Sunday, 21 May 2017

ৰ'দৰ স্তৱক



'দৰ স্তৱক
---------

খিৰিকীৰ ফ্ৰেমত
নতুন ছবি
আকাশৰ বুকুত ডাৱৰ ৷

'
জানো!
তুমি মোক অবিশ্বাস কৰিবা৷
কাণে কাণে কওঁ
নাৰিকল পাতৰ মাজেৰে
সৰকি অহা বাখৰৰ ধেমালি
মোৰ বুকুত৷

'
সৃষ্টিৰ আধাৰ
উখল- মাখল চোতাল
তোমাৰ হাতত ধৰি
জীৱন গঢ়াৰ প্ৰয়াস৷

'
শাওণৰ পথাৰ
নাঙলৰ কান্দোন
বুকুত আঁচোৰ৷
:- ইন্দিৰা গোস্বামী

No comments:

Post a Comment