অশ্ৰু বন্যা নাৰী
নিস্তব্ধ গভীৰ
নিশাৰ ৰাজআলি | হাতত প্লাষ্টিকৰ পুতলাটো আৰু কাপোৰৰ টোপোলাটো লৈ খৰখোজে তাই সন্মুখলৈ গতি কৰি
আছে | ভয় সংকোচহীন গতি | কিবা এটাই যেন হাত বাউলি দি মাতি আছে তাইক | তাইৰ চকু দুটা উজলি উঠে মাজে মাজে আৰু দুওঁঠেৰে বাগৰি যায় এটা তৃপ্তিৰ
হাঁহি | বিৰবিৰাই কয়-
--সোন মোৰ ,আইজনী মোৰ, তোক মই বচামেই | ইহঁতৰ হাতত তোক মই আন দুটি ফুলৰ দৰে হেৰাব নিদিও |
বৰুণে সাৰ পায় কাষত জুনুকাক নেদেখি আনন্দত কিৰিলি পাৰি উঠিল | মাকক চিঞৰি কলে-
--তাই গ'ল মা,টোপনিৰ টেবলেটটো শুৱাৰ সময়ত আজি নিদিলো |
--উস্ ৰক্ষা,পাঁচ বছৰত তিনিজনী ছোৱালী জন্ম দি ক'ম জ্বলালে নে ! কিমান আৰু এইদুখন হাতে পাপ কৰিব | মই জ্যোতিষ দেৱৰ পৰা চাই চিতি ঠিক কৰা জনীৰ ঘৰলৈ গৈ কালিয়েই কথা পাতি আহিম | তই চিন্তা নকৰিবি | বংশৰ কুলদ্বীপ এইজনীয়ে জন্ম দিয়াটো খাটাং বুলি জ্যোতিষ দেৱে কৈছে |
মাকৰ কথাত সন্তুষ্টিৰ হাঁহি এটা বৰুণৰ দুওঁঠ বাগৰি ওলাই গ'ল |

ණ নিৰুপমা ডেকা ৷
No comments:
Post a Comment