Sunday, 14 May 2017

মগ্ন উশাহ (১১)



মগ্ন উশাহ (১১)
হৃদয় কাৰেঙত এগচি চাকি জ্বলাছিলো সদায়
শান্তিৰ জিৰণি সপোন এমুঠি নিচেই কাষেৰে ডিঙা বাই যায়
আলফুলে জুখি দিনভৰৰ স্মৃতি
গভীৰত নিমগ্ন হোৱা চকুযুৰি
সন্ধ্যালগ্ন উমান পায় উতলা যেন ফাগুন
একেচিত্তে একেথিৰে চাই ৰৈ গলো ঢিমিকি পোহৰে দেহ-মন ৷৷
অংকুৰ শইকীয়া ৷

No comments:

Post a Comment