Monday, 29 May 2017

কবিতাৰ পৰ্যালোচনা পুনৰীক্ষণ ( ৪৮) : মে', ২০১৭ ( চতুৰ্থ খণ্ড):পৰ্যালোচক-যুগল কিশোৰ নাথ ৷



আখৰুৱা:literati গোটৰ কবিতাৰ পৰ্যালোচনা পুনৰীক্ষণ ( ৪৮) : মে', ২০১৭ ( চতুৰ্থ খণ্ড):পৰ্যালোচক-যুগল কিশোৰ নাথ ৷
অৱতৰণিকা :
অসমীয়া কবিতাৰ এক বিস্তৃত ইতিহাস আছে৷ লোকসাহিত্যৰ পৰা আৰম্ভ কৰি হেম সৰস্বতী, হৰিবৰ বিপ্ৰ, মাধৱ কন্দলী, শংকৰদেৱ, মাধৱদেৱ, ৰাম সৰস্বতী আদিৰ ৰচনাৰাজিৰ মাজেৰে বিৱৰ্তন লাভ কৰি পাশ্চাত্য নৱীকৃত ভাৱধাৰাৰে সমৃদ্ধ হৈ ৰমন্যাসিক সাহিত্যৰ উন্মেষ ঘটাৰ পৰা অসমীয়া কবিতাই নতুন মোৰ লয় । পূৰ্বৰ ধ্ৰুপদী সাহিত্যৰ গণ্ডীৰ পৰা বাহিৰ হৈ অসমীয়া কবিতাই বৰ্তমানৰ ৰূপ পৰিগ্ৰহ কৰাত ভালেখিনি আলোচনীয়ে সহায় কৰিছে । বিশেষকৈ অৰুণোদই, জোনাকী, বিজুলী, ঊষা, বাঁহী, জয়ন্তী, ৰামধেনু, আমাৰ প্ৰতিনিধি, প্ৰকাশ, গৰীয়সী, সাতসৰী আদি আলোচনীৰ মাজতেই অসমীয়া কবিতাৰ বিকাশৰ মূল স্বৰূপটো নিহিত হৈ আছে ।
সাহিত্য চৰ্চাৰ ক্ষেত্ৰখনত বৈদ্যুতিন মাধ্যম বৰ্তমান এক উপযুক্ত মাধ্যম। বিশ্বৰ প্ৰায় সকলোবোৰ ভাষাতে বৈদ্যুতিন মাধ্যমৰ সাহিত্যই জনপ্ৰিয়তা লাভ কৰিছে। অসমীয়া সাহিত্যৰ ইতিহাসত বৈদ্যুতিন মাধ্যমৰ সাহিত্য এক নতুন সংযোজন । বৰ্তমান ফেচবুক, হোৱাটচ এপ (social media), আদিৰ জৰিয়তে সাহিত্য চৰ্চা কৰা দেখা যায়। ফেচবুকত অসমীয়া সাহিত্য চৰ্চাৰ ক্ষেত্ৰখনত 'আখৰুৱা' এটি উন্নত মানসম্পন্ন সাহিত্য গোট। সাহিত্য চৰ্চা কৰা বা কৰিব বিচৰা এচাম মানুহক আখৰুৱাই এখন মঞ্চ প্ৰদান কৰি আহিছে। কেৱল সাহিত্য চৰ্চাই নহয়, গোটটিত প্ৰকাশিত সাহিত্যৰ ঘাইকৈ কবিতাৰ পৰ্যালোচনাৰ শিতানটিয়ে সকলো পাঠককেই সহায় কৰিছে আৰু অসমীয়া সমালোচনা সাহিত্যৰ ইতিহাসত ই এক নতুন দিশ উন্মোচন কৰিছে।
আখৰুৱা'ৰ কবিতা পুনৰীক্ষণ (৪৮)ৰ চতুৰ্থ খণ্ডৰ পৰ্যালোচনাৰ বাবে তিনিজন কবিৰ কবিতা নিৰ্বাচন কৰি লোৱা হৈছে।
১)উইল চিদ্দিকুৰ ৰহমানৰ 'আইজনীৰ গাত লেঠা' ২)নৱাকাশৰ 'বৰষুণ আহিছে' আৰু
৩) দীপ্তি দেউৰী বৰাৰ 'কথাবোৰ কাক ক'
শীৰ্ষক কবিতা তিনিটা পৰ্যালোচনাৰ বাবে বাচি লোৱা হৈছে ।
নিৰ্বাচিত কবিতাকেইটাৰ মূল পাঠ :
১/ আইজনীৰ গাত লেঠা
-
উইল চিদ্দিকুৰ ৰহমান
আইজনীৰ গাত লেঠা।
চাৰিকড়িয়া নৈত গা ধুবলৈ গৈ
লেঠাটো লাগিল।
শোকে বেজাৰে
তিনিদিন চাৰিৰাতি
একেথৰে তাই নৰিয়াত পৰিল
জিলীৰ মাতত নিজান দুপৰীয়া
জাৰণি ভঙা শব্দ এটাত
সাউৎকৰে উৰি গল শৰালি এজাক
উবুৰি খাই পৰিল তাই নৈ গৰা এটাত
লাজত মুখ ঢাকিলে পানী-কাউৰী এহালে।
নখে মাটি লেখা ছোৱালীজনীয়ে
গমকে নাপালে
কোনটো ঊৰুত তাইৰ
কেইটা আঁচুৰ
বনজুই বিয়পাদি বিয়পিলে
গা-ভাৰী আইজনীৰ অশুচি খবৰ!
হাবিতলীয়া বাট এটাৰ
লঠঙা ডালত
ৰূৰুৱাই জ্বলি থকা জুইকুৰা
হঠাৎ নুমাল
সুৰুঙাৰে সাৰকি গল ৰাং-কুকুৰ এপাল ৷ঊ
কবিতাটোত থকা ভুল শব্দ:
ৰূৰুৱাই - ৰূৰূৱাই
সাৰকি - সৰকি
২/ বৰষুণ আহিছে
বৰষুণ আহিছে
কিনকিনিয়া
তুমি চাতি অনা নাই
বলানা ভিজো
তুমি ক'লা
এতিয়া ৰাতি
চাতিৰ প্ৰয়োজনেই বা কি
'ৰবাত কিবা এটা হৈছে
বতাহত মাটিভিজা গোন্ধ
তোমাৰ দৰে গোন্ধাইছে মোৰ ঘাম
তোমাৰ ওঁঠযুৰি বৰ ধুনীয়া
জুৰিৰ পানীৰ দৰে চঞ্চল
এতিয়াও বৰষুণ দিয়েই আছে
মোৰো চাতি নাই
আজি অকলেই ভিজিম তোমাৰ স'তে আন্ধাৰত ৷
কবিতাটিত ধৰা পৰা ভুল শব্দ:
কিনকিনিয়া - কিনকিনীয়া
বলানা - ব'লানা
চাতি - ছাতি
৩/ কথাবোৰ কাক ক'
দীপ্তি দেউৰী বৰা
বিঘা মাটি কঠা হ'
গছবোৰ ক'ত ৰুম পিতাই..
নদীৰ বালিতো হেনো আমাৰ অধিকাৰ নাই
অধিকাৰৰ কথা ক'লে ৰোষত পৰা যায়
মোৰ সৰু চহৰখনত চকু ফুৰালো কেইজন খেতিয়ক আছে
চালানী বস্তুৰে মানুহে বৰঘৰ সজায়
বিঘা মাটি কঠা হ'ল পিতাই
গছবোৰ ৰুবলৈ ঠাই পোৱা নাই...
দুখত উঠা মানুহে সপোনবোৰ নদীত উটায়
পানীত বুৰ মাৰি ধান কটা গাওঁৰ ডেকাই
সপোনবোৰ চহৰলৈ কঢ়িয়াই
"
হোলচেল " ,"ৰিটেইল " সিহঁতে চিনি নাপায়
চহৰৰ ৰঙা-নীলা এমুঠি সূতা
গাৱঁৰ শালত সজায়
শ্ব ৰুমত দৰদাম হয় তৰাফুল বচাঁ কোনো চাদৰ মেখেলাৰ
বিঘা মাটি কঠা হ'ল পিতাই
গছপুলি ক'ত ৰুম ভাবি পোৱা নাই
দুখবোৰ বুকুত পুতিছোঁ..
কথাবোৰ পাগুলি আছোঁ..
দেশৰ নাতিহঁতে তৰা চিনি নেপায়
দামী টায়েলচৰ বুকুত সাচঁতীয়া ধনবোৰ সোমায় ...
বতাহজাক বৰ গৰম পিতাই
কেনেকৈ ল'ৰাহঁতে আকাশ চায়
মাটিবোৰ বেচিলি
দালান সাজিলি
'ৰাহঁতে বোকামাটিৰ গোন্ধ পোৱা নাই
গুগুলত জীৱন নিবিচাৰি কি কৰিব পিতাই
খেতিয়ক হোৱাৰ সপোন দেখে জানো কোনোবাই
.....
বিঘা মাটি কঠা হ'ল পিতাই
গছপুলি ৰোৱাৰ কথা আৰু ভবা নাই |
বিষয় বিশ্লেষণ :
…………………………
নিৰ্বাচিত কবিতাকেইটাৰ আটাইকেইটাই সুকীয়া শৈলী, ভাৱ, প্ৰতীক, চিত্ৰকল্পৰে সমৃদ্ধ। উইল চিদ্দিকুৰ ৰহমানৰ 'আইজনীৰ গাত লেঠা' শীৰ্ষক কবিতাটো এটি হৃদয়স্পৰ্শী কবিতা। পুৰুষৰ যৌন নিৰ্যাতনৰ বলি হোৱা এজনী আজলী ছোৱালীৰ ৰূঢ় বাস্তৱ কবিতাটোত উপস্থাপন কৰা হৈছে। কবিৰ বক্তব্যত ছোৱালীজনীৰ দুৰ্দশাৰ প্ৰতি সহমৰ্মীতা প্ৰকাশ পাইছে। কবিৰ শব্দভাণ্ডাৰ টনকীয়াল যদিও কবিতাটোৰ বিষয়বস্তুক উপস্থাপন কৰাত বিশেষকৈ বলাৎকাৰৰ বলি হোৱা এজনী ছোৱালীৰ গহন অন্তৰৰ দুখ প্ৰকাশত শব্দসমূহ শিথিল হৈ পৰিছে। কবিতাটিৰ প্ৰকাশভংগী কোমল -
চাৰিকড়িয়া নৈত গা ধুবলৈ গৈ
লেঠাটো লাগিল।
শোকে বেজাৰে
তিনিদিন চাৰিৰাতি
একেথৰে তাই নৰিয়াত পৰিল
কবিতাৰ বিষয়বস্তুলৈ চাই কবিতাৰ ভাষা প্ৰতিবাদী হ'ব লাগিছিল, কিন্তু নিৰ্যাতিতাৰ প্ৰতি সহমৰ্মিতা প্ৰদৰ্শনতেই প্ৰথম অংশ সীমিত হৈ ৰ'ল। অৱশ্যে সুৰুঙাৰে সৰকি যোৱা এপাল ৰাং কুকুৰ, ৰূৰূৱাই জ্বলি থকা জুইকুৰা আদি প্ৰতীকৰ জৰিয়তে প্ৰচলিত সমাজ ব্যৱস্থাকেই ভেঙুচালি কৰিছে। নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত আজিও প্ৰথমাৱস্থাতে আন্দোলন, ধৰ্ণা আদি কৰা হয় যদিও পিছলৈ সকলো তল পৰে,দোষী পলাই সাৰে। নিৰ্যাতিতাগৰাকীয়েহে সমাজত লেই লেই-ছেই ছেই পাব লগীয়া হয়।
হাবিতলীয়া বাট এটাৰ
লঠঙা ডালত
ৰূৰুৱাই জ্বলি থকা জুইকুৰা
হঠাৎ নুমাল
সুৰুঙাৰে সৰকি গল ৰাং-কুকুৰ এপাল ৷
কবি নৱাকাশৰ 'বৰষুণ আহিছে' এটি নৰ-নাৰীৰ প্ৰেম বিষয়ক কবিতা। ৰোমাণ্টিক ভাৱোচ্ছাসেৰে পৰিপূৰ্ণ কবিতাটিত কবিয়ে তেওঁৰ প্ৰেয়সীক কিনকিনিয়া বৰষুণত কবিৰ সৈতে ভিজিবলৈ আহ্বান জনাইছে।
বৰষুণ আহিছে
কিনকিনিয়া
তুমি ছাতি অনা নাই
বলানা ভিজো
নিশাৰ বৰষুণত হেঁপাহ পলুৱাই তিতিবলৈ ইচ্ছা প্ৰকাশ কৰা কবিৰ প্ৰেয়সীয়ে ছাতিৰ প্ৰয়োজনীয়তাক নস্যাৎ কৰিছে। ছাতি কেৱল দিনৰ লোকচক্ষুৰ ৰ'দৰ পৰা শৰীৰক ঢাকি ৰখাৰ সম্বল মাথো, নিশাৰ আন্ধাৰত বৰষুণত আপোন প্ৰেমিকৰ সৈতে তিতিবলৈ ছাতিৰ প্ৰয়োজন নাই। কবিতাটিত আধুনিক নৰ-নাৰীৰ সম্পৰ্কত বিশ্বাসৰ বান্ধোন দৃঢ়, এই দৃঢ়তা অধিক গাঢ় কৰি তুলিবলৈকে নিশাৰ আন্ধাৰত ছাতিৰ অপ্ৰয়োজনীয়তাৰ কথা ব্যক্ত কৰা হৈছে।
তুমি ক'লা
এতিয়া ৰাতি
ছাতিৰ প্ৰয়োজনেই বা কি
.
.
.
এতিয়াও বৰষুণ দিয়েই আছে
মোৰো চাতি নাই
আজি অকলেই ভিজিম তোমাৰ স'তে আন্ধাৰত
মূলত: নৰ নাৰীৰ নিভাঁজ প্ৰেমৰ চিত্ৰৰে কবিৰ 'বৰষুণ আহিছে' শীৰ্ষক কবিতাটিৰ বিষয়বস্তু উন্মোচিত হৈছে।
কবি দীপ্তি দেউৰী বৰাৰ 'কথাবোৰ কাক ক'' শীৰ্ষক কবিতাটি এটি ভাৱগধূৰ কবিতা। আধুনিক অৱক্ষয়িত সমাজৰ কেতবোৰ চিন্তনীয় কথাই কবিক জুৰুলা কৰিছে, কবি আধুনিক জীৱন শৈলীত খাপ খাব নোৱাৰি বোবা বেদনাত হাহাকাৰ কৰি উঠিছে।
বিঘা মাটি কঠা হ'
গছবোৰ ক'ত ৰুম পিতাই..
নদীৰ বালিতো হেনো আমাৰ অধিকাৰ নাই
অধিকাৰৰ কথা ক'লে ৰোষত পৰা যায়
মোৰ সৰু চহৰখনত চকু ফুৰালো কেইজন খেতিয়ক আছে
চালানী বস্তুৰে মানুহে বৰঘৰ সজায়
বিঘা মাটি কঠা হ'ল পিতাই
গছবোৰ ৰুবলৈ ঠাই পোৱা নাই...
গ্ৰাম্য জীৱন শৈলী আৰু চহৰীয়া জীৱন শৈলীৰ দ্বন্দ্ব কবিতাটোত সুন্দৰ ৰূপত প্ৰকাশিত হৈছে । কেইটামান বিশেষ বাক্যই এই দ্বন্দ্বক সাকাৰ হোৱাত ইন্ধন যোগাইছে;
দুখত উঠা মানুহে সপোনবোৰ নদীত উটায়
পানীত বুৰ মাৰি ধান কটা গাওঁৰ ডেকাই
সপোনবোৰ চহৰলৈ কঢ়িয়াই
"
হোলচেল " ,"ৰিটেইল " সিহঁতে চিনি নাপায়
চহৰৰ ৰঙা-নীলা এমুঠি সূতা
গাৱঁৰ শালত সজায়
শ্ব ৰুমত দৰদাম হয় তৰাফুল বচাঁ কোনো চাদৰ মেখেলাৰ
আধুনিক সমাজ জীৱনৰ সোঁতত উটি যাব নোৱাৰাৰ বাবেই কবিৰ কবিতাত চহৰীয়া , মহানাগৰিক জীৱনৰ প্ৰতি অনীহা প্ৰকাশৰ লগতে ক্ষোভ, তাচ্ছিল্য প্ৰকাশিত হৈছে।
দামী টায়েলচৰ বুকুত সাচঁতীয়া ধনবোৰ সোমায় ...
বতাহজাক বৰ গৰম পিতাই
কেনেকৈ ল'ৰাহঁতে আকাশ চায়
মাটিবোৰ বেচিলি
দালান সাজিলি
'ৰাহঁতে বোকামাটিৰ গোন্ধ পোৱা নাই
গুগুলত জীৱন নিবিচাৰি কি কৰিব পিতাই
খেতিয়ক হোৱাৰ সপোন দেখে জানো কোনোবাই
সামগ্ৰিকভাৱে চালে কবিতাটিত গ্ৰাম্য জীৱনশৈলীৰ পৰিৱৰ্তনেই মূল বক্তব্য। এই বক্তব্য উপস্থাপনৰ মাজেৰে কবিয়ে আধুনিক অৱক্ষয়িত সমাজৰ কেতবোৰ দিশ উন্মোচন কৰিছে।
উপসংহাৰ :
…………………
অসমীয়া কবিতাৰ গৌৰৱময় ইতিহাস পৰ্যবেক্ষণ কৰিলে দেখা যায় যে সময়ৰ পৰিবৰ্তনৰ লগে লগে অসমীয়া কবিতাই নতুন নতুন ধাৰা ,শৈলী পৰিগ্ৰহ কৰি আহিছে,কিন্তু নিৰ্বাচিত কবিতা কেইটাত নতুন ধাৰা বা শৈলী চকুত পৰা নাই, সি যি কি নহওক,নতুন শৈলী, ধাৰাৰ উন্মোচন হোৱা নাই যদিও কবিতাকেইটা পৃথক পৃথক ভাৱ আৰু ৰুচিৰে সম্পৃক্ত হৈ আছে। আখৰুৱাৰ জৰিয়তে আৰম্ভ হোৱা এই কাব্য আন্দোলনে নিশ্চয়কৈ অসমীয়া কবিতাৰ ইতিহাসত বৰঙনি যোগাব।
ধন্যবাদেৰে
যুগল কিশোৰ নাথ
পৰ্যালোচক
………………………………………………………
ব্যৱস্থাপকৰ মন্তব্য :
১)"পুনৰীক্ষণ"ত সামৰি লোৱা কবিতাত বা পৰ্যালোচনাত থাকিব পৰা ভুল বানানসমূহ কোনো সদস্যৰ দৃষ্টিগোচৰ হ'লে মন্তব্যত মুকলিকৈ জনাই যেন ৷
২)আখৰুৱাৰ পুনৰীক্ষণৰ মান সম্বন্ধে গোটৰ সদস্যসকলে গঠণমূলক মতামত,পৰামৰ্শ জনালে আমি আনন্দিত হ'ম ৷ আনকি আমাৰ প্ৰয়াসত অসন্তুষ্টি থাকিলেও অৱগত কৰে যেন ৷
৩)এইবাৰৰ পুনৰীক্ষণত সন্নিবিষ্ট কবিতা আৰু কবিসকল ক্ৰমে
ক)উইল চিদ্দিকুৰ ৰহমান - আইজনীৰ গাত লেঠা
খ)নৱাকাশ - বৰষুণ আহিছে
গ)দিপ্তী দেউৰী বৰা - কথাবোৰ কাক ক'
৪)উল্লেখ্য যে পৰ্যালোচকে মূল কবিতাত থকা বানানৰ ভুলবোৰ আঙুলিয়াই দিছে আৰু তালৈ কবিসকলৰ সঁহাৰি বিচাৰিলোঁ ৷
শেষত ক'ব বিচাৰিছোঁ যে পুনৰীক্ষণ শিতানটো অধিক ক্ৰিয়াশীল বা উন্নতমানৰ হৈ উঠাৰ লক্ষ্যত উল্লিখিত কবিসকলে তথা পাঠকসকলে পৰ্যালোচনাটোৰ বিষয়ে তেখেতসকলৰ মতামত মুকলি ভাৱে জনাই যেন ৷
ধন্যবাদেৰে
জোনমনি গগৈ
প্ৰশান্ত শৰ্মা
ব্যৱস্থাপক,পুনৰীক্ষণ শিতান
আখৰুৱা: literati
২৯ মে ২০১৭

No comments:

Post a Comment