদিনাখন,
:................................
: আজি এতিয়ালৈকে দহেই বজা নাই নে?
:................................
: আজি এতিয়ালৈকে দহেই বজা নাই নে?
:এঘাৰ বাজিবৰে হ’ল।
:অসঃ, হয় ও, পাহৰিছিলোৱেই, ছেঃ ৰাতিটো তেনেই নিৰৱ হৈ পৰিল।..
সেইদিনা ৰাতিপুৱাই
জ্বলি উঠা হৰেন মাষ্টৰৰ চিতাখনে ৰাতি গভীৰ
হোৱালৈকে ধোৱাই আছিল। পদূলিত আউজাই থোৱা মান্ধাতাযুগীয়া চাইকেলখনে আন্ধাৰত অকলশৰে উচুপিছিল ।
:- ৰঞ্জু শৰ্মা ।
No comments:
Post a Comment