Tuesday, 30 May 2017

ৰিজাল্ট আৰু ইতি কথা



ৰিজাল্ট আৰু ইতি কথা

পকেটত এটা ফূটাকৰিও নাই
উদযাপনৰ শেষ বিন্দুতটোত লাগি আছিল উত্তপ্ত সময়
চাকিৰ পোহৰৰ দৰে ৰঙা হৈ শুকাম
আইৰ চকুপানী
এয়া মাথো মনৰ হাবিয়াহ্
এডমিচন, ফৰ্ম ফিলাপৰ কাগজৰ টুকুৰাত
টকাৰ ওজন বান্ধি অনা দেখি
আই কান্দে
মই ভাৱো,
কেনেবাকৈ চাকৰি এটা পালে
দুখবোৰ কুচি কুচি সোমাই থম সুখত।
বছৰতো চাকিৰ পোহৰ খাবলৈ অহা পোকবোৰ
ধৰি উমলোতেই গ'
স্কুলৰ পৰা ৰিজাল্টটো আনি
আই চকুপানী মচিব নোৱাৰাকৈ
বগা চাদৰখনেৰে উন্মুক্ত বাঁহডালত
মই নিৰুপায়।
কবি:-
ৰাজেন দাস

No comments:

Post a Comment