ক'লাজ
------------
------------
বিচ্ছিন্নতাৰ
কোলাত শুই থকা
স্মৃতিৰ এককাঁল পানীত
ককবকাই আছে জীৱন মাধুৰী
দিগন্তৰ সিটোপাৰে ঢাপলি মেলিছে
জীৱনৰ পংকিলতা
যেন চুব খুজিছে জ্যোতিশিখা !!
স্মৃতিৰ এককাঁল পানীত
ককবকাই আছে জীৱন মাধুৰী
দিগন্তৰ সিটোপাৰে ঢাপলি মেলিছে
জীৱনৰ পংকিলতা
যেন চুব খুজিছে জ্যোতিশিখা !!
অসীমৰ বেটুঁপাতত
গজা
সৌৰভবোৰ বিলাবলৈ
চিৰন্তন ধাৱমান জীৱন ৰাগিনী
মৌনতাই গ্ৰাস কৰিও যেন
তেজোদীপ্ত হৈ থাকে
জীৱন ঘড়ীৰ অলকানন্দা !!!
সৌৰভবোৰ বিলাবলৈ
চিৰন্তন ধাৱমান জীৱন ৰাগিনী
মৌনতাই গ্ৰাস কৰিও যেন
তেজোদীপ্ত হৈ থাকে
জীৱন ঘড়ীৰ অলকানন্দা !!!
স্নিগ্ধ শেৱালিৰ
কোমলতাত
আকাংক্ষিত সুৰ দিবলৈ
নিত্য জাগ্ৰত জীৱন ময়ুৰী
জথৰতা নেওচি যেন
উদিত ভাস্কৰ হৈ থাকে
স্বকীয়তাৰ বেনামী উপত্যকা !
আকাংক্ষিত সুৰ দিবলৈ
নিত্য জাগ্ৰত জীৱন ময়ুৰী
জথৰতা নেওচি যেন
উদিত ভাস্কৰ হৈ থাকে
স্বকীয়তাৰ বেনামী উপত্যকা !
মৰমৰ
দ্বীপান্বিতাত, নিশ্চয়তাত
পোহৰৰ শলিতা জ্বলাৱলৈ
চিৰন্তন উত্থিত জীৱন সুৰভি
তুমিহীনতাৰ বিষাদক পাৰ ভাগিও
অধঃ আলোকৰ শলিতাৰে গাথিছোঁ
নিজস্বতাৰ সোণোৱালী জীৱন গাঁথা ৷৷
পোহৰৰ শলিতা জ্বলাৱলৈ
চিৰন্তন উত্থিত জীৱন সুৰভি
তুমিহীনতাৰ বিষাদক পাৰ ভাগিও
অধঃ আলোকৰ শলিতাৰে গাথিছোঁ
নিজস্বতাৰ সোণোৱালী জীৱন গাঁথা ৷৷
ණ কিশোৰ ঠাকুৰীয়া ৷
No comments:
Post a Comment