Tuesday, 30 May 2017

আত্মীয়ණৰঞ্জু শৰ্মা



আত্মীয়



ক্রমান্বয়ে ম্লান হৈ অহা পোহৰখিনিৰ সতে সমগ্র গাওঁজুৰি তেতিয়া আগন্তুক সন্ধিয়াটোক আদৰাৰ প্রস্তুতি। চাৰিওদিশে ঘৰমুখী পখীৰ চঞ্চল কোলাহল। ঘন সেউজীয়া বাৰীৰ মূধচবোৰো চেৰেক চেৰেক, কিচিৰ -মিচিৰ শব্দ কিছুমানেৰে মুখৰ হৈ পৰিছে। কর্মব্যস্ত দিন এটিৰ অন্তত প্রিয়জনৰ সতে ডেউকাৰ উম লৈ কটোৱা এটি অলস নিশাৰ বাবে যেন আটায়ে ব্যাকুল। এই সময়টোত বাঁহনিৰ তলে তলে থকা ঠেক কেঁচা বাটবোৰো ব্যস্ত হৈ পৰে। ঘৰমুৱা গৰুৰ গলৰ টিলিঙাৰ টুং-টাং কৈ বজা মিহি মিহি শব্দবোৰৰ সতে দুই এখন পাতি চাইকেলৰ শব্দ লগ হৈ এইয়া কি যে এক সুমধুৰ সৈন্ধ্যাৰাগ!! কোনোবা আচিন উৎসৰ পৰা ভাহি অহা সুগন্ধি ধোঁৱাৰ সুৱাহ এটি বাটটোৰ ইমুৰৰ পৰা সিমুৰলৈকে বিয়পি পৰিছে।
সেই বাটেৰেই মই ইমানপৰ খোজ কাঢ়িছোঁ, গাওঁখনৰ একেবাৰে শেষৰ ঘৰটোলৈ। সমাজে এই ঘৰটোৰ মানুহবোৰৰ বিষয়ে বহু কথা কয়, কোনোৱে বদনাম কৰে, কোনোৱে কথাখিনি কৈ হুমুনিয়াহ কাঢ়ে। কথাবোৰ কিমান সত্য নাজানো, বিশ্বাস কৰিবলৈকো সত নাযায়, অথচ নকৰিবলৈও কোনো যুক্তি বিচাৰি নাপাও। বতাহত উটি ফুৰা ফুৰফুৰীয়া কথাবোৰে মনটো মাথো বিষাই তোলে।
মোৰ চিনাকী আপোন গাওঁ এইখন, মোৰ প্রিয়জনৰ ঘৰ সেইটো, যাৰ সতে এটা সময়ত মোৰ আত্মিক সম্পর্ক আছিল। গাঁৱৰ মাজৰ ঠেক বাটটোৱেদি আগবাঢ়ি যোৱাৰ গে ভাল লগা স্মৃতিবোৰে নিজে নিজে আহি চিনাকী দিলেহি। শেৱালি.. মোৰ মনত ঢৌ খেলি যোৱা এটি নাম। মোৰ শৈশৱৰ বুকুৰ এফাল সখি শেৱালি। দুর্দান্ত সাহসী প্রাণচঞ্চল ছোৱালীজনীৰ যেন কোনো দুখেই নাছিল। শেৱালিৰ সকলোৰে সতে মিতিৰালি। নৈ..বতাহ ..আকাশ, পানী, বাঁহনি, পথাৰ , সকলো যেন তাইৰ বুকুৰ আপোন। দুপৰ নিশা সুৱাহ বিয়পোৱা এপাহি শুভ্র ফুলৰ দৰেই আছিল শেৱালি যাৰ সান্বিধ্যত চহৰীয়া মইজনীয়ে অলপ উশাহ লৈছিলো। এইখন যদিও মোৰ মামাৰ গাওঁ, প্রটিতো বন্ধত , পূজাত, বিহুৰ সময়ত শেৱালিৰ ঘৰখনেই আছিল মোৰ বাবে বেছি আপোন। । ৰাতিপুৱাৰে পৰা গধূলিলৈকে প্রায় একেলগে ফুৰা, খেলা ,খোৱা সকলো। বন্ধবোৰৰ শেষত যেতিয়া মামাহতে মোক ঘৰলৈ থবলৈ নিছিল আমি দুইটাৰে কি যে কন্দা-কটা চিঞৰ-বাখৰ, বগৰা-বগৰি!! যেন শৰীৰ আৰু আত্মাক এটাক আনটোৰ পৰা পৃথক কৰা হৈছে। এটা সময়ত মামাৰ ঘৰখন গাওঁখনৰ পৰা উঠি গৈ চহৰ পালেগৈ, দেউতাৰ চাকৰিৰ সতে আমিও অনাই বনাই ঘূৰি ফুৰিলো। শেৱালিৰ সতে কটোৱা মুহূর্ত্তবোৰ ক্রমান্বয়ে সোনোৱালী স্মৃতিৰ পৰা ধূসৰ অতীত হল।
আজি প্রায় পোন্ধৰ বছৰৰ পিছত গাওঁখনলৈ অহা সুযোগ পাই পোনে পোনে এইয়া শেৱালিৰ ওচৰলৈকে ঢপলিয়াই আহিছো। নিজ চকুৰে এবাৰ তাইক চাব পৰা হলেও!! মাজে মাজে ভাৱো শুনি থকা কথাবোৰ সচাঁ নেকি বাৰু?...সচাঁকৈয়ে বাৰু সলনি হল নেকি শেৱালি?...
ব্যাকুলতাখিনি মনতে সামৰি থৱলৈ যাওতে কব নোৱাৰাকৈয়ে মোৰ খোজবোৰ খৰ হৈ পৰিল। শেৱালি আৰু মোৰ সোনোৱালী শৈশৱৰ ৰোমন্থনে কেতিয়া আহি সিহঁতৰ পদূলি পোৱালেহি গমেই নাপালো।
ঘৰটো এতিয়াও একেই আছে। মুগাবৰনীয়া খেৰৰ চালখন, বোকা মাটিৰে লেপ দিয়া কেঁচা বেৰকেইখন, চোতালখন, গোৱৰৰ লেপ দিয়া কেঁচা কাথিখন, কাথিখনলৈ উঠা শিলচটা, চুকৰ পাৰবাহকেইটি, যেন এখন বহু পুৰণি তৈলচিত্র। যিমান পুৰণি হলেও যত থাকে এক সদ্যসমাপ্তিৰ আভাস । আগচোতালৰ সেই আমলখিজোপা , তাৰ তলতেই সৰুকৈ এটি ভৰাল। ঘৰটোৰ সীমাৰ ফাললৈ থকা নাৰিকল কেইজোপা মাথো ডেকা ল। নাজানো কিয় মনতে সাহ এটি হল..নাই শুনি অহা কথাবোৰ মিছা।
শেৱালি’.... বুলি মাতষাৰ মাতিবলৈ গৈও মই ৰৈ দিলো। পোণে পোণে শেৱালিক বিচৰাটো উচিত হব নে নাই জানো? কথাবোৰ যদি সঁচা হয়!! ঘৰখনৰ পৰিবেশটো বা এতিয়া কেনে?. শুনামতে দুখীয়া ঘৰৰ ছোৱালী হলেও শেৱালীৰ হেনো এখন আঢ্যবন্ত ঘৰলৈ বিয়া হৈছিল, খুৱ ধুম-ঢামেৰে। পিছে বিয়াৰ পিছদিনাই তাইৰ শাহুৱেক ঢুকাল, তাৰ কিছুদিন পিছত শহুৰেকটোও। লগে লগে নতুন কইনাজনীৰ আগে পিছে অসূয়ানামৰ অদৃশ্য শব্দকেইটিমান ঘূৰি থাকিবলৈ ধৰিলে। তথাপি সময় গৈ আছিল, বিষাক্ত লেও জীৱন জী আছিল তাই। পিছে বিয়াৰ এবছৰ পিছত যেতিয়া শেৱালিয়ে মৃত সন্তানটি জন্ম দিলে , এইবাৰ ঘৰখনেই নহয়, গাওঁখনৰ মানুহেই জাঙুৰ খাই উঠিল। চৰ,ঢকা, লঠিওৱা-গুৰিওৱাবোৰ প্রথমতে ঘৰতেই আৰম্ভ হ, গিৰীয়েকৰ পৰা। তাৰ পিছত লাহে লাহে জা, ননদ ইত্যাদি ইত্যাদি....। সময়মতে ককায়েক গৈ নোপোৱা হলে সেইদিনা শেৱালি আৰু বাছি নাথাকিলহেতেন। গাওঁখনৰ মানুহক কোনোমতে বুজাই বঢ়াই ককায়েকে শেৱালিক লৈ আহিল। .. সেইদিনাৰ পৰাই শেৱালিৰ নামৰ আগত দাইনী, পিশাচিনী জাতীয় বিশেষন কিছুমানে আহিও লগ লৈছিলহি।
কথাবোৰ যিমানেই ভাৱিছো সিমানেই মোৰ উৎকন্ঠা বাঢ়ি গৈ আছে।... অগত্যা চোতালখনৰ পৰাই মই এবাৰ দুবাৰ শেৱালিৰ মাককে মাত লগালো। নাই ঘৰটোৰ বাহিৰ ভিতৰ তেনেই নিঃসাৰ হৈ আছে। এক মুহুর্ত্ত চোতালখনত ঠিয় দিয়াৰ পিছত মই কাথিখনলৈ উঠি গলো। পিছচোতালৰ পৰা ভাহি অহা টুকুৰা-টুকুৰি কথা কিছুমান আহি কানত পৰিল। মাজে মাজে খিক খিক কৈ চেপা হাঁহি এটি দুটি।
:--- কাজলী, এই আন্ধাৰ হোৱালৈ তোৰ ঘৰলৈ উভতিবলৈ খৱৰ নাই হয়নে? মনলৈ কিমানযে বেয়া বেয়া চিন্তাবোৰ আহি থাকে নাজান হৱলা? তই যে একেবাৰে বনৰী জনী হৈ উঠিছ? আজিও হাবিখন পাৰ হৈ সিপাৰৰ গাঁৱলৈ গৈছিলি হয়নে?.কিমানদিন বাধা দিলো, নাই তোৰ সেই বদস্বভাৱবোৰ নাযায় আৰু?
কিছুসময়ৰ নীৰৱতা, ...মাজে মাজে খুত খাত শব্দ। ভাল লগা গোন্ধ এটাই খোলা দুৱাৰ খিড়ীকি যেনিয়ে পাৰে তেনিয়ে আহি মোৰ নাকতে হেচা মাৰি ধৰিলেহি। শুকান বাহপাত পোৰা গোন্ধ। বহু পুৰণি মোৰ চিনাকী গোন্ধ। গধূলিৰ গাঁও এখনৰ নিজা গোন্ধ এইয়া। হয়, গোন্ধটো পিছ-চোতালখনৰ পৰাই আহিছে।
..
পিচফালৰ পৰা অহা নাৰীকন্ঠটো কাৰ মই বুজিবলৈ চেষ্টা কৰিলো। কোন হব পাৰে বাৰু সেইয়া ? শেৱালিৰ মাতৰ লগত ইমান যে মিল! নে বৌৱেকৰ? ছোৱালীজনীক ডবিয়াই আছে হবলা।....কিমান বা ডাঙৰ হল। মইতো তাইক সেই তিনমহীয়া কেচুৱা থকাতে দেখা। শেৱালি আৰু মোৰ হাবিয়ে বনে অনাই বনাই খেলি থকাৰ বয়সতে।
ঃ---- কি মই কেনেকৈ জানিলো?...মই হবলা খৱৰবোৰ নাৰাখো বুলি ভাবিছ?...সৌ বাপধনে তোক বাটতে দেখি আহি মোক খৱৰ দিছেহি। সেই মতা কেইটাৰ মোহত বাৰেপ্রতি সেইখন গাৱলৈ ঢাপলি মেলিবলৈ তোৰ লাজ নালাগেনে বাৰু? হেৰৌ মৰতী কিমানদিন কৈছো এইখন তোৰ মোৰ দৰে অৱলা জীৱৰ ঠাই নহয়। ইয়াত যে দেখিছ, এইবোৰ মানুহ নহয় নৰখাদক বুইছ সুবিধা পালেই জপটিয়াই ধৰি হাড়ে মুৰে চোবাই খাব গম পাবি বাপ্পেকে!....
নাৰীকন্ঠটো খঙত ফোপাইছে।... এবাৰলৈ সেই বজ্র কঠিন মাতটো অলপ নৰম হল...
ঃ---- ফুটুকী অমুখখন ওলোমাইছ কিয় অআইজনী। যা সৌ কঠালজোপাৰ তলতে পেছাৱ-পাইখানা কৰি লগৈ, মই তহতলৈ খোৱা যোগাৰ কৰি আছো । আজি পিছে তোৰ ওপৰতো মোৰ অলপ খঙ নুঠা নহয়। এই কাজলীজনীৰ ওপৰত তোক অলপ নজৰ ৰাখিবলৈ কোৱা নাছিলোনে?. এইজনী আজি আকৌ সেই সিপাৰৰ গাওখন পাইছেগৈ। এই কেতিয়াবা আমাৰ আটাইৰে নাক কান কটাই আহিবগৈহে দেখিছো।...
আৰু কিছু সময়ৰ মৌনতা। গালি পাৰোতাজনে অনর্গল বকিয়েই আছে, বকিয়েই আছে, শুনোতাজনে চাগে ভয়তে কোচ-মোচ খাই মুৰ তল কৰি শুনি গৈছে মাথো। নিমাতে, একান্ত বাধ্য ছাত্রৰ দৰে।
পিছ-চোতালখন ইমাননো ব্যস্তনে? অতপৰে আলহি আহি ৰৈ আছোহি অথচ কাৰো খৱৰেই নাই।... এক মুহুর্ত ৰৈ মই আৰু অকণ আগুৱাই গলো। মানুহ বহা কোঠাটোৰ বাঁহৰ দুৱাৰখন কানিদুৱাৰিকৈ থোৱা আছিল, ঠেলি দিওতে কেৰেককৈ শব্দ এটি হল। ভিতৰখনত লেম-চাকি একো এটা নাই, গধূলিটোও ইতিমধ্যে শেষ হল। ৰাতিৰ আন্ধাৰখিনি যেন ঘৰটোৰ কোঠাবোৰলৈ নির্বিঘ্নে বিয়পি পৰিছে।...
ঃ--- আইজনী কাজলী ও , খা আই খা।, গপটো ধৰি নাথাকিবি।..চা চোন চা, ভনীয়েৰে কেইজনী কিমান ধুনীয়াকৈ মচি মচি থালবোৰ চাফা কৰিছে। কণমানি ভায়েৰে চাৰিটাও টোপনিয়ে গল। সোনকালে শেষ কৰ আই। মোৰ আৰু ঢেৰ কাম আছে নহয়। ঘৰটো তেনেই অন্ধকাৰত ডুব গৈ আছে।
প্রত্যুৎতৰত অস্ফুট গেঙনি এটি ভাঁহি আহিল...। আদৰৰ কথাকেইষাৰিয়ে চাগে ভেমবোৰ গলাই তেনেই পানী কৰি দিলে। ..
শব্দবোৰৰ উৎস বিচাৰি মই আৰু অলপ ভিতৰলৈ সোমাই গলো। পিছ-চোতালখনলৈ যোৱা বাটটো মোৰ পুৰণি চিনাকী। এই এখন মাথো দুৱাৰ । ওখ ভেটিটোৰ পৰা দচোতালখনলৈ নামি যাবলৈ সুবিধা হোৱাকে দুৱাৰখনৰ তলতেই এছটা শিল। অকনো খোকোজা নলগাকৈ মই শিলছটালৈ ভৰিখন নমাই দিলো। আচৰিত! ইমান বছৰ পিছতো মই এই ঘৰখনৰ একো কথাই পাহৰা নাই!!..
চোতালখনৰ এচুকত এঙাৰ ফুৱাই জ্বলি আছে একুৰা জুই। জুইখিনিৰ পৰা মাজে মাজে দুই এচাটি ফিৰিঙতি উৰি যায়, আকৌ নিজাম পৰে।..ওচৰতে লা হৈ পৰি থকা ছাইবোৰ দেখিলে বুজিব পাৰি,অলপ আগলৈকে এইকুৰা জুইয়ে ই দপদপাই জ্বলিছিল। এতিয়া ধোৱা আৰু ফিৰিঙতিৰ মাজত ভাগৰ জিৰাইছে।
হঠাৎ ভৰিপতাদুখনৰ পৰা মোৰ মুৰলৈ অদ্ভুট শিহৰণ এটি বগুৱা বাই উঠি আহিল। জুইকুৰাৰ ওচৰত সেইয়া ধোৱালেতীয়া বগা সাজ পিন্ধা বয়সস্থ যেন লগা মানুহজনী শেৱালি। অবিন্যস্ত একোচা বগা চুলিৰে গোটেই মুৰ ঢকা। জুইকুৰাৰ পোহৰতে মই স্পষ্টকৈ দেখিছো নিস্প্রভ মুখমন্ডল আৰু উকা কপালখনেৰে এইজনী মোৰ অচিনাকী শেৱালি। মানুহজনীয়ে গাই এজনীক সাৱটি ধৰি আলফুলে মৰম কৰি আছে। মানুহজনীৰ মাতটো এবাৰ আৱেগিক হৈ পৰে, পিছ মুহুর্ততে আকৌ খঙত ফোপাই গৰুজনীৰ পিঠিতে কেইঢকামান মাৰে। সন্মুখৰ চৰিয়াটোত থকা দানাখিনিত গৰুজনীয়ে মুখ লগোৱা নাই। গৰুজনীৰ কানত ফুচফুচাই শেৱালিয়ে কিবা কিবি কৈছে, এবাৰ সেই দানাবোৰ নিজৰ মুখত দিছে, এবাৰ গৰুজনীৰ মুৰটো দানাৰ পাত্রটোত হেঁচা মাৰি ধৰিছে।.. ওচৰতে আন এজনী গাই। একান্তমনে তাই সন্মুখৰ চৰিয়াটোৰ পৰা চুৰুপ চুৰুপকৈ সিজোৱা দানা খাই আছে।
ঃ--- কাজলী ও গপ নকৰিবি আই। দিনটো ভোকত থাকিছ’, এতিয়া খোৱাখিনি বেগেতে খা। চা তোৰ সন্মূখতে মইও খাইছো চা।.....ফুটুকীয়ে শেষ কৰিলেই ।...আমাৰ মাইকী মানুহবোৰৰ জীৱন এনেকুৱাই ও । মতা জাতিটোৰ আটাইবোৰ একেই। প্রাণভৰি ভালপোৱাৰ বিনিময়ত আমাৰ মন আৰু শৰীৰ মহতিয়াই থৈ কিমান সহজে সিহঁতবোৰ পৰ হৈ যাব পাৰে। আৰু আমি কি কৰো?..গোটেই জীৱন সিহঁতলৈ কৰা অপেক্ষাৰ হুমুনিয়াহ কাঢ়ো। নাযাবি আই , সেই বলধকিটাৰ ওচৰলৈ তয়ো নাযাবি, মইও নাযাও।
শূন্য দৃষ্টিৰে মই মাথো সিহঁতকেইজনীলৈ চাই আছো, মুক হৈ সিহঁতৰ কথোপকথন শুনিছো।.. এৰা শেৱালি আগৰে পৰাই পৃথক। নৈ..বতাহ ..আকাশ, পানী, বাঁহনি, পথাৰ ভাল পোৱা ছোৱালী শেৱালি।..
আপোনবিভোৰ হৈ কথা পাতি থকা প্রাণীকেইটিৰ ওচৰলৈ আৰু এখোজো আগবাঢ়ি যাবলৈ মোৰ সাহস নহল।...অহা বাটটোৰেই কোবাকুবিকৈ বাহিৰ ওলাই আহিলো। পদূলিটো পাৰ হৈ কোন মুহুর্ত্তত বাট উঠিলোহি নাজানো, মানুহৰ মুখে শুনা ফুৰফুৰীয়া কথাবোৰ মাথো মোৰ মুৰত পাকঘূৰণি খাই থাকিল...
আজিকালি শেৱালি পাগল হ,’..’শেৱালিয়ে মানুহৰ ওচৰলৈ নাহে, ভয় কৰে, ঘৰৰ গৰু-ছাগলী কেইটিৰ লগতে কথা পাতে, সিহঁতৰ লগতে খাই, থাকে শোৱে’...’ এতিয়া আৰু তাই মানুহৰ শাৰীত নাই।
গাওঁখন তেতিয়ালৈ গভীৰ অন্ধকাৰত ডুৱ গৈছিল।.. কোনোবা ভকতে লেনিয়াই লেনিয়াই গোৱা সুৰীয়া শব্দলানি কিছুমান বহুদুৰৈৰ পৰা বতাহৰ তে আহি আছিল, গৈ আছিল,...
অথিৰ ধন জন..জীৱন যৌৱন
অথিৰ এহু সংসাৰ।.....
মানুহে কোৱা কথাবোৰ সচাঁ নাছিল...।.

কবি:-
ঞ্জু শৰ্মা

No comments:

Post a Comment