Saturday, 20 May 2017

আঁচলණ বন্দিতা গগৈ বৰা



আঁচল


পুৱা কামলৈ যোৱাৰ আগতে মাকে যতাই দিয়া ভাতকেইটা নাকেকাণে গুজি ,মুখখন মাকৰ চাদৰৰ আঁচলখনত সদায় মুচাৰ দৰে মুচিবলৈ টানি লওঁতেই সি দেখিলে মাকে পুৰণি ফিচিকি যোৱা চাদৰ খনকে পিন্ধিছে । পেটেপেটে অলপ খং উঠিল তাৰ ।ইচ্ছা কৰিয়েই মুখখন মুচি ,হাতখন মুচাৰ চলেৰে চাদৰখন ফালি দিলে সি ।
"চেৰেক !" শব্দটোত তালৈকে তামোল কাটি থকা মাকজনী উচপ খাই উঠিল ,
"
হেৰ ,মৰাটো ,চাদৰখন ফালিলি কেলৈ ?"
"
তুমি এইখনকে কিয় পিন্ধি থাকা ,উৱলি গৈছেচোন । সেইদিনা আনি দিয়া নতুন চাদৰখন ক'লৈ গ'?"
মাকে আগবঢ়াই দিয়া তামোলখন মুখত ভৰাই অলপ উষ্মাৰেই সি কৈ দিলে ।
"ৰহচোন এইখন পেলাই দিব লগাহোৱা নাই নহয় , নতুনখন কাইলৈ গাওঁবুঢ়াৰ নাতিনীয়েকৰ বিয়াত তামোল কাটিবলৈ যাওঁতে পিন্ধিম আকৌ । "
"
সেইখনকে আজিৰপৰা ঘৰত পিন্ধিবা ,মই বেলেগ এখন আজি লৈ আহিম দিয়া ।''
"
ৰহচোন ৰ ,বেলেগ কিনি কেলেই পইছা কেইটা পানীত পেলাব লাগে । এইখন চিলাই ললেই মোৰ আৰু অলপ দিন কামত আহিব। লগৰ ল'ৰা বিয়াবাৰু পাতি ল'ৰা-ছোৱালীৰ বাপেক হ'লহি ,হেৰ এপইচা -দুপইছা গোটাই নিজৰ বিয়াখনৰ কথা ভাব অ বোপাই ।মৰাৰ আগতে নাতি -নাতিনী কিবা এটাৰ মুখখন চাবলৈ বৰ মন গৈছে অ ।" মাকৰ কথাকেইটা আৰু কৈ থাকোতে মাকৰ চকুত ফুটি উঠা আশাখিনি বুকুত সামৰি সি চাইকেলখনত উঠি তাৰ কামৰ জেগালৈ ৰাওনা হ'ল ।

কবি:-
ন্দিতা গগৈ বৰা

No comments:

Post a Comment