Saturday, 20 May 2017

অনুভৱණসাৰদা শ্ৰেষ্ঠ ।



আজিকালি ফেচবুক খুলিলেই দেখা পাওঁ, লাগতিয়াল - অলাগতিয়াল বিতৰ্কমূলক ষ্টেটাচেৰে ভৰি থাকে ফেচবুকৰ মজিয়া । সেই ষ্টেটাচৰ তলত দৃষ্টিকটু মন্তব্যৰ সমাহাৰ । সঁচাই দেখি তিতা-কেঁহা লাগে । তদুপৰি ফেচবুকক কিছুমানে চিকাৰ ধৰা ফান্দ হিচাপে ব্যৱহাৰ কৰে । কিছুমান অসামাজিক লোকে তেওঁলোকৰ বিষাক্ত ভাবধাৰাৰে ফেচবুকত বিষবাষ্প বিয়পায় । ফেচবুকে সম্পৰ্কত কেৰোণৰ সৃষ্টি কৰাৰো উদাহৰণ নথকা নহয় । সেয়ে দেখা যায়, ফেচবুকৰ নেতিবাচক দিশ কম নহয় । আজিকালি বাতৰিকাকতবোৰতো ফেচবুক কাণ্ডই প্ৰায় প্ৰতিদিনেই ঠাই পায় ।
ফেচবুকৰ ইমানবোৰ বদনাম থকাৰ পাছতো মইনো কেলেই আহোঁ, ইয়ালৈ ?
হয়, মই ফেচবুক এৰিব নোৱাৰো । ফেচবুকৰ মই পুৰণি বাসিন্দা । ২০১১তেই ফেচবুকত মোৰ নাম লিপিবদ্ধ কৰিছিলো । মোৰেই সৌভাগ্য, মই ইয়াত ভালেকেইজন সুহৃদ বন্ধুৰ সংস্পৰ্শলৈ অহাৰ সুযোগ লাভ কৰিলো ।
বহু কথাই নকৈ শিকিব পাৰিলো । যি সময়ত মই মানসিক ভাৱে বিধ্বস্ত হৈছিলো, সেইসময়তে ফেচবুকে মোক কথাবোৰ নতুনকৈ চিন্তা কৰিবলৈ শক্তি দিলে । ফেচবুকলৈ আহি মই বিভিন্ন গোটৰ সৈতে জড়িত হৈ পৰিলো ।
সকলো বস্তুৰেই ভাল আৰু বেয়া দিশ থাকে । থকাটো স্বভাৱিক । কথা হৈছে, আমি কিমানখিনি ইয়াক আমাৰ জীৱনত উপযোগী কৰি ৰাখিব পাৰো । ইয়াত ভালেমান সাহিত্যৰ গোট আছে, যিবোৰে সাহিত্যৰ সাধনা অব্যাহত ৰাখিছে ফেচবুকে সৃষ্টি কৰিছে ভালেকেইজন ন লেখাৰু । বহুজনে নিজৰ সৃষ্টিশীলতাৰে ফেচবুকৰ মজিয়া সজাই তোলে, ভাল লাগে । ফেচবুক মেলি যেতিয়া এটি সুন্দৰ কবিতা, সুন্দৰ গল্প, সুন্দৰ অনুভৱ, কৌতুক আদি পঢ়িবলৈ পাওঁ, সুন্দৰ চিত্ৰ কলা, সুন্দৰ ফটোগ্ৰাফী চাবলৈ পাওঁ তেতিয়া মনটো অজানিতে সেউজীয়া হৈ যায় । দুখবোৰ আপোনা আপুনি পাতলি যায় । নিজেও অলপ অচৰপ হোৱাই নোহোৱাই আঁক বাঁক কৰাৰ কচৰৎ কৰোঁ, ভাল লাগে ।
আচলতে মই এক প্ৰসংগতহে ইমানবোৰ পাতনি মেলিলো । সিদিনা সন্ধিয়া চাহ দুকাপ আগত লৈ আমি টিভিৰ ওচৰত বহি ঐ খাপলাং চাই আছিলো । চাহ খাই শেষ কৰি খাপলাং চোৱাৰ মাজে মাজে মোবাইলটো চাই আছিলো তেনেতে মোবাইলটোৰ মেচেঞ্জাৰ টিউনটো টুং টুংকৈ বাজি উঠিল । মেচেঞ্জাৰ খুলি চাই দেখিলো, মোৰ ভাইটি Laxman Kumar ৰ বাৰ্তা । সুকবি লক্ষণ কুমাৰৰ সৈতে আৰম্ভণিতেই ফেচবুকৰ জৰিয়তে পৰিচয় হৈছিলো । শান্ত আৰু অমায়িক লক্ষণে খুব সোনকালেই মোৰ হিয়াত ভাইৰ আসন লৈ নিগাজীকৈ বহিল । লক্ষণে সুধিলে - "বাইদেউ আপুনি ৰঙাপৰাতেই থাকে নহয়নে ?"
মই - অ', তুমি আহি আছানে ? নাই বাইদেউ, মই এতিয়া শ্বিলঙত আছো, লক্ষ্মণে ক'লে । লক্ষ্মণৰ পৰা গম পালো, লক্ষ্মণে এমাহৰ বাবে orientation course কৰি আছে Nehu Universityত । সি জনালে যে সি mawlylongলৈ ফুৰিবলৈ আহিছিল । তাতেই সি ৰঙাপৰাৰ নামনি গাওঁৰ ছোৱালী এজনীৰ money bag পাইছে । তাত টকা চাৰি হাজাৰৰ লগতে pan card, voter ID, ATM card কে লৈ সকলোবোৰ document আছে । সি ক'লে - "বস্তুখিনি পাই ভাবি আছিলো, কেনেকৈ বস্তুখিনি গৰাকীলৈ পঠিওৱা যায় ! কাৰোবাক পোৱা হ'লে ! তেনেতে আপোনাৰ কথা মনত পৰিল । আপুনিতো ৰঙাপৰাতেই থাকে ।" মই ক'লো - "নামনি গাওঁ আমাৰ ঘৰৰ পৰা বৰ বেছি দূৰৈত নহয় । আমাৰ গৃহস্থই চিনি পাব কিজানি । তুমি মোক নাম, ঠিকনা দিয়া । মই খবৰ কৰি তোমাক জনাম ।" মই ঘৰত সুধিলো নামনি গাওঁৰ তপন বৰুৱাক চিনি পাই নেকি । ভবা মতেই মানুহজন এখেতৰ চিনাকিয়েই ওলাল । পিছদিনাই বৰুৱাক খৱৰ দিয়া হ'ল । খৱৰ দিয়া মাত্ৰকে মানুহজন আহি হাজিৰ হ' আমাৰ ঘৰত । মই মানুহজনক লক্ষ্মণৰ সৈতে হোৱা মোৰ বাৰ্তালাপৰ বিষয়ে বিতংকৈ 'লো । মানুহজনেও প্ৰমাণ হিচাপে জীয়েকৰ documentphoto copyবোৰ দেখুৱালে ।
মানুহজনেৰ চকুৱে মুখে ফুটি উঠিছিল হেৰুৱাই পোৱাৰ সুখ । মানুহজনে কৈছিল - "মানুহজন (লক্ষ্মণ) নিশ্চয় বৰ ভাল । আজিৰ যুগত পোৱা বস্তু বিচাৰি খুচৰি এনেকৈ খুব কমেইহে দিয়ে ।" মানুহজনে মোকো যথেষ্ট ধন্যবাদ দিলে । লক্ষ্মণক মই ছোৱালী জনীৰ দেউতাক আমাৰ ঘৰলৈ অহাৰ খবৰটো দিলো । মোৰ বাৰ্তা পাই লক্ষ্মণে ক'লে - "আপুনি বিচাৰি পালে ন ? ধন্যবাদ আপোনাক । আপুনি দেউতাকক কৈ দিয়ক ছোৱালী জনীক ফোন কৰি কওঁক যে টকা পইছাৰ লগতে গোটেই document খিনি একদম সুৰক্ষিত আছে । চিন্তা কৰিব নালাগে । তেওঁলোক আহি বস্তুখিনি লৈ যাওঁকহি । বস্তুখিনি গতাই দিব পাৰিলে ময়ো ৰক্ষা পাওঁ ।" দেউতাকে ছোৱালী জনীক ফোন কৰি বস্তুখিনিৰ সম্ভেদ পোৱা বুলি জনালে । তাই মোৰ সৈতেও কথা পাতিলে । যথাসময়ত বস্তুখিনি গৰাকীক গতাই দি লক্ষণে মোক ক'লে - "বাইদেউ, বস্তুখিনি ল'বলৈ ল'ৰা এটা আহিছিল । তাৰ হাতত বস্তুখিনি দিলো । এতিয়া আপুনি এই ঘটনাটোৰ বিষয়ে ফেচবুকত লিখিব পাৰে । ফেচবুকক ধন্যবাদ । ফেচবুকৰ বাবেই ছোৱালী জনীয়ে বস্তুখিনি সহজেই ঘূৰাই পালে । "
বস্তুখিনি পোৱাৰ পাছত ছোৱালীজনীৰ মাক দেউতাক আকৌ পোৱাৰ খবৰ দিবলৈ আহিছিল । ফেচবুকে এনেকৈ আমাক সকলোকে সুখ দিলে । লক্ষণে পালে, লোকক সহায় কৰাৰ সুখ, ছোৱালীজনীৰ পৰিয়ালে পালে হেৰুৱাই পোৱাৰ সুখ আৰু মই পালো দুজন বন্ধুৰ সুখৰ দুটা ভাগ ।
এইখিনিতে মোৰ মনত পৰিছে, কেইবছৰমান আগতে লক্ষণে ৰঞ্জিত কুমাৰ বৰাৰ এটা ষ্টেটাচত এটি সুন্দৰ মন্তব্য দিছিল । লক্ষ্মণ কুমাৰে কৈছিল - “ফেচবুকক মই এখন মন্দিৰ বুলিয়েই ভাবো। এই মন্দিৰলৈ প্ৰতিদিনে অগণন ভক্ত আহে নিজৰ সুখ-দুখৰ কথা কবলৈ,আনৰ সুখ-দুখৰ সমভাগী হবলৈ। ময়ো আহোঁ ইয়ালৈ, আন একো কৰিব নোৱাৰিলেও টিলিঙাকে বজাই দিওঁ….অন্তৰৰ মলিনতা দূৰ হৈ যায় ।লক্ষ্মণ কুমাৰৰ দৰেই আমি সকলোৱে ফেচবুকক মন্দিৰৰ দৰে পবিত্ৰস্থান বুলি ভাবিব নোৱাৰোঁনে ?
কবি:-
সাৰদা শ্ৰেষ্ঠ

No comments:

Post a Comment