হীৰু দাৰ কবিতা, ছোচেল মেডীয়া আৰু
কিছু অনুষাংগীক কথা
বিংশ শতিকাৰ
ষষ্টদশকৰ পৰা সাম্প্ৰতিক সময়লৈকে জীৱন, মৃত্যু, প্ৰেম, বিদ্ৰোহী চেতনা, সৌন্দৰ্য আৰু স্বদেশ প্ৰীতিৰ লগতে সমসাময়িক সমাজ ব্যৱস্থাক লৈ কবিতা ৰচনা কৰা কবি হীৰেন ভট্টাচাৰ্য অসমীয়া কাব্য জগতৰ এক জাকত জিলিকা নাম। পাঠকক আকৰ্ষণ কৰা তথা পাঠকৰ হৃদয়ত কবিতাৰে দাগ কাটিবলৈ সক্ষম হোৱা হীৰেন ভট্টাচাৰ্য এই সময়ছোৱাৰ আটাইতকৈ জনপ্ৰিয় কবি বুলি ক’লে অতিৰঞ্জিত কৰা নহ’ব। অথচ সমালোচক সকলৰ মতে, “তেওঁৰ দেশপ্ৰেম
কবিতাবোৰ নিস্তেজ আৰু Second hand যেন লাগে, তেওঁৰ প্ৰেমৰ কবিতাবোৰ অতি পুৰণি আচাৰৰ দৰে বিস্বাদ।” তেন্তে তেওঁ কেনেদৰে তেওঁৰ সমসাময়িক কবি সকলৰ তুলনাত অধিক পাঠকক আকৰ্ষণ কৰিবলৈ সক্ষম হ’ল? আজিও তেওঁৰ অনুৰাগীৰ সংখ্যা সীমাহীন কিয়? নে পাঠকসকলে কবিতা
ৰসাস্বাদ কৰিব নাজানে যাৰ বাবে নিস্তেজ আৰু বিস্বাদ কবিতাসমূহকে ভাল
কবিতা বুলি গ্ৰহণ কৰিছে?
আধুনিক কবিতাৰ লক্ষণসমূহ যেনে-প্ৰতীকধৰ্মী শব্দৰ প্ৰয়োগ, অসংলগ্ন যেন লগা ভাষাৰ প্ৰয়োগ, চলচ্চিত্ৰধৰ্মী
কলা-কৌশল, অতিকথাৰ প্ৰয়ো়গ, ব্যৱহাৰিক একাধিক চিত্ৰকল্পৰ অসংলগ্নতা, ছন্দৰ শিকলি ছিঙা
ৰূপ ইত্যাদি অন্য কবিসকলৰ দৰে হীৰেন ভট্টাচাৰ্যৰ কবিতাটো বিচাৰি পোৱা যায়। তেন্তে তেওঁৰ কবিতাত
এনে কি উপাদান আছে যিয়ে পাঠকক চম্বুকৰ দৰে আকৰ্ষণ কৰে?
হীৰেন ভট্টাচাৰ্যৰ কবিতাসমূহ গভীৰভাবে অধ্যন কৰিলে আমি দেখিবলৈ পাওঁ বিষয়ানুগত ভাষাৰ ব্যৱহাৰ। তেওঁ ভাষা ব্যৱহাৰত ইমানেই সচেতেন আছিল যে, কোনটো শব্দৰ লগত কোনটো শব্দ ব্যৱহাৰ কৰিলে ভাৱবস্তু স্পষ্ট হোৱাৰ লগতে কাব্যিক সৌন্দৰ্য অটুত থাকিব এই কথা ভালকৈ জানিছিল। যাৰফলত তেওঁৰ কবিতাত শব্দৰ অৰ্থ বিচাৰি হাবাথুৰি খাব লগা নহয় আৰু তেওঁৰ কবিতা ৰসাস্বাদত কোনো জটিলতা নাই। দ্বিতীয়তে, শব্দ ব্যৱহাৰত মিতব্যয়িতা। কম কথাতে বহু কথা বুজাব পৰা
ক্ষমতা তেওঁৰ কবিতাসমূহে বহন কৰে। যিয়ে পাঠকৰ আগত দাঙি ধৰে এখন
অন্য জগত, য’ত বিচৰণ কৰি পাঠকসকলে লাভ কৰিবলৈ সক্ষম হয় অনাবিল আনন্দ।
তেওঁৰ কবিতাৰ ভাষাই হৃদয়ক খুন্দিয়াই যোৱাৰ লগতে বুদ্ধিক আলোড়িত কৰে।
উল্লেখযোগ্য যে হৃদয়ক স্পৰ্শ কৰি বুদ্ধিক আলোড়িত কৰিব পৰা কবিতাসমূহেই হৈছে সফল
কবিতা। তদুপৰি তেওঁ আছিল মানুহৰ কবি। কোনো স্থান, কাল, যুগৰ কবি নহয়। যাৰ
বাবে তেওঁৰ কবিতাই স্থান-কাল-দেশৰ পৰিধি ভেদী পৰিভ্ৰমণ কৰিবলৈ সক্ষম
হৈছে।
‘জোনাকী’ আলোচনীৰ প্ৰস্তৱনা সংখ্যাত চন্দ্ৰকুমাৰ আগৰৱলাই আত্মকথাত উল্লেখ কৰিছিল, “এই পাছ পৰি থকা আন্ধাৰ দেশলৈ অলপ জোনাক সুমুৱাব নোৱাৰিলেও, যদি নিজে নিজৰ যত্নৰ ফিৰিঙ্গতিৰ পোহৰত বাট পাওঁ-তেনে আমাৰ শক্তিৰ মিছা ব্যয় হোৱা নাই বুলি ভাবিম।” কিন্তু এতিয়া সেই আন্ধাৰৰ দেশ হৈ থকা নাই। শিক্ষা
আৰু সাহিত্যৰ পোহৰে চাৰিওফালে আলোকিত। অসংখ্য কাতত-আলোচনীয়ে এই
পোহৰত ইন্ধন যোগাইছে। তদুপৰি ইন্টাৰনেট আৰু ছোচেল মেডীয়াই এই ক্ষেত্ৰত এক
বিপ্লৱৰ সূচনা কৰিছে। এতিয়া সাহিত্য অনুশীলনৰ এক সোণালী যুগ বুলি ক’লে ভুল কোৱা নহ’ব। কিয়নো ছোচেল
ছাইড সমূহত ব্যক্তি বিশেষৰ অনুভৱসমূহ সাহিত্যৰ বিভিন্ন ধাৰাত কোনো বাধা নোহোৱাকৈ
ব্যক্ত কৰিবলৈ সক্ষম হৈছে আৰু পাঠকসকলৰ পোনপটীয়া সহাৰিৰ জৰিয়তে মূল্যায়ন কৰিবলৈ
সক্ষম হৈছে। সকলো বস্তুৰে ভাল-বেয়া দুটা দিশ থকাৰ দৰে এই ক্ষেত্ৰতো
সমস্যাই গা কৰি নুঠাকৈ থকা নাই। বহু সময়ত দেখা যায় পাঠকসকলে কবিতা বা অন্য
লিখাসমূহেই হওক ভালদৰে বুজি নুঠাকৈয়ে ওপৰতে ‘ভাল হৈছে’ এনে ধৰণৰ মতামত প্ৰদান কৰে। যাৰফলত সেই বিশেষ লিখাটো প্ৰকৃত মূল্যায়ন নোহোৱাকৈয়ে ৰৈ যায়। যিয়ে লেখেকজনৰ ধ্বংসৰ পথ মুকলি কৰি দিয়াৰ লগতে সাহিত্যৰ পথাৰখনতো অপতৃণ সৃষ্টিৰ অৰিহণা যোগায়। ইয়াৰ উপৰি বহু সময়ত দেখা যায় যে ভুলসমূহ দেখুৱাই দিলেও লেখকসকলে সেই ভুলসমূহ মানি ল’বলৈ টান পায়। যি সাহিত্য জগতখনৰ বাবে অতি বিপদজনক।
আপোনাসবে হয়তো
ইতিমধ্য ভাৱিবলৈ লৈছে হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ লগত ছোচেল মেডীয়াৰ
সম্পৰ্ক কি? সম্পৰ্ক আছে। যিসকল লেখক-লেখিকাই ছোচেল মেডীয়াত সাহিত্য অনুশীলন কৰিছে তেওঁলোকে বিশ্বৰ বিভিন্ন দেশৰ বিভিন্ন যুগৰ শ্ৰেষ্ঠ আৰু জনপ্ৰিয় লেখকসকলৰ ৰচনাৰাজি অধ্যয়ন কৰা উচিত। তেওঁলোকৰ ৰচনাৰাজিৰ কোনবোৰ দিশে তেওঁলোকৰ সমসাময়িক লেখকসকলতকৈ শ্ৰেষ্ঠ আৰু জনপ্ৰিয় হিচাপে প্ৰতিষ্ঠিত কৰিলে সেইবোৰ দিশ অধ্যয়ন কৰি নিজেও তেনে কৌশল সৃষ্টি কৰিবলৈ যত্ন কৰা উচিত। তেতিয়াহে ভাল সাহিত্যৰ জন্ম হ’ব। তাৰ বাবে
পাঠকসকলৰ লগতে লেখকসকলেও প্ৰথমতে ভাল পাঠক হ’ব লাগিব।
পৰিশেষত, “কবি মই নাছিলো
কোনোকালে” হীৰেন ভট্টাচাৰ্যৰ এই কবিতা শাৰী দোহাৰি আহঁক আমি সকলোৱে প্ৰথমতে ভাল পাঠক হওঁ আৰু সৃষ্টিৰ পথাৰখনক আগবঢ়াই লৈ যাওঁ।
কবি:-
ණ ৰঞ্জন বৰ্মন ।
No comments:
Post a Comment