ধুনীয়া ছোৱালীবোৰ
ধুনীয়া ছোৱালীবোৰ
ৰাতি আকাশৰ তৰাফুলৰ দৰে
ধুনীয়া ছোৱালীবোৰৰ সৌন্দৰ্যত
জীপাল হৈ পৰে
মৃত্যুৰ ক্ষণগনা শুকান মৰুভূমি
ধুনীয়া ছোৱালীবোৰৰ সৌন্দৰ্যত
জীপাল হৈ পৰে
মৃত্যুৰ ক্ষণগনা শুকান মৰুভূমি
ধুনীয়া ছোৱালীবোৰে
ৰাজপথেৰে খোজ কাঢ়ি গ’লে
শতিকাৰ টোপনি ভাঙি উঠি বহে নগৰ
শতিকাৰ টোপনি ভাঙি উঠি বহে নগৰ
ধুনীয়া ছোৱালীবোৰে
কথা ক’লে
মুকুতা সৰে
যেন জোনাকী পৰুৱা এজনী সিহঁতৰ ওঁঠত বহি থাকে
মুকুতা সৰে
যেন জোনাকী পৰুৱা এজনী সিহঁতৰ ওঁঠত বহি থাকে
ধুনীয়া ছোৱালীবোৰে
ঘৰৰ চাদত বহি চুলি শুকালে
মাতাল হৈ পৰে বতাহ
আৰু সিহঁতৰ মেঘালী চুলিৰ অৰণ্যত বাহ বান্ধিব খোজে নিলাজ ফাগুনে
মাতাল হৈ পৰে বতাহ
আৰু সিহঁতৰ মেঘালী চুলিৰ অৰণ্যত বাহ বান্ধিব খোজে নিলাজ ফাগুনে
ধুনীয়া ছোৱালীবোৰে
গান ভাল পায়
ভাল পায় কবিতা
আৰু সিহঁতৰ বাবেই কবিবোৰে
টোপনি খতি কৰি ৰাতি ৰাতি লিখে প্ৰেমৰ মালিতা
ভাল পায় কবিতা
আৰু সিহঁতৰ বাবেই কবিবোৰে
টোপনি খতি কৰি ৰাতি ৰাতি লিখে প্ৰেমৰ মালিতা
ধুনীয়া ছোৱালীবোৰে
সাগৰ ভাল পায়
ভাল পায় নদী
সিহঁতে বৈ যাব খোজে নদীৰ দৰে
সিহঁতে বেয়া পাই একুৰিয়ামৰ বন্ধ পানীৰ জীৱন
ভাল পায় নদী
সিহঁতে বৈ যাব খোজে নদীৰ দৰে
সিহঁতে বেয়া পাই একুৰিয়ামৰ বন্ধ পানীৰ জীৱন
ধুনীয়া ছোৱালীবোৰৰ
হৃদয়
বৰ ঠুনুকা
অকণমান আঘাত পালেই ভাঙি যায় কাচৰ দৰে
বৰ ঠুনুকা
অকণমান আঘাত পালেই ভাঙি যায় কাচৰ দৰে
ধুনীয়া ছোৱালীবোৰক
বুকুভৰি ভাল পায় বাবেই
ভুল কৰে প্ৰেমিকবোৰে
মনবোৰ নুবুজাকৈয়ে ফ’ট’ ফ্ৰেমত বন্দী কৰে সিহঁতৰ স্বাধীনতা
ভুল কৰে প্ৰেমিকবোৰে
মনবোৰ নুবুজাকৈয়ে ফ’ট’ ফ্ৰেমত বন্দী কৰে সিহঁতৰ স্বাধীনতা
যদিও ধুনীয়া
ছোৱালীবোৰে বুকুত বৈ ফুৰে বিষাদৰ পাহাৰ
কিন্তু সিহঁতে কেতিয়াও হাঁহিব নাপাহৰে
কাৰণ সিহঁতে জানে
সিহঁতে হাঁহিব এৰিলেই স্থবিৰ হৈ পৰিব পৃথিবী
কিন্তু সিহঁতে কেতিয়াও হাঁহিব নাপাহৰে
কাৰণ সিহঁতে জানে
সিহঁতে হাঁহিব এৰিলেই স্থবিৰ হৈ পৰিব পৃথিবী
কবি:-
ණ ৰঞ্জন বৰ্মন ।
No comments:
Post a Comment