Monday, 15 May 2017

দিৱস উদযাপন -নিৰুপমা ডেকা




 দিৱস উদযাপন

মনালী মাৰ বাবে গৰম পানী অকণ কৰাচোন | ওৰে ৰাতি জ্বৰত তগবগাই আছে | শেষ ৰাতিহে অকণ শুইছে | মোৰো টোপনি ক্ষতি | দেৰিকৈ চকু লাগিল যে সাৰ পাওঁতে দেৰি হ'| এতিয়া অফিচলৈও যাবলৈ হ'| তুমি মাক হাত মুখ ধোৱা পানী অকণ তপতাই দি কোমলকৈ ভাত অলপ সিজাই খুৱাই দিবা হা |
মনালীয়ে পাগঘৰত বাচন বৰ্তনবোৰ থনথনাই কৈ উঠিল --'বেলেগে আৰু ভাত সিজাই থাকিবলৈ মোৰ সময় নাই | আজি ' মাদাৰ্চ ডে' ' চেলিব্ৰেচনৰ বাবে আমাৰ এন জি অ' টোৰ সদস্যবোৰ এখন বৃদ্ধাশ্ৰমলৈ যাব অৱহেলিত মাতৃসকলৰ কাষলৈ | ৰমলা আহিবলৈ হৈছে | তাই কে কৈ থৈ যাবা তোমাৰ মাৰাৰ আলপৈচান ধৰিবলৈ | মোক বান্দী কৰি অনা নাই নহয়, নিজৰ কাম এৰি বুঢ়ীৰ আলপৈচান ধৰি থাকিবলৈ |'
:-নিৰুপমা ডেকা

No comments:

Post a Comment