Thursday, 25 May 2017

ৰবট হোৱা মানুহবোৰৰ পৰা



ৰবট হোৱা মানুহবোৰৰ পৰা


শতিকাৰ শেলুৱৈ পথ বাটকুৰি বাই
আজি যত পালোহি
সেয়া মৰুভূমি
ককাই অ
লৈনো যা
কান্ধত লৈ দুখৰ বোজা
চহৰত কি সুখবোৰ ফুল হৈ ফুলে?
সুখৰ বিনিময়ত
মনুহবোৰে দুখ কিনে?
তেন্তে,
মোৰ পিঠিতো খাঁজ কটা আছে
মহাজনৰ বেত্ৰাঘাত
পাৰ যদি
মোৰ দুখবোৰ বিকি
আনিবিচোন অকণমান সুখ কিনি
ককাই অ
চহৰত ফুলেনে
আমাৰ দৰে বিষাদৰ আজাৰ?
ভদীয়া বানত যায় নে ডুব ঘৰৰ মূধচ?
চহৰৰ ফুলবোৰ ফুলিবলৈ
কি মাটি নাই!
নদীবোৰৰ কি স্বাধীনতা নাই!
চহৰৰ মানুহবোৰৰ ঘৰত কি নাথাকে চোতাল!
সিহঁতে কি নুশুনে চৰাইৰ মাত! নেদেখে সূৰ্যোদয়!
তেনেহলে নালাগে দে
ৰবট হোৱা মানুহবোৰৰ পৰা কিনি আনিবলৈ সুখৰ ঠিকনা
তাতকৈ গাঁৱৰ বোকা মাটিৰ গোন্ধই ভাল
কবি:-
ঞ্জন বৰ্মন

No comments:

Post a Comment